গৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: 'গৰীয়া' এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্নধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ মূল অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নোলোৱা বা নুফুটা, বাদ পৰা,...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{wikify}}
'গৰীয়া' এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্নধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ মূল অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নোলোৱা বা নুফুটা, বাদ পৰা, আছুতীয়া আৰু অসমীয়া মুছলমান ইত্যাদি। গৰীয়া শব্দৰ অভিধানিক অৰ্থৰ সমৰ্থিত কিছুমান ব্যৱহাৰিক বাক্য অসমীয়া সমাজত সদা প্ৰচলিত হৈ আহিছে, যেনে গৰীয়া ধান কেইটা, পিঠাগুৰিৰ গৰীয়া, গৰীয়া পৰা ইত্যাদি। কালক্ৰমত এই গৰীয়া শব্দটো অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী হিচাপে পৰিচিত হৈ পৰিল। ১৩ শ শতিকাতে প্ৰথম গৰীয়া শব্দৰ প্ৰচলন হোৱাৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। টাই ৰাজকোঁৱৰ চাউলুং চ্যুকাফা যেতিয়া পাটকাই পৰ্বত পাৰ হৈ তাহানিৰ অসমৰ সৌমাৰপীঠত ভৰি থৈছিলহি, তেতিয়াই তেওঁ চেংচাই নামৰ গৰীয়া এজনক বাটত লগ পাই নিজৰ প্ৰশাসনৰ আওঁতাত থিতাপি দিছিলহি আৰু তেওঁৰ পৰিয়ালকে পাছলৈ বকতিয়াল বুলি জনা গৈছিল ৷ এই কথা হিতেশ্বৰ বৰবৰুৱা দেৱে লিখা “আহোমৰ দিন” নামৰ বুৰঞ্জীখনত উল্লেখ আছে ৷

04:01, 7 July 2021ৰ সংস্কৰণ

চেংচাই (গৰীয়া) তেতিয়া মুছলমান নাছিল ! তাহানিতে গৰীয়াসকল বিভিন্ন জনগোষ্ঠীৰে (যেনে- মৰাণ, মটক, বৰাহী, চুতীয়া, কোচ, আহোম, কছাৰী, মেছ আদি) লোক আছিল। প্ৰাচীনকালত সৌমাৰপীঠ বিভিন্ন জনজাতীয় লোকৰ বাসস্থান আছিল ৷ অসমত হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ সময়ত এই জনজাতীয় লোক সকলৰ মাজৰ চুতীয়াসকলে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু পাছলৈ লাহে লাহে আন জনগোষ্ঠীসমুহৰ মাজতো হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল। কিন্তু সেয়া হ'লেও তেতিয়া সেইসকলৰ মাজৰে, একোখন গাঁৱৰ কিছু মানুহে হিন্দু ধৰ্ম গ্ৰহণ নকৰি পূৰ্বৰ দৰে প্ৰকৃতিৰ উপাসনা কৰা স্থিতিতে থাকি গৈছিল, আৰু লাহে লাহে সেই মানুহসকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰাৰ কাৰণে নিজৰ সমাজখনতে এলাগী হ'বলৈ ধৰিলে, তেওঁলোকক মূল সমাজৰ পৰা এলাগী কৰিব ধৰিলে। ফলত তেওঁলোকে নিজৰ নিজৰ পূৰ্বৰ বাসস্থান এৰি সেই গাঁওসমূহৰ ওচৰতে অথবা নাতি দূৰৈত বসতি স্থাপন কৰি বসবাস কৰিবলৈ ল'লে। সেই মানুহখিনিক তেওঁলোকৰ পূৰ্বৰ গাঁৱৰ লোকসকলে গৰীয়া পৰা, এলাগী হোৱা লোক বুলি কৈছিল আৰু সেই 'গৰীয়া পৰা' শব্দৰ পৰা লাহে লাহে গৰীয়া শব্দৰ সৃষ্টি হ'ল, যি কালক্ৰমত এটা নিদিষ্ট জনগোষ্ঠীক বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলৈ ধৰিলে।

কিন্তু গৰীয়া মানে মুছলমান বা ইছলাম ধৰ্মৰ লোকক বুজোৱা হোৱা নাছিল। কাৰণ তেওঁলোক তেতিয়া হিন্দু গ্ৰহণ নকৰাৰ কাৰণে, আৰ্যকৰণত চামিল নোহোৱাৰ কাৰণেই সমাজৰ পৰা এলাগী হৈ, গৰীয়া পৰি গৰীয়াকৰণত জাহ গৈছিল। অৱশ্যে পিছত অসম ভূমিলৈ অহা ইছলাম ধৰ্মীয় ছুফী সাধকসকলৰ সান্নিধ্যত বিভিন্ন কাৰণত সেই গৰীয়া পৰা অসমীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ আজান ফকিৰ(ছাহ মিলান)য়ে প্ৰচাৰ কৰা ইছলামৰ বাণীত আকৰ্ষিত হৈও এক বুজন সংখ্যক গৰীয়া পৰা লোক ইছলামত দীক্ষিত হৈছিল। এইজনা আজান পীৰ চাহেবে অসমীয়া জিকিৰ আৰু জাৰি আদি ভক্তিমূলক গীতৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিলৈ অনৱদ্য অৱদান আগবঢ়াই থৈ গৈছে। সেয়ে আজিও অসমৰ গৰীয়া সমাজখনত আজান পীৰ চাহাবৰ ধৰ্মীয় সহনশীলতাৰ বাণীৰ চানেকি ভালকৈয়ে পৰিলক্ষিত হয়। আমি পৰৱৰ্তী সময়ত অসমীয়া সমাজ জীৱনৰ লগত আজান ফকীৰৰ সম্পৰ্কৰ বিষয়ে বিস্তৃতভাৱে তথ্যসমৃদ্ধ তথ্য আপোনাসৱৰ ওচৰত ডাঙি ধৰিম।

এনেকৈয়ে অসমত 'গৰীয়া পৰা' মানুহৰ পৰা খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া জনগোষ্ঠীৰ সৃৃষ্টি হয়। যদিওঁ তাহানিতে গৰীয়া মানেই ইছলাম ধৰ্মৰ নাছিল, কালক্ৰমত সকলো গৰীয়াই এতিয়া ইছলামত দীক্ষিত। এনকৈয়ে ছুফী সাধকসকলৰ সান্নিধ্যত, ধৰ্মীয় বাণীত আকৃষ্ট হয় কিছু হিন্দু ধৰ্মাৱলম্বী স্থানীয় জনজাতীয় আৰু অ-জনজাতীয় লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। যি সকল হিন্দুধৰ্মী লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকক, তেওঁলোকৰ গাঁৱৰ সমাজ সমূহে এলাগী কৰিছিল, সেই নতুনকৈ ধৰ্মান্তৰিত অসমীয়া হিন্দু লোক সকলো গৰীয়া জনগোষ্ঠীত জাহ গৈছিল।

সৌমাৰপীঠৰ দৰে বৰ্তমানৰ নামনি অসমো গৰীয়া জনগোষ্ঠীৰ অন্যতম বাসস্থান। গুৱাহাটীকে কেন্দ্ৰ কৰি নামনি অসমৰ এক বৃহৎ অংশ প্ৰায় ৭০ বছৰলৈকে দিল্লীৰ চুলতান শাসকসকলৰ আৰু মোগলৰ অধীনত আছিল। সেই সময়ত নামনি অসমতো বৃহৎ সংখ্যক ছুফী সাধকৰ আগমন ঘটিছিল, তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ এক বুজন সংখ্যক স্থানীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে- হাজোৰ ওচৰৰ কলিতাকুঁচি তেনে এখন ধৰ্মান্তৰিত গৰীয়া গাওঁ, তেওঁলোকক স্থানীয় ভাৱে গৰীয়া বুলি কোৱা হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াদেৱৰ ৰচিত "অসমীয়া মানুহৰ ইতিহাস" নামৰ গ্ৰন্থত এইবিষয়ে উল্লেখ আছে। হাজোৰ হজৰত গিয়াছউদ্দিন আউলিয়াৰ মাজ্বাৰ আৰু পোৱামক্কা সেই সময়তে নিৰ্মিত। আন এক উদাহৰণস্বৰূপে অবিভক্ত নগাওঁ জিলাৰ বৰ্তমান মৰিগাঁও জিলাৰ হালধিবাৰী গাওঁ আৰু দন্দুৱা গাঁৱৰ মাজত থকা হজৰত ৰংমন আউলীয়াৰ মাজ্বাৰ। এই মাজ্বাৰটো সম্পূৰ্ণ খিলঞ্জীয়া হিন্দু বসতিৰ মাজত অৱস্থিত। তাৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে তাহানিতে সেই ছুফীৰ সান্নিধ্যলৈ আহি সেই অঞ্চলৰ বহু জনজাতি, অ-জনজাতীয় লোকে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। সেই মাজ্বাৰৰ ওচৰ-পাজৰৰ খিলঞ্জীয়া হিন্দু গাঁও আৰু বৰ্তমানৰ কেইবাখনো গৰীয়া গাঁও তাৰ প্ৰমাণ।

আহোম সাম্ৰাজ্যৰ জয়-জয় কাৰ অৱস্থাত আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ ৰাজকাৰ্য পৰিচালনা কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিভিন্ন কাৰিকৰী বিদ্যাত পাৰ্গত লোকক অসমলৈ আনিছিল আৰু সেই লোকসকলে অসমৰে গৰীয়া লোকসকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি এই গৰীয়া সমাজৰ লগত জীন যায়। তাৰ উপৰিও অসমত বিভিন্ন সময়ত অহা ছুফী সাধক সকলেও অসমৰ স্থানীয় ছোৱালী বিয়া পাতি অসমত থাকি যায়, তেওঁলোকৰ সতি-সন্ততি সকলেও স্থানীয় গৰীয়া সমাজখনৰ লগত এটা সময়ত জাহ যায়। অসমলৈ অহা ছুফী সাধকসকলৰ বংশধৰ সকলৰ বহুতে নিজৰ নামৰ আগত 'ছৈয়দ' শব্দৰ ব্যৱহাৰ কৰে আৰু সেয়ে তেওঁলোকক ছৈয়দ বুলিও জনা যায় ৷ ইয়াৰ উপৰিও স্বৰ্গদেউ ৰুদ্ৰসিংহ (স্বৰ্গদেউ চুখ্ৰুংফা)ই আহোম শাসনৰ সময়ত কাৰিকৰী দিশৰ উন্নতিৰ বাবে বিভিন্ন ঠাইৰ পৰা ৮ ঘৰ মানুহক অসমত আনি থিতাপি দিছিল ৷ সেই ৮ ঘৰ লোক আছিল- ১) ফাৰ্ছীপঢ়ীয়া, ২) আখৰকটীয়া, ৩) শিলাকটীয়া, ৪) গুণাকটীয়া, ৫) খনিকৰ, ৬) দৰ্জ্জী, ৭) নেগেৰীয়া, আৰু ৮) জোলা বা জোলহা বা তাঁতী (চাহ জনগোষ্ঠীৰ জলহা নহয়)। এই লোকসকলক যদিও বাহিৰৰ পৰা কাৰিকৰী দিশৰ উন্নতিৰ বাবে অসমলৈ অনা হৈছিল, কালক্ৰমত কিন্তু তেওঁলোকে স্থানীয় গৰীয়া সমাজখনত জাহ গৈ গৰীয়া হৈছে আৰু এইদৰে তেওঁলোক বৰ্তমান গৰীয়া জনগোষ্ঠীৰ এক অন্যতম অংগ হৈ পৰিছে। অসমৰ গৰীয়া জনগোষ্ঠীৰ ৯০% লোক স্থানীয় বিভিন্ন জনগোষ্ঠীৰ পৰা 'গৰীয়া পৰি' পিচত ইছলাম ধৰ্ম গ্ৰহণ কৰা লোক আৰু বাকী ১০% লোক হৈছে আহোম স্বৰ্গদেউসকলৰ দিনত বিভিন্ন কাৰণত অসমলৈ অনা পৰিয়াল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমৰ সমাজ ব্যৱস্থা আৰু জাতীয় জীৱনত গৰীয়া সকলৰ এক লেখত ল'বলগীয়া অবদান আছে। গৰীয়া সকল ইছলামধৰ্মী হোৱাৰ পিছতো দিল্লীৰ মোগল সকলৰ অসম আক্ৰমনৰ সময়ত স্বধৰ্মী মোগলৰ পক্ষ নলৈ নিজ দেশ আৰু স্বজাতিৰ স্বাৰ্থত মোগলৰ বিৰূদ্ধেহে হেংদাং দাঙি লৈছিল, যাৰ বাবে মোগল সেনাপতি মিৰজুমলাৰ লগত অহা ছাহাবুদ্দিন তালিচ নামৰ টোকা লিপিৱদ্ধকাৰ জনে গৰীয়া সকলক নামতহে মুছলমান বুলি কৈ মনৰ ক্ষোভ উজাৰিছিল। আহোমৰ আটাইতকৈ ঘাটক টোপ 'ৰিপুঞ্জয়'ৰ নিৰ্মাতা গেন্ধেলা গৰীয়া (শিৱসাগৰ) এজন গৰীয়া জনগোষ্ঠীৰ লোক আছিল, অবিভক্ত শিৱসাগৰ জিলাৰ চূণপুৰাৰ চুলতান গৰীয়া; যি গড়গাঁৱৰ পদুলিত মিৰজুমলাৰ সেনাক হেংদাং দাঙি বাধা দিবলৈ চেষ্টা কৰিছিল- তেৱো গৰীয়া আছিল। শৰাইঘাটৰ অন্যতম যোদ্ধা বাঘ হাজৰিকা (ইছমাইল ছিদ্দিকি), লাইধন খাঁ, ভকুৱা গৰীয়া (অবিভক্ত শিৱসাগৰ) আদি গৰীয়া জনগোষ্ঠীৰ লোক আছিল। আহোম শাসনৰ শেষৰজন সেনাধ্যক্ষ ৰমজান খাঁ ওৰফে হিলৈধাৰী বৰুৱা (অবিভক্ত শিৱসাগৰ) গৰীয়া জনগোষ্ঠীৰে আছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ দুই মুখ্য কাণ্ডাৰী বাহাদুৰ গাওঁবুঢ়া আৰু শ্বেখ ফৰমুদ আলিয়ো (যোৰহাট) গৰীয়া আছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশ আব্দুল মজিদ (যোৰহাট) এজন গৰীয়া আছিল। অসমীয়া প্ৰথম ডক্টৰেট উপাধী পোৱা মইদুল ইছলাম বৰা (শিৱসাগৰ, জেঙনিকটীয়া) গৰীয়া জনগোষ্ঠীৰ আছিল। আজাদ হিন্দ ফৌজত জড়িত হৈ ছহীদ হোৱা একমাত্ৰ অসমীয়া নৱাব চেহিদুৰ ৰহমান (যোৰহাট) গৰীয়া জনগোষ্ঠীৰ আছিল। ভাৰতৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ (কছাৰীহাট, গোলাঘাট) গৰীয়া আছিল। প্ৰথম অসমীয়া M.D. কৰ্নেল জালনুৰ আলি আহমেদো (ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পিতৃ) গৰীয়া আছিল। মাধ্যম আন্দোলনৰ প্ৰথম ছহীদ মোজ্জামিল হক (দৰং, মঙ্গলদৈ) গৰীয়া জনগোষ্ঠীৰ লোক আছিল। ক্ৰীড়া জগতত অসমক প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিশ্বতে অসমৰ নাম জিলিকাই তোলা; লং টেনিছ, ফুটবল, ক্ৰিকেট আদি খেলত অনবদ্য প্ৰদৰ্শণ আগবঢ়োৱা লগতে ফুটবল আৰু ক্ৰিকেট দুয়োবিধ খেলতে সন্তোষ ট্ৰফী আৰু ৰঞ্জী ট্ৰফীত অসমক প্ৰতিনিধিত্ব কৰি অসম দলক নেতৃত্ব দি এক বিৰল কৃতিত্বৰ গৰাকী হোৱা আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতিৰ পদ অলংকৃত কৰা একমাত্ৰ অসমীয়া নুৰুল আমিন (অবিভক্ত নগাঁও) গৰীয়া জনগোষ্ঠীৰে সন্তান। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ (যোৰহাট) আৰু প্ৰথম মহিলা সাংসদ বেগম মফিদা আহমেদ (যোৰহাট) গৰীয়া জনগোষ্ঠীৰ মহিলা আছিল। ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ এলভিচ আলী হাজৰিকা (লখিমপুৰ) গৰীয়া জনগোষ্ঠীৰে। লগেত অসম সাহিত্য সভাৰ সভাপতিৰ পদ বৰ্তমান লৈকে ৪ জন গৰীয়া লোকে অলংকৃত কৰিছে, যিসকলৰ অসমীয়া সাহিত্য জগতখনত এক অনবদ্য অৱদান আছে ৷ তেওঁলোক হল ক্ৰমে ১৯৩০ চনৰ গোলাঘাট অধিৱেশনত সভাপতিত্ব কৰা জ্ঞান মালিনী কবি বুলি খ্যাত মফিজুদ্দিন আহমেদ হাজৰিকা, ১৯৪০ চনৰ যোৰহাট অধিৱেশনত সভাপতিত্ব মইদুল ইছলাম বৰা, ১৯৭৭ চনৰ অভয়াপুৰী অধিৱেশনত সভাপতিত্ব ছৈয়দ আব্দুল মালিক আৰু ২০১৩ চনৰ বৰপেটা অধিৱেশনত সভাপতিত্ব ইমৰান শ্বাহ ৷ ইয়াৰ ওপৰিও গৰীয়া সকলৰ অসমৰ শিক্ষা আৰু সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আছে। বৃটিছ কালত স্থাপিত বিদ্যায়লয় সমূহৰ ভিতৰত প্ৰথমিক প্ৰৰ্যায়ত স্থাপন হোৱা কিছু বিদ্যায়লয় গৰীয়া মানুহৰ দ্বাৰা স্থাপিত যি সমুহ এতিয়াও চলি আছে। এই সমূহৰ ভিতৰত ১৮৭৫ চনত গোলাঘাট জিলাৰ দেৰগাওঁ নাহৰণিত স্থাপিত “নাহৰণি প্ৰথমিক বিদ্যালয়”, ১৮৯৬ চনত যোৰহাটত স্থাপিত “যোৰহাট মোক্তাৱ আদৰ্শ প্ৰথমিক বিদ্যালয়” আৰু ১৮৮৯ চনত বিশ্বনাথ জিলাৰ চতিয়া ঘাঁহিগাওঁত স্থাপিত “ঘাঁহিগাওঁ চৰকাৰী নিন্ম বুনিয়াদী বিদ্যালয়” আদি অন্যতম ৷

গৰীয়া জনগোষ্ঠী অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠী সমুহৰ পৰা পৃথক নহয় ৷ একমাত্ৰ ধৰ্মীয় দিশটোৰ বাহিৰে ভাৰত বা বিশ্বৰ কোনো মুছলমানৰ লগত গৰীয়া সকলৰ সাংস্কৃতিক, ভাষিক আৰু সামাজিক ক্ষেত্ৰত মিল বা সাদৃশ্য নাই ৷