বিশেষ হুইৰেম
| বিশেষ হুইৰেম | |
|---|---|
ৱাননেছ চলচ্চিত্ৰৰ ট্ৰেইলাৰ উন্মোচনী অনুষ্ঠানত বিশেষ হুইৰেম | |
| জন্ম | ইম্ফল, মণিপুৰ[1] |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী, কষ্টিউম ডিজাইনাৰ, ফেশ্বন ডিজাইনাৰ, মডেল, চেলুনৰ আতিথ্যা |
| জনা যায় | * আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম ভাৰতীয় ট্ৰান্সজেণ্ডাৰ
|
বিশেষ হুইৰেম এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ অন্তৰ্গত। তেওঁ থাইলেণ্ডৰ পাত্তায়াত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল কুইন (ট্ৰান্সজেণ্ডাৰ) ২০১৬ সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম ভাৰতীয় হিচাপে বিশেষভাৱে পৰিচিত।[2][3] তেওঁ সংসদীয় লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক আইকন হিচাপে নিযুক্ত হোৱা প্ৰথম ভাৰতীয় ট্ৰান্সজেণ্ডাৰ ব্যক্তি।[4] ২০২২ চনত অনুষ্ঠিত ১৪তম মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰি এই সন্মান লাভ কৰা প্ৰথম ট্ৰান্সজেণ্ডাৰ ব্যক্তি হিচাপে ইতিহাস ৰচনা কৰে।[5] ইটচ ন'ট মাই চয়েচ (পৰিচালক প্ৰিয়কান্ত লৈশ্ৰম) আৰু আপাইবা লেইচিল (পৰিচালক ববি ৱাহেংবাম) তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰ।
চলচ্চিত্ৰ জীৱন
[সম্পাদনা কৰক]বিশেষ হুইৰেমে মণিপুৰৰ জনপ্ৰিয় নাট্যধাৰা শুমাং কুমহেইৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰে।[6] ২০১২ চনত তেওঁ মণিপুৰী পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আং তামোৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে, য’ত তেওঁৰ সহঅভিনেতা আছিল কাইকু ৰাজকুমাৰ।[7]
২০১৫ চনত মুক্তি পোৱা ইটচ ন'ট মাই চয়েচ চলচ্চিত্ৰখনত তেওঁৰ অভিনয় বিশেষভাৱে প্ৰশংসিত হয়। সমালোচকসকলে ইয়াক তেওঁৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অভিনয় বুলি আখ্যা দিয়ে।[8] এই চলচ্চিত্ৰখন উত্তৰ-পূৰ্ব ভাৰতৰপৰা ইউটিউবত এক মিলিয়ন দৰ্শন অতিক্ৰম কৰা প্ৰথম স্বল্পদৈৰ্ঘ্য ভাৰতীয় চলচ্চিত্ৰ হিচাপেও পৰিচিত।
২০২২ চনত তেওঁ আপাইবা লেইচিল চলচ্চিত্ৰৰ বাবে ১৪তম মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। লগতে তেওঁ ৫ম শৈলাধৰ বৰুৱা চলচ্চিত্ৰ বঁটা (উত্তৰ-পূৰ্বাঞ্চল)-ত বিশেষ জুৰী বঁটাও লাভ কৰে।
২০১৬ চনৰ ক্ষমা দাবীৰ ঘটনা
[সম্পাদনা কৰক]২০১৬ চনৰ ১৩ ছেপ্টেম্বৰত ইম্ফল, মণিপুৰত গ্ৰামোন্নয়ন মন্ত্ৰী মইৰাংথেম ওকেন্দ্ৰৰ ব্যক্তিগত নিৰাপত্তা ৰক্ষী আৰু সশস্ত্ৰ কৰ্মচাৰীৰদ্বাৰা বিশেষ হুইৰেমক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ উঠিছিল।[9][10][11][12] এই ঘটনা নিশা প্ৰায় ১০ বজাত এটা পথ-বিবাদৰ সময়ত সংঘটিত হৈছিল।[13][14]
ইয়াৰ পাছত বিশেষ হুইৰেমে প্ৰতিবাদ জনাই মন্ত্ৰী ওকেন্দ্ৰক সাত দিনৰ ভিতৰত ক্ষমা খুজিবলৈ আল্টিমেটাম প্ৰদান কৰিছিল, নতুবা পৰিণাম ভোগ কৰিব লাগিব বুলি সকীয়াই দিছিল। কিন্তু মন্ত্ৰীৰ কৰ্মচাৰীয়ে এই ঘটনাৰ সন্দৰ্ভত তেওঁৰ অভিযোগ নাকচ কৰে। তেওঁলোকৰ মতে, বিশেষে তীব্ৰভাৱে মদ্যপান কৰা অৱস্থাত গাড়ী চলাই আছিল আৰু মন্ত্ৰীৰ নিৰাপত্তা বাহিনীৰ গাড়ীৰ পথ বন্ধ কৰি থকাৰ পাছতো নিজৰ গাড়ী পিছলৈ ল'বলৈ অক্ষম আছিল। ইয়াৰ উপৰি, মন্ত্ৰীৰ কৰ্মচাৰীয়ে অভিযোগ কৰে যে বিশেষে গাড়ী চলোৱাৰ অধিকাৰ আছে বুলি কৈ হঠাৎ ক্ৰোধাত্মক আচৰণ কৰিছিল আৰু মন্ত্ৰীৰ গাড়ীৰ দুৱাৰ জোৰ কৰি খুলিবলৈ চেষ্টা কৰিছিল।
ইয়াৰ উত্তৰত বিশেষে মন্ত্ৰীৰ কৰ্মচাৰীৰ সকলো অভিযোগক "ভিত্তিহীন" বুলি অস্বীকাৰ কৰে। তেওঁ মদ্যপান কৰা নাছিল বুলি স্পষ্ট কৰে আৰু কয় যে সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰস্তুতি হিচাপে চলি থকা হৰ্মোন থেৰাপীৰ বাবে তেওঁ খাদ্যত লোণ আৰু তেলো গ্ৰহণ কৰা নাছিল। ঘটনাটোৰ পাছত গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাৰ প্ৰতিবাদত বিভিন্ন শিল্পীৰ সংগঠন আৰু সংস্থাই মন্ত্ৰী ওকেন্দ্ৰৰ সংশ্লিষ্ট হেইৰোক বিধানসভা সমষ্টিত ক্ষমা-প্ৰাৰ্থনা নকৰালৈকে সকলো ভ্ৰাম্যমাণ নাট্যগৃহ, চলচ্চিত্ৰ আৰু সংগীত অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰে।[15][16][13]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | পৰিচালক |
|---|---|---|
| ২০১২ | আং তামো | পিলু হেইগ্ৰুজাম |
| ২০১৫ | ইটচ ন'ট মাই চয়েচ | প্ৰিয়কান্ত লৈশ্ৰম |
| ২০২১ | আপাইবা লেইচিল | ববি ৱাহেংবাম |
উল্লেখযোগ্য শুমাং কুমহেই
[সম্পাদনা কৰক]- বৰ্ডাৰ
- ৰেষ্টাফেন
- পিৎজা (২০১১)
- নুপিগি থামোই
- চাগি খুজি
- এঞ্জেঙ্গি নিনি পানবা (২০১১)
- ইশিং চাইবি (২০১৩)
- ইনাম্মা (২০১৪)
- তাম্ফায়াই
- কাইৰাবা চাফু
- কুন্তী ৪
- মাওগি ইবাই
- মৌ আহুম নিঙ্গোল আমা (২০১৯)
- নুংশি লামান (২০২০)
- অনলাইন দা লুহোংবা (২০২১)
- মুতলাৰোইদাবা মাচু (২০২২)
- সানাগি থাম্বল (২০২২)
- লিপুন (২০২৩)
- ৩ৰা মে (২০২৫)
- আনুবা লাম্বি (২০২৫)
- থোকপা নগামদাবা কিশি (২০২৫)
- আহানবা খোংফাম (২০২৫-২৬)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Manipuri transgender to represent India at international beauty pageant" (en ভাষাত). Hindustan Times. 2016-09-24. https://www.hindustantimes.com/india-news/bishesh-huirem-the-transgender-woman-representing-india-in-beauty-contest/story-WjnSPlXqhBp8JOjuxZ0OlL.html। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Bishesh Huirem becomes first Indian transgender to compete in Miss International Beauty Queen" (en ভাষাত). Firstpost. 2016-09-09. https://www.firstpost.com/entertainment/bishesh-huirem-becomes-first-indian-transgender-to-compete-in-miss-international-beauty-queen-2997608.html/amp। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Meet Bishesh Huirem - The first Indian transgender woman at 'Miss International Beauty Queen' contest - SheThePeople TV" (en-US ভাষাত). https://www.shethepeople.tv/news/meet-bishesh-huirem-the-first-indian-transgender-woman-at-miss-international-beauty-queen-contest/। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Transgender 'icon' to educate Manipur voters". The Telegraph. https://www.telegraphindia.com/north-east/transgender-icon-to-educate-manipur-voters/cid/1687035। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Manipur Film Awards: Bishesh Huirem becomes first transgender to win best actor award" (en ভাষাত). The Indian Express. 2022-04-09. https://indianexpress.com/article/north-east-india/manipur/manipur-film-awards-bishesh-huirem-first-transgender-best-actor-award-7861780/। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Minister's escort 'assault' Shumang Leela artiste". E-Pao. 13 September 2016. http://e-pao.net/GP.asp?src=8..140916.sep16.
- ↑ ""Ang Tamo" : A mirror about the life of Nupi Shabis". E-Pao. 3 November 2012. http://e-pao.org/erang/Reviews/Ang_Tamo_A_mirror_about_the_life_of_Nupi_Shabis.php.
- ↑ "It's Not My Choice: A Film To Endure For Many Years To Come". Signpost News. 6 February 2023. https://signpostnews.com/its-not-my-choice-a-film-to-endure-for-many-years-to-come/.
- ↑ "Manipuri transgender actor beaten up by minister's police escorts" (en ভাষাত). Deccan Chronicle. 2016-09-17. https://www.deccanchronicle.com/nation/in-other-news/170916/manipuri-transgender-actor-beaten-up-by-ministers-police-escorts.html। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Transgender actor thrashed by cops unable to perfrom" (en ভাষাত). The Times of India. 16 September 2016. https://timesofindia.indiatimes.com/city/imphal/transgender-actor-thrashed-by-cops-unable-to-perfrom/articleshow/54355388.cms। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ সংস্থা, সংবাদ. "ৰূপান্তৰকামী মডেলেৰ উপৰ মন্ত্ৰীৰ ৰক্ষীদেৰ হামলা ইম্ফলে" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/india/transgender-model-from-manipur-attacked-by-minister-s-guards-dgtl-1.479665। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ അക്ഷയ് (2016-09-17). "ഭിന്നലിംഗ മോഡലിന് മന്ത്രിയുടെ സുരക്ഷാ സംഘത്തിന്റെ മര്ദ്ദനം; മന്ത്രി നോക്കി നിന്നു" (ml ভাষাত). malayalam.oneindia.com. https://malayalam.oneindia.com/news/india/transgender-actress-bishesh-huirem-attacked-by-ministers-man-156352.html। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ 13.0 13.1 "Minister's escort 'assault' Shumang Leela artiste : 14th sep16 ~ E-Pao! Headlines". e-pao.net. http://e-pao.net/GP.asp?src=8..140916.sep16। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Manipur Shumang Lila artist Huirem Bishesh physically assaulted allegedly by escorts of RD & PR Minister Moirangthem Okendro" (en-gb ভাষাত). www.impacttv.in. https://www.impacttv.in/breaking-news/item/783-manipur-shumang-lila-artist-huirem-bishesh-physically-assaulted-allegedly-by-escorts-of-rd-pr-minister-moirangthem-okendro। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Manipuri transgenders demand apology from minister over attack" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/archive/nation/manipuri-transgenders-demand-apology-from-minister-over-attack-296638। আহৰণ কৰা হৈছে: 2022-04-18.
- ↑ "Manipuri transgenders demand apology from minister over attack". Business Standard India. 2016-09-17. https://www.business-standard.com/article/news-ians/manipuri-transgenders-demand-apology-from-minister-over-attack-116091700294_1.html.