মাইকেল ফেৰাডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
48 নং শাৰী: 48 নং শাৰী:
{{Wikiquote}}
{{Wikiquote}}


[[শ্ৰেণী:যুক্তৰাজ্যৰ ব্যক্তি]]
[[শ্ৰেণী: যুক্তৰাজ্যৰ ব্যক্তি]]
[[শ্ৰেণী:ৰসায়নবিদ]]
[[শ্ৰেণী: ৰসায়নবিদ]]
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞানী]]
[[শ্ৰেণী: পদাৰ্থ বিজ্ঞানী]]
[[শ্ৰেণী: মৃত ব্যক্তি]]
[[শ্ৰেণী: বৈদ্যুতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি]]

13:33, 13 August 2020ৰ সংস্কৰণ


মাইকেল ফেৰাডে

মাইকেল ফেৰাডে, ১৮৪২
জন্ম ইং ২২ ছেপ্তেম্বৰ,১৭৯১ খ্ৰীষ্টাব্দ
নিৱিংটন বাটচ্‌, ইংলেণ্ড
মৃত্যু ইং ২৫ আগষ্ট,১৮৬৭ খ্ৰীষ্টাব্দ
হেম্পণ্টন ক'ৰ্ট, মিডলচেক্স, ইংলেণ্ড
বাসস্থান United Kingdom
জাতীয়তা বৃটিছ
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান
কৰ্মস্থান Royal Institution
জনা যায় Faraday's law of induction
Electrochemistry
Faraday effect
Faraday cage
Faraday constant
Faraday cup
Faraday's laws of electrolysis
Faraday paradox
Faraday rotator
Faraday-efficiency effect
Faraday wave
Faraday wheel
Lines of force
প্ৰভাৱ Humphry Davy
William Thomas Brande
উল্লেখনীয় বঁটা Royal Medal (1835 & 1846)
Copley Medal (1832 & 1838)
Rumford Medal (1846)
স্বাক্ষৰ

মাইকেল ফেৰাডে (ইংৰাজী: Michael Faraday) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত বৃটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।

যদিও ফেৰাডেৰ আনুষ্ঠানিক শিক্ষা একেবাৰে কম আছিল, তেওঁ আটাইটকৈ প্ৰভাৱশালী বিজ্ঞানীবোৰৰ ভিতৰত এজন আছিল। একমুখী বিদ্যুত প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বক ক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই পদাৰ্থ বিজ্ঞানৰ বিদ্যুত চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেই চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল।[1][2] তেওঁৰ বিদ্যুত চুম্বকত্বৰ তত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰ বিলাক চলি আছে।

ৰসায়নবিদ হিচাপে তেও বেঞ্জিন আৱিষ্কাৰ কৰিছিল, ক্ল'ৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট(clathrate hydrate) বিষয়ে অধ্যয়ণ কৰিছিল,প্ৰাৰম্ভিক অৱস্থাৰ বুনচেন বাৰ্ণাৰ আৰু অক্সিডেচন নম্বৰ ব্যৱস্থাটো উদ্ভাৱন কৰিছিল। শেষত ফেৰাডেই ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ 'ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰী' আসনখন দখল কৰিবলৈ সক্ষম হৈছিল।

জেমচ্ ক্লাৰ্ক মেক্সৱেলৰ বিদ্যুত চুম্বকত্বৰ বিখ্যাত সমীকৰণ চাৰিটাৰ আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ফেৰাডে এজন অন্যতম সফল গৱেষণাবিদ আছিল যদিও তেওঁৰ গাণিতিক সামৰ্থ্য সাধাৰণ বীজগণিত আৰু ত্ৰিকোণমিতিতকৈ বেছি নাছিল। তথাপিও তেওঁ সহজ ভাষাত স্পষ্টকৈ তেওঁৰ ধাৰণাবোৰ বুজাব পাৰিছিল।

ধাৰকত্ব(Capacitance) ৰ এছ আই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে।

তথ্য উৎস

  1. Michael Faraday entry at the 1911 Encyclopaedia Britannica hosted by LovetoKnow Retrieved January 2007.
  2. "Archives Biographies: Michael Faraday", The Institution of Engineering and Technology.

বাহ্যিক সংযোগ