ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
14,258 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
[[চিত্ৰ:Females of northern Afghanistan.jpg|thumb|ভাষা]]
মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
'ভাষা'শব্দটি সংস্কৃতৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে।'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।"<ref>{{cite book|title="ভাষা-বিজ্ঞান"|author=ডক্তৰ উপেন্দ্ৰ নাথ গোস্বামী"|year 2015|pages=১৫}}</ref> <ref>{{cite book|title="ভাষা-বিজ্ঞান" উপক্ৰমণিকা|author=ডক্তৰ অপৰ্ণা কোঁৱৰ |year২০১৫|pages=৩}}</ref> আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech' অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা'শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য ।<ref>{{cite book|title=ভাষাবিজ্ঞান উপক্ৰমণিকা|author=ডক্তৰ অপৰ্ণা কোঁৱৰ |year২০১৫|pages=৩}}</ref> মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে ।
 
==ভাষা সৃষ্টি আৰু ইয়াৰ অৰিহণা যোগোৱা উপাদান==
জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত মানুহৰ অন্ত:জগত আৰু বহি:জগতত অহৰ্নিশে চলি থকা ভাৱ-চিন্তা বা অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগিন্দ্ৰীয়ৰ জৰিয়তে উচ্চাৰণ কৰা কিছুমান ধ্বনি প্ৰতীকৰ সহায় লয়। এই ধ্বনি প্ৰতীকৰ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূ্ৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। [[ধ্বনিতত্ব]] আৰু [[ভাষাবিজ্ঞান]]ত এই ধ্বনিসমূহৰ বিষয়ে আলোচনা কৰা হয়।
ভাষা সৃষ্টিত ''''চাৰিটা''''উপাদানে সহায় কৰে। সেইকেইটা হ'ল --আত্মা,বুদ্ধি, মন আৰু বায়ু।
ভাষাৰ সৃষ্টিৰ বাবে প্ৰথমে প্ৰথমে চেতনাৰ প্ৰয়োজন।অচেতন বস্তুৱে একো নুবুজে আৰু একো ক'বও নোৱাৰে । দ্বিতীয়তে প্ৰয়োজন হয় বুদ্ধি । চেতনা,বুদ্ধি থাকিলেও যদি ক'বলৈ ইচ্ছা নাথাকে,তেন্তে ভাষা সৃষ্টি নহয় । আনহাতে,কথা ক'বলৈ ইচ্ছা কৰিলেও ভিতৰৰৰ শ্বাস-বায়ুক বাহিৰলৈ ওলাবলৈ নিদিলে ধ্বনি উৎপন্ন নহয় ।ধ্বনি উৎপন্ন নহ'লে ধ্বনি আৰু ধ্বনি সংযোগৰ ফলত মনোভাৱ ব্যক্ত নহয় । গতিকে স্পষ্টভাৱে ক'ব পাৰি যে ভাষা সৃষ্টিৰ বাবে আত্মা,বুদ্ধি,মন আৰু বায়ুৰ নিতান্ত আৱশ্যক । এই চাৰিটা উপাদানৰে সমৃদ্ধ একমাত্ৰ জীৱ হৈছে মানুহ ।সেইবাবেই মানুহ বাক্-অধিকাৰী ।
 
== ভাষাৰ সংজ্ঞা==
 
সৰ্বসন্মত এটি সংজ্ঞা ভাষাৰ ওপৰত পোৱা নাযায় । ভাষাৰ কামলৈ লক্ষ্য কৰি ভাষাবিজ্ঞানী, দাৰ্শিনক, সমালোচক তথা লেখকসকলে ভিন্ন ভিন্ন ধৰণে ভাষাৰ সম্পৰ্কে সংজ্ঞা আগবঢ়াইছে । তাৰে কিছুমান লোকৰ সংজ্ঞা তলত উদ্ধৃত কৰা হ'ল----
 
* ষ্টুৰ্টেভাণ্টৰ মতে,"ভাষা হ'ল যাদৃচ্ছিক বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি,যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।"<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year২০১৬|pages=১১}}</ref>
 
* হেনৰী লী স্মিথৰ মতে,"ভাষা হ'ল আয়ত্ব কৰা,পাৰস্পৰিক আৰু যাদৃচ্ছিক আৰু ধ্বনি প্ৰতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা সম্প্ৰদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিৰ্বাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে ।"<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year২০১৬|pages=১১}}</ref>
 
* ব্লুছ আৰু ট্ৰেগাৰৰ মতে," সমাজত বাস কৰা কোনো জনসমষ্টিয়ে পৰস্পৰৰ মাজত যোগাযোগ স্থাপনৰ কাৰণে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰা যাদৃচ্ছিক মৌখিক ধ্বনি গুচ্ছই হৈছে ভাষা ।"<ref>{{cite book|title="ভাষাবিজ্ঞান উপক্ৰমণিকা"|author=ডক্তৰ অপৰ্ণা কোঁৱৰ|year2015|pages=৭}}</ref><ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|লেখক=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year 2016|pages=১১}}</ref>
 
* নৰ্মান এ.মেককুৱনৰ মতে,"ভাষা হ'ল প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্ৰিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একিভূত কৰে ।ভাষাই প্ৰধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি,উৎকৰ্ষিত আচৰণ আদি সতি-সন্ততিলৈ বিস্তৃত কৰায় আৰু লগৰীয়াবোৰক সেই সংস্কৃতিৰ অংশীদাৰ-ভাগী হৈ তেওঁৰে সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে ।"<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year2016|pages=১১}}</ref>
 
*এৰিষ্টলৰ মতে,"ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে ।"<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year2016|pages=১১}}</ref><ref>{{cite book|title="ভাষাবিজ্ঞান উপক্ৰমণিকা"|author=ডক্তৰ অপৰ্ণা কোঁৱৰ|year2015|pages=৭}}</ref>
 
* ছাপিৰৰ মতে," ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহিভূৰ্ত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়ত ভাৱ,অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।"
<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year2016|pages=১১}}</ref><ref>{{cite book|title="ভাষাবিজ্ঞান উপক্ৰমণিকা"|author=ডক্তৰ অপৰ্ণা কোঁৱৰ|year2015|pages=৭}}</ref>
* ৰবিন্সৰ মতে," ভাষা মূলতঃ যাদৃচ্ছিক ধ্বনি প্ৰতীকৰ এটা পদ্ধতি । বক্তৃতাই আৱশ্যক অনুযায়ী আৰু অৱস্থানভেদে ইয়াক সংশোধন কৰিব পৰে।"<ref>{{cite book|title="ভাষাবিজ্ঞান উপক্ৰমণিকা"|author=ডক্তৰ অপৰ্ণা কোঁৱৰ|year2015|page=৭}}</ref>
 
* এনচাইক্ল'পেডিয়া ব্ৰিটেনিকাৰ অনুসৰি--ভাষা হৈছে কথিত বা লিখিত ৰূপত পৰস্পৰ যোগসূত্ৰ স্থাপন কৰিব পৰা এটা পদ্ধতি । যাৰ দ্বাৰা এখন সমাজৰ মানুহে আৰু অংশগ্ৰহণকাৰীসকলে সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে ।"<ref>{{cite book|title="ভাষাবিজ্ঞান উপক্ৰমণিকা"|author=ডক্তৰ অপৰ্ণা কোঁৱৰ|year2015|pages=৭}}</ref>
 
* ডক্তৰ উপেন্দ্ৰনাথ গোস্বামীৰ মতে," কোনো জন-সমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগীতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা ।"<ref>{{cite book|title="ভাষা-বিজ্ঞান"|author=ডক্তৰ উপেন্দ্ৰ নাথ গোস্বামী|year2015|pages=১৩}}</ref><ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year 2016|pages=১১}}</ref>
 
* পতঞ্জলিৰ মতে," মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।"<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author=সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ|year2016|pages=১১}}</ref>
<ref>{{cite book|title="ভাষাবিজ্ঞান উপক্ৰমণিকা"|year 2015|author=ডক্তৰ অপৰ্ণা কোঁৱৰ|pages=৭}}</ref>
 
* গোলকচন্দ্ৰ গোস্বামীৰ মতে," ভাষা মানুহৰ মনৰ ভাৱ আদান-প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰীয়ৰে উচ্চাৰণ কৰা সু-সংগঠিত,সু-পৰিকল্পিত ধন্যাত্মক সংকেত বিশেষ । মানুহৰ মনৰ ভাৱ আৰু চিন্তাৰ শ্ৰুয়মান প্ৰতীকেই ভাষা।"<ref>{{cite book|title="ভাষাবিজ্ঞানৰ পৰিচয়"|author="সম্পাদনা -ডক্তৰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ"|year 2016|pages=১১}}</ref>
 
 
ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে - মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত,সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি,যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায় ।
 
==ভাষাৰ বৈশিষ্ট্য==
       ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল -----

সা-সঁজুলি