সমললৈ যাওক

বিশ্বেশ্বৰ বৈদ্যাধিপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিশ্বেশ্বৰ বৈদ্য়াধিপৰ পৰা পুনঃনিৰ্দেশিত)

বিশ্বেশ্বৰ বৈদ্যাধিপ আছিল অসমত বৃটিছ শাসনৰ কালছোৱাৰ প্ৰাৰম্ভণি পৰ্যায়ৰ বুৰঞ্জী লেখকসকলৰ অন্যতম। তেখেত কুলত দৈৱজ্ঞ আৰু পুৰন্দৰ সিংহৰ দ্বিতীয় আমোলত প্ৰধান বৈদ্য বা বৈদ্যাধিপতি আছিল। এওঁৰ আন এটা নাম হৈছে বিকাৰাম[1] পতনমুখী আহোম শাসনতন্ত্ৰক ভেটি কৰি লিখা তেওঁৰ সৃষ্টিকৰ্ম হ'ল- বেলিমাৰৰ বুৰঞ্জী। মূলতঃ প্ৰাচীন পদ্যশৈলীক অনুকৰণ কৰা এই পুথিখনত ১৭৯২-১৮১৯২ খৃ:ৰ সময়ছোৱাৰ অসমৰ ঘটনাৰাজি বৰ্ণিত হৈছে। পুথিখনি আধৰুৱা আৰু যথাসম্ভৱ পুৰন্দৰ সিংহৰ ৰাজ-আজ্ঞামতে ১৮৩৩-ৰ পৰা ১৮৪৬ খৃঃৰ ভিতৰত লিখা হৈছিল। এই বুৰঞ্জীত গৌৰীনাথ সিংহৰ ৰাজত্বকালৰ পৰা (১৭৮০-৯৫ খৃ:) চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকাললৈকে (১৮১১-১৮১৮ খৃঃ) মোৱামৰীয়াসকলৰ বিদ্ৰোহকে ধৰি যিবিলাক ৰাজনৈতিক ঘটনা ঘটিছিল সেইবিলাকৰ অবিকৃত অথচ কাব্যসুলভ ৰসাল বিৱৰণ আছে। কবিৰ ভাষাত-“যি কালত কমলেশ্বৰ সিংহ ৰাজ্য ভৈল। শইস্যে মইস্যে সকলে মহাৰাম ৰাজ্য হৈল।" কিন্তু সেই সমাজ বেছি দিন নিটিকিল। ইয়াত বৈষ্ণৱ কবিসকলৰ প্ৰকাশভংগী প্ৰয়োগ কৰা হৈছে আৰু চলিত পদ, দুলড়ি, লেচাৰী, মুক্তাৱলী আদি ছন্দৰ প্ৰয়োগ মন কৰিবলগীয়া। অসমীয়া ভাষাত গদ্যত লিখা বুৰঞ্জীৰ তুলনাত পদ্যত লিখা বুৰঞ্জীৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। বিশ্বেশ্বৰ বৈদ্যধিপ আৰু দুতিৰাম হাজৰিকাই এই ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লৈছিল। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ১৯৩২ চনত প্ৰকাশ কৰা অসমৰ পদ্য-বুৰঞ্জী গ্ৰন্থত বিশ্বেশ্বৰ বৈদ্যধিপৰ বেলিমাৰৰ বুৰঞ্জী আৰু দুতিৰাম হাজৰিকাৰ কলি ভাৰত বুৰঞ্জী দুখন অন্তৰ্ভুক্ত কৰিছে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
  2. https://www.anyayug.com/p/aupaniveshik-axomot-buranji-charcha.html?m=1