সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
25 নং শাৰী: 25 নং শাৰী:

১০. ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঠুৱা)
১০. ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঠুৱা)

১১. কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ? (বিড়ি)

১২. কি বস্তু কাটিলে দীঘল হয়? (নলা (drain))

১৩. চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)

১৪. এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল (কলাপাত)

১৫. হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)

১৬. ৰজাৰ লাঠি ঘন ঘন গাঠি (কুহিয়াঁৰ)

১৭. এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি (বিচনী)

১৮. এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি)

১৯. ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)

২০. আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ (কুহিঁয়াৰ)

২১. ওপজিয়ে লৰ মাৰে কোন ('জেঠী পোৱালি)

২২. ওপজিয়ে জপিয়ায় কোনে? (আখৈ)

২৩. এনু এনু এনু, ধৈইৰবান্নাই ঠেনু (ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত))

২৪. মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই (ৰেডিঅ')

২৫. উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্ (কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত))

২৬. কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল)

২৭. জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ? (নিমখ)

13:10, 16 August 2011ৰ সংস্কৰণ

সাঁথৰ - Assamese Riddle

সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক ৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকিয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয় ৷ সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায় ৷ সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷ ইয়াক ইংৰাজী ভাষাৰ Riddle -অৰ লগত তুলনা কৰিব পাৰি।

কেইটামান অসমীয়া সাঁথৰ

১. চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)

২. ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)

৩. টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)

৪. মাকে বৰশী বায়, পুতেকে সৰগ চায় (বাঁহ গছ আৰু বাঁহ গাজ)

৫. মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা? (জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক))

৬. টুপ টুপ টুপলি, সময় গ'ল উকলি"/"টুপ টুপ টুপলি পানী পালে মুকলি (জাল)

৭. বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে (দিয়াচলাই (জুইশলা))

৮. কাণত ধৰি নাকত বহে? (বিতচকু,চশমা)

৯. এজনী কলী গাই ঘাটে ঘাটে পানী খায়? (বৰশী)