দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
তথ্যপেৰা |
added Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ using HotCat |
||
45 নং শাৰী: | 45 নং শাৰী: | ||
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]] |
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]] |
||
[[শ্ৰেণী:অসমৰ সুপ্ৰসিদ্ধ মানুহ]] |
07:28, 18 February 2012ৰ সংস্কৰণ
দীপালী বৰঠাকুৰ | |
---|---|
প্ৰাথমিক তথ্য | |
জন্ম | ৩০ জানুৱাৰী, ১৯৮১ (৪৩ বছৰ) |
কাৰ্যকাল | ১৯৫৫-১৯৬৯ |
দীপালী বৰঠাকুৰ অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]।
সাংগীতিক জীৱন
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]
দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান (১৯৯৮)[2], অসম চৰকাৰৰ শিল্পী বঁটা(২০১০)[3], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)[4] লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]।
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ
- সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
- জোনধনে জোনালীতে
- কণমান বৰশীৰে চিপ
- চেনাই মই যাওঁ দেই
- অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা
উপসংহাৰ
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।[2]
তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
- ↑ 2.0 2.1 http://www.artslant.com/ind/events/show/131548-hieroglyphs<>
- ↑ Staff reporter, Silpi Bota conferred on Dipali Barthakur, Archana Mahanta, Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
- ↑ http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২