নিৰূপা ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিৰূপা ৰয়

দো বিঘা জমীনত (১৯৫৩)
জন্ম কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা
০৪ জানুৱাৰী, ১৯৩১
বলসাদ, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৩ অক্টোবৰ, ২০০৪ (৭৩ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম দুখৰ ৰাণী, ট্ৰেজেদী কুইন, মা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৬-১৯৯৯
দাম্পত্যসঙ্গী কমল ৰয় (বি.১৯৪৬)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি মুনীমজীৰ (১৯৫৬)বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
ছায়াৰ (১৯৬২)বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
চেহনাইৰ (১৯৬৪)বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা (২০০৪)

নিৰূপা ৰয় (জন্ম কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা; ইংৰাজী: Nirupa Roy ; গুজৰাটী: નિરુપા રોય; ৪ জানুৱাৰী ১৯৩১- ১৩ অক্টোবৰ ২০০৪) হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁক ট্ৰেজেদী আৰু শোকাতুৰ চৰিত্ৰত অভিনয় পাৰদৰ্শিতাৰ বাবে জনা গৈছিল আৰু সেয়েহে হিন্দী চলচ্চিত্ৰ পৰিসৰত তেওঁ নিৰ্বিবাদে দুখৰ ৰাণী নাম পাইছিল।[1] ১৯৪৬ চনৰ পৰা ১৯৯৯ চনলৈ অভিনয় জগতত সক্ৰিয় হৈ থকা ৰয়ে মাকৰ ভূমিকাত কৰা অভিনয়ৰ বাবে স্মৰণীয় হৈ ৰব। তেওঁ তিনিবাৰ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পোৱাৰ উপৰি ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটাও লাভ কৰিছিল।[2][3]

জীৱন পৰিক্ৰমা[সম্পাদনা কৰক]

নিৰূপাৰ জন্মৰ নাম কোকিলা কিশোৰতন্দ্ৰ বুলচাৰা। গুজৰাটৰ বলসাদৰ কলৱাড়াত তেওঁৰ জন্ম হৈছিল। ১৫ বছৰ বয়সত কমল ৰয়ৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান- যোগেশ আৰু কিৰণ ৰয়। [4] মাকৰ মৃত্যুৰ পিছত দুয়োটা সন্তানে নিৰূপা ৰয়ৰ সম্পত্তিক লৈ বিবাদত লিপ্ত হয়, যিটোৱে বাতৰি আৰু প্ৰচাৰ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে। [5] [6]

২০০৪ চনৰ ১৩ অক্টোবৰত মুম্বাইত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। [7]

দিৱাৰ ছবিৰ তেওঁৰ সংলাপ জনমানসত বিশেষ প্ৰভাৱ পেলাইছিল। এই ছবিত তথা আৰু কেইখনমান উল্লেখযোগ্য ছবিত তেওঁ কৰা অভিনয় হিন্দী চলচ্চিত্ৰত মাইলৰ খুঁটি হৈ ৰব। [8]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪৬ চনত গুজৰাটী কাকত এখনত অভিনয় শিল্পী বিচাৰি দিয়া বিজ্ঞাপন এটা নিৰূপা ৰয় আৰু তেওঁৰ স্বামীয়ে দেখা পাই আবেদন কৰিছিল। তেনেকৈয়ে নিৰূপা গুজৰাটী ছবি ৰণকদেৱীৰ বাবে নিৰ্বাচিত হয় আৰু অভিনয় জীৱনৰ পাতনি মেলে। একে বছৰতে তেওঁ প্ৰথম হিন্দী ছবি অমৰ ৰাজতো অভিনয় কৰে। তেওঁৰ জনপ্ৰিয় এখন ছবি হ’ল- দো বিঘা জমিন (১৯৫৩)। ১৯৪০ আৰু ১৯৫০ৰ দশকত বহু ধৰ্মমূলক ছবিত তেওঁ অভিনয় কৰিছিল। দেৱীৰ ৰূপত তেওঁৰ প্ৰতিচ্ছবি অতি শক্তিশালী আছিল আৰু বহু মানুহে আশীষ বিচাৰি তেওঁৰ ঘৰলৈ গৈছিল। তেওঁৰ সহযোগী অভিনেতসকল ভাৰত ভূষণ, বলৰাজ সাহানী, অশোক কুমাৰ আৰু ত্ৰিলোক কাপুৰ। কাপুৰৰ সৈতে তেওঁ একেলগে ওঠৰখন ছবিত অভিনয় কৰিছে। ১৯৭০ৰ দশকত অমিতাভ বচ্চন আৰু শশী কাপুৰৰ মাকৰ ৰূপত কৰা তেওঁৰ অভিনয় দুখ-যন্ত্ৰণাত কাতৰ এগৰাকী মাতৃৰ সমাৰ্থক হৈ পৰিছিল। ১৯৭৫ চনত মুক্তি পোৱা নিৰূপাৰ দিৱাৰ ছবিৰ মাক-পুতেকৰ সংলাপবোৰ অতি জনপ্ৰিয় হৈ পৰিছিল আৰু দৰ্শকে সেয়া বাৰেবাৰে আওৰাইছিল।[9]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Remembering Nirupa Roy, the Iconic 'Mother' of Bollywood" (en ভাষাত). The Quint. 2016-10-13. https://www.thequint.com/entertainment/2016/10/13/nirupa-roy-amitabh-bachchan-aishwarya-rai-bachchan-tabu-kirron-kher-jaya-bachchan-suffering-motherhood-bollywood। আহৰণ কৰা হৈছে: 2019-11-19. 
  2. "Happy Mother's Day 2019: Iconic mothers who graced screens of Indian cinema - News Nation" (en ভাষাত). newsnation.in. 12 May 2019. https://www.newsnation.in/photos/entertainment/happy-mothers-day-2019-iconic-mothers-who-graced-screens-of-indian-cinema-3333। আহৰণ কৰা হৈছে: 2019-11-19. 
  3. "Mothers Day Special: Bollywood's Most Iconic Screen Mothers" (en ভাষাত). filmfare.com. https://www.filmfare.com/features/mothers-day-special-bollywoods-most-iconic-screen-mothers-33833.html। আহৰণ কৰা হৈছে: 2019-11-19. 
  4. "Nirupa Roy" (en ভাষাত). The Independent. 2004-11-02. http://www.independent.co.uk/news/obituaries/nirupa-roy-18257.html। আহৰণ কৰা হৈছে: 2019-11-19. 
  5. Sayed, Nazia SayedNazia; Jan 10, Mumbai Mirror | Updated; 2018; Ist, 05:57. "Battle between Nirupa Roy's sons gets uglier" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/mumbai/crime/battle-between-nirupa-roys-sons-gets-uglier/articleshow/62436760.cms। আহৰণ কৰা হৈছে: 2019-11-19. 
  6. "Deewar's Maa Nirupa Roy's Sons Fight Over Her Property". NDTV.com. https://www.ndtv.com/entertainment/deewars-maa-nirupa-roys-sons-fight-over-her-property-1798394। আহৰণ কৰা হৈছে: 2019-11-19. 
  7. MumbaiJanuary 4, Indo-Asian News Service; January 4, 2019UPDATED; Ist, 2019 15:20. "Javed Akhtar on Nirupa Roy 87th birth anniversary: She looked like Goddess in mother roles" (en ভাষাত). India Today. https://www.indiatoday.in/movies/bollywood/story/javed-akhtar-on-nirupa-roy-87th-birth-anniversary-she-looked-like-goddess-in-mother-roles-1423406-2019-01-04। আহৰণ কৰা হৈছে: 2019-11-19. 
  8. Arora, Sakshi (2019-01-04). "Remembering Nirupa Roy, Indian cinema's 'Goddess' who became its most popular mother" (en-US ভাষাত). ThePrint. https://theprint.in/features/remembering-nirupa-roy-indian-cinemas-goddess-who-became-its-most-popular-mother/172765/। আহৰণ কৰা হৈছে: 2019-11-19. 
  9. Rishi, Tilak (2012). Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years. Trafford. পৃষ্ঠা. 100. ISBN 9781466939639. https://books.google.com/books?id=r623sWyGm0sC&pg=PA100. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]