জগজিৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
r2.7.1) (ৰবট পৰিবৰ্তন কৰিছে: ml:ജഗ്ജിത് സിങ്, mr:जगजित सिंह, pa:ਜਗਜੀਤ ਸਿੰਘ
53 নং শাৰী: 53 নং শাৰী:


==বৰ্হি সংযোগ==
==বৰ্হি সংযোগ==

[[Category:বিখ্যাত লোকসকল]]
[[Category:জীৱনী]]
[[Category:সংগীত]]


[[en:Jagjit Singh]]
[[en:Jagjit Singh]]
58 নং শাৰী: 62 নং শাৰী:
[[hi:जगजीत सिंह]]
[[hi:जगजीत सिंह]]
[[kn:ಜಗಜಿತ್ ಸಿಂಗ್]]
[[kn:ಜಗಜಿತ್ ಸಿಂಗ್]]
[[ml:ജഗ്ജിजित ത് സിങ്]]
[[ml:ജഗ്ജിത് സിങ്]]
[[mr:जगਜੀਤ सिंह]]
[[mr:जगजित सिंह]]
[[pa:ਜਗਜੀਤ ਸਿੰਘ]]
[[pa:ਜਗਸਿੰਘ]]
[[ps:جګجيت سنګهـ]]
[[ps:جګجيت سنګهـ]]
[[pt:Jagjit Singh]]
[[pt:Jagjit Singh]]
66 নং শাৰী: 70 নং শাৰী:
[[te:జగ్జీత్ సింగ్]]
[[te:జగ్జీత్ సింగ్]]
[[ur:جگجیت سنگھ]]
[[ur:جگجیت سنگھ]]


[[Category:বিখ্যাত লোকসকল]]
[[Category:জীৱনী]]
[[Category:সংগীত]]

12:37, 11 October 2011ৰ সংস্কৰণ

জগজিৎ সিং
জন্ম জগমোহন
৮ ফেব্ৰুৱাৰী ১৯৪১
ৰাজস্থান শ্ৰীগংগা নগৰ
মৃত্যু ১০ অক্টোবৰ ২০১১
মুম্বাই, ভাৰত
পেচা সংগীতকাৰ, গায়ক, সংগীত পৰিচালক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ গজল, শাস্ত্ৰীয়, লোক-সংগীত
দাম্পত্যসংগী চিত্ৰা সিং

জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পাঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল৷ তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল৷[1]


জন্ম আৰু প্ৰাৰম্ভিক জীৱন

জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত৷ তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ৷ শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল৷[2] পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়৷[3] জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷[4]

সংগীত জীৱন

সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল৷ গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে৷ জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা৷ জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল৷ জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল৷ সেয়ে ১৯৬৫ চনত পুনৰ মুম্বাইত উপস্থিত হয়৷ সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে৷ [5]

মৃত্যু

২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷ শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়৷[6] [7] [8]

বঁটা আৰু সন্মান

তথ্যসূত্র

  1. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১
  2. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  3. http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  4. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  5. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  6. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  7. http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  8. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১

বৰ্হি সংযোগ