বৈশ্বিক মহামাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্বমাৰী (ইংৰাজী: Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে। কিমান লোক আক্ৰান্ত হৈছে, সেই দিশৰ পৰা স্থিৰ হোৱা কোনো স্থানীয় ৰোগ, বিশ্বমাৰী নহয়। ইয়াৰ বাহিৰে, বিশ্বমাৰী জ্বৰৰ ভিতৰত, ঋতুকালীন জ্বৰ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ নেপেলোৱালৈকে বিশ্বমাৰীত অন্তৰ্ভুক্ত কৰা নহয়। ইতিহাসত বৰআই আৰু যক্ষ্মাৰ দৰে অসংখ্য বিশ্বমাৰীৰ বিৱৰণ পোৱা যায়। শেহতীয়া বিশ্বমাৰীৰ ভিতৰত এইছ আই ভি (HIV) বিশ্বমাৰী, ১৯১৮ আৰু ২০০৯ চনৰ H1N1 উল্লেখনীয়। ইয়াৰোপৰি ভয়ানক ব্লেক ডেথ (Black Death)ত প্ৰায় ৭৫ নিযুততকৈও অধিক লোকৰ মৃত্যু হৈছিল।