ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) সুবিধাৰ বাবে সংযোগ কৰা হ’ল| ঠিকেই আছেনে? |
para title |
||
30 নং শাৰী: | 30 নং শাৰী: | ||
* কোনো প্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] । |
* কোনো প্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] । |
||
==ৱিকিপিডিয়াৰ পৰিচয়== |
|||
==ৱিকিপিডিয়া সহায়িকা== |
|||
{{Introduction to Wikipedia}} |
{{Introduction to Wikipedia}} |
||
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰাথমিক তথ্য]] |
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰাথমিক তথ্য]] |
09:27, 15 March 2012ৰ সংস্কৰণ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ ।
ৱিকিপিডিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ । বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।
আপুনি যদি এজন পঢ়ুৱৈ
আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সোৱাদ ল'ব পাৰে ।
- নির্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান
আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা অনুসন্ধান ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।
- অনির্দিষ্ট যিকোনো প্ৰবন্ধ
অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা যিকোনো প্ৰবন্ধ সংযোগটোত ক্লিক কৰক ।
- বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান
নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰবন্ধ চাব খুজিলে বেটুপাতৰ বিষয়সূচীলৈ যাওক ।
- মন্তব্য কৰিবলৈ
যদি আপুনি কোনো প্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।
আপুনি যদি এজন অৱদানকাৰী/সদস্য
ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ |
---|
মূল বিষয়বস্তু নীতিসমূহ |
নিৰপেক্ষ দৃষ্টিভংগী মৌলিক গৱেষণাৰহিত লেখা সত্যাপণযোগ্যতা |
আন বিষয়বস্তু নীতিসমূহ |
প্ৰবন্ধৰ শিৰোনাম জীৱিত ব্যক্তিৰ জীৱনী ৱিকিপিডিয়া কি নহয় |
ৱিকিপিডিয়া সকলোৰে বাবে মুকলি । সেইবাবে অৱদানকাৰীয়ে কিছুমান নীতি আৰু নিৰ্দেশাৱলী মানি চলাটো প্ৰয়োজনীয় ।
- বৰঙণি যোগোৱাৰ আগতে ৱিকিপিডিয়া কি নহয় আপুনি জনা উচিত ।
- প্ৰবন্ধ লিখোঁতে নিৰপেক্ষ দৃষ্টিভংগী বজাই ৰখাটো প্ৰয়োজনীয়, ইয়াত পক্ষাপাতদুষ্টতা বা ব্যক্তিগত অভিজ্ঞতা আৰু মতামতৰ স্থান নাই ।
- ৱিকিপিডিয়ালৈ আগবঢ়োৱা সকলো অৱদান জি.এফ.ডি.এলৰ অধীনত বিনামূলীয়াকৈ প্ৰকাশ হ'ব । অধিক তথ্যৰ বাবে স্বত্বাধিকাৰ আৰু প্ৰবন্ধৰ অধিকাৰিতা চাওক ।
- ৱিকিপিডিয়া এটা সহযোগিতামূলক প্ৰকল্প, সেইবাবে সকলো সম্পাদকে পাৰস্পৰিক শ্ৰদ্ধা, সাধাৰণ ভদ্ৰতা আৰু শিষ্টাচাৰ গঢ়ি তোলাটো আৱশ্যক । কাৰোবাৰ লগত মতানৈক্য হ'লে আস্থা ৰাখক আৰু মুকলিকৈ আলোচনা কৰক । কোনো পৃষ্ঠা সম্পাদনা কৰিলে সম্পাদনা সাৰাংশ উল্লেখ কৰিবলৈ নাপাহৰিব যাতে আনে আপোনাৰ সম্পাদনা/সংযোজনৰ উদ্দেশ্য বুজি পায় ।
- কোনো প্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি ইয়াত ক্লিক কৰিব পাৰে বা সহায়ৰ বাবে ইয়াত ক্লিক কৰিব পাৰে ।
ৱিকিপিডিয়াৰ পৰিচয়
সহায়:সমল |
পৰিচয় | সম্পাদনাৰ বিষয়ে আৰু জানক | ৱিকিপিডিয়াত বিচৰণ কৰক | সহায়িকা |
ৱিকিপিডিয়া কি?
ৱিকিপিডিয়া এখন মুক্ত বিশ্বকোষ। সাধাৰণতে ৱিকিপিডিয়া ব্যৱহাৰ কৰা পাঠকসকলৰ নিচিনা সাধাৰণ মানুহেই পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতা কৰি ৱিকিপিডিয়া লিখি উলিয়াইছে। এনেকৈ লিখাকে সহযোগিতামূলক সংকলন (Collaborative editing) বোলে। ৱিকিপিডিয়াৰ ৱেবছাইটটোত এনে কৰাৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে, যাতে পৃথিৱীৰ যিকোনো স্থানৰে পৰা কৰিব পৰা সহস্ৰাধিক সম্পাদনাকাৰ্যও সকলোৱে একেলগে কৰি থাকিব পাৰে। এনে ৱেবছাইটক "ৱিকি" বোলা হয়। সম্পাদনাৰ ৰেকৰ্ডসমূহ যিকোনো পৃষ্ঠাৰ "ইতিহাস চাওক" "টেব"ৰ পৰা বা শেহতীয়া সালসলনিসমূহ পৃষ্ঠাৰ পৰা চাব পাৰি। ৱিকিপিডিয়াৰ বিষয়ে আৰু ভালদৰে জানিবলৈ ৱিকিপিডিয়াৰ বিষয়ে (ইংৰাজী) চাওক।
আপুনি কেনেকৈ লিখিব?
প্ৰথম কথা: লিখিবলৈ ভয় নকৰিব - যি কোনো ব্যক্তিয়ে ৱিকিপিডিয়াৰ প্ৰায় সকলো পৃষ্ঠাতে লিখিব পাৰে, আৰু আমি তেওঁলোকক সাহসী হ'বলৈ উৎসাহ যোগাইছোঁ! অন্য কামো কৰিব পাৰে - যেনে: বানান, ব্যাকৰণ আদি চাই দিয়া, কোনো এটা প্ৰবন্ধ উন্নত বা সুখপাঠ্য কৰা, নতুন কিবা সংযোগ-বিয়োগ কৰা ইত্যাদি। নতুন তথ্য যদি যোগ কৰিব খুজিছে তেন্তে অনুগ্ৰহ কৰি উপযুক্ত প্ৰসংগ সূত্ৰ যোগ কৰে যেন যাতে প্ৰয়োজন অনুসৰি মিলাই চাব পৰা যায়। (উত্সৰ উল্লেখ আৰু প্ৰামাণ্যতা চাই লওক।) প্ৰাসংগিক তথ্য প্ৰবন্ধৰ আলোচনা পৃষ্ঠাতো লিখিব পাৰে। বিতৰ্ক সৃষ্টি হ'ব পৰা বিষয়ে এনেকৈ আলোচনা কৰি লিখাই ভাল।
ভয় নকৰিব, ৱিকিপিডিয়া আপুনি লিখা কাৰণে "বেয়া" হ'ব নোৱাৰে, কিবা হ'লে ইয়াক সহজতে আগৰ নিচিনা কৰিব পৰা যায়, বা আপোনাক কোনেও গালিও নিদিয়ে। লিখা-মেলাত ভুল হ'লেও পাচত কোনোবাই নিশ্চয় শুধৰাই লিখিব।
আহক, এতিয়াই লিখি নাচায় কিয়?
- ইয়াত ক্লিক কৰি পৰীক্ষাগাৰত হাতে-কামে কৰি চাব পাৰে (যদি তাত আগৰপৰাই কিবা লিখা আছে, তেন্তে সেইবোৰৰ তলত লিখক।)
- বাক্য কেইশাৰীমান টাইপ কৰক।
- আপোনাৰ সালসলনি চাবৰ বাবে খচৰা দেখুৱাওক ক্লিক কৰক আৰু ইয়াত যদি আপুনি সুখী তেন্তে পৃষ্ঠা সাঁচক ক্লিক কৰক।