জগজিৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ r2.7.1) (ৰবট পৰিবৰ্তন কৰিছে: ml:ജഗ്ജിത് സിങ്, mr:जगजित सिंह, pa:ਜਗਜੀਤ ਸਿੰਘ |
অ r2.7.2) (ৰবট পৰিবৰ্তন কৰিছে: mr:जगजीतसिंह |
||
63 নং শাৰী: | 63 নং শাৰী: | ||
[[kn:ಜಗಜಿತ್ ಸಿಂಗ್]] |
[[kn:ಜಗಜಿತ್ ಸಿಂಗ್]] |
||
[[ml:ജഗ്ജിത് സിങ്]] |
[[ml:ജഗ്ജിത് സിങ്]] |
||
[[mr:जगजीतसिंह]] |
|||
[[mr:जगजित सिंह]] |
|||
[[pa:ਜਗਜੀਤ ਸਿੰਘ]] |
[[pa:ਜਗਜੀਤ ਸਿੰਘ]] |
||
[[ps:جګجيت سنګهـ]] |
[[ps:جګجيت سنګهـ]] |
17:24, 11 October 2011ৰ সংস্কৰণ
জগজিৎ সিং | |
---|---|
জন্ম | জগমোহন ৮ ফেব্ৰুৱাৰী ১৯৪১ ৰাজস্থান শ্ৰীগংগা নগৰ |
মৃত্যু | ১০ অক্টোবৰ ২০১১ মুম্বাই, ভাৰত |
পেচা | সংগীতকাৰ, গায়ক, সংগীত পৰিচালক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
ধৰণ | গজল, শাস্ত্ৰীয়, লোক-সংগীত |
দাম্পত্যসংগী | চিত্ৰা সিং |
জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পাঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল৷ তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল৷[1]
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত৷ তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ৷ শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল৷[2] পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়৷[3] জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷[4]
সংগীত জীৱন
সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল৷ গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে৷ জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা৷ জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল৷ জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল৷ সেয়ে ১৯৬৫ চনত পুনৰ মুম্বাইত উপস্থিত হয়৷ সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে৷ [5]
মৃত্যু
২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷ শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়৷[6] [7] [8]
বঁটা আৰু সন্মান
- পদ্মভূষণ (২০০৩)
তথ্যসূত্র
- ↑ http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১
- ↑ http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
- ↑ http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
- ↑ http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
- ↑ http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
- ↑ http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
- ↑ http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
- ↑ http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১