বিশ্ব কলা দিৱস
বিশ্ব কলা দিৱস (ইংৰাজী: World Art Day) হৈছে সুকুমাৰ কলাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যাপন যিটো বিশ্বজুৰি সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ইণ্টাৰনেশ্যনেল এছ’চিয়েচন অৱ আৰ্ট (IAA)য়ে ঘোষণা কৰিছিল।[1][2]
প্ৰতিষ্ঠা
[সম্পাদনা কৰক]গুৱাডালাজাৰাত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল এছ’চিয়েচন অৱ আৰ্টৰ ১৭তম সাধাৰণ সভাত ১৫ এপ্ৰিলক বিশ্ব কলা দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দাখিল কৰা হয় আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয়। এই প্ৰস্তাৱ তুৰস্কৰ বেড্ৰি বায়কামে পৃষ্ঠপোষকতা কৰিছিল আৰু মেক্সিকোৰ ৰোজা মাৰিলো বুৰিলো ভেলাস্কো, ফ্ৰান্সৰ এন্নে প'ৰ্নি, চীনৰ লিউ ডাৱেই, চাইপ্ৰাছৰ ক্ৰিষ্টোছ চাইমিঅ'নিডেছ, ছুইডেনৰ এণ্ডাৰছ লিডেন, জাপানৰ কান ইৰি, শ্লোভাকিয়াৰ পাভেল ক্ৰাল, মৰিছাছৰ ডেভ চ'ৰামুন আৰু নৰৱেৰ হিল্ডে ৰগনস্কোগে সহযোগী স্বাক্ষৰ কৰিছিল। সাধাৰণ পৰিষদে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱটি গ্ৰহণ কৰে।[1][3][4]
লিঅ'নাৰ্ড' দা ভিন্সিৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱসটিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। এই মহান শিল্পীজনে বিশ্ব শান্তি, মত প্ৰকাশৰ স্বাধীনতা, সহনশীলতা, ভাতৃত্ববোধ, আৰু বহুসংস্কৃতিবাদৰ লগতে অন্যান্য ক্ষেত্ৰত অৰিহণা যোগোৱাত শিল্পৰ গুৰুত্বৰ উদাহৰণ এৰি থৈ গৈছে। তেওঁক যথোপযুক্ত সন্মান জনাবলৈ ১৫ এপ্ৰিলৰ তাৰিখটো বাছি লোৱা হৈছিল।[2][4]
অতীতৰ উদ্যাপন
[সম্পাদনা কৰক]২০১২ চনৰ ১৫ এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰথম বিশ্ব কলা দিৱসত ইণ্টাৰনেশ্যনেল এছ’চিয়েচন অৱ আৰ্টৰ সকলো ৰাষ্ট্ৰীয় সমিতি আৰু ফ্ৰান্স, ছুইডেন, শ্লোভাকিয়া, দক্ষিণ আফ্ৰিকা, চাইপ্ৰাছ আৰু ভেনিজুৱেলাকে ধৰি ১৫০ গৰাকী শিল্পীয়ে সমৰ্থন আগবঢ়াইছিল যদিও এই অনুষ্ঠানৰ উদ্দেশ্য আছিল সৰ্বজনীন।[3][4] বিশেষ সংগ্ৰহালয় ভ্ৰমণৰপৰা আদি কৰি সন্মিলন আৰু অন্যান্য বহুতো কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত আছিল।[1] উদাহৰণস্বৰূপে ভেনিজুৱেলাত চিত্ৰকলা, ভাস্কৰ্য্য, প্ৰিণ্ট, ভিডিঅ' আৰু আন বহুতো বৰ্হি-শিল্প প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে দা ভিন্সিৰ সন্মানত ফ্ল'ৰেণ্টাইন ৰন্ধন প্ৰদৰ্শন অনুষ্ঠিত কৰা হয়।[4]
২০১৩ চনত দক্ষিণ আফ্ৰিকাৰ ম্বম্বেলা পৌৰসভাৰ কলা সংগ্ৰহালয়কে ধৰি সমগ্ৰ বিশ্বতে আৰু অধিক অনুষ্ঠান অনুষ্ঠিত হৈছিল।[5] কিন্তু ছুইডেনৰ উদ্যাপনত বিতৰ্কৰ সৃষ্টি হৈছিল যেতিয়া ছুইডেনৰ সংস্কৃতি মন্ত্ৰী লেনা এডেলছন লিলজেৰথে এগৰাকী কৃষ্ণাংগ আফ্ৰিকান মহিলাক প্ৰতিনিধিত্ব কৰা কেকৰ যৌনাংগ কাটিছিল। পৰিৱেশন কলাৰ উদ্দেশ্য আছিল যৌনাংগ বিকৃতিৰ বিৰুদ্ধে বক্তব্য দিয়া যদিও বহুতে এই চিত্ৰণক বৰ্ণবাদী বুলি বিবেচনা কৰিছিল।[6]
বিশ্ব কলা দিৱসক অনলাইনতো সহায় কৰা হৈছে, বিশেষকৈ গুগল আৰ্ট প্ৰজেক্টৰদ্বাৰা।[7]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Why World Art Day?". International Association of Art. Archived from the original on December 25, 2013. https://web.archive.org/web/20131225154413/http://iaaworldartday.com/why-wad/। আহৰণ কৰা হৈছে: February 10, 2014.
- ↑ 2.0 2.1 . প্ৰকাশক New Zealand. April 7, 2013. http://sciencelens.co.nz/2013/04/15/world-art-day/.
- ↑ 3.0 3.1 . প্ৰকাশক Istanbul. April 11, 2012. http://www.hurriyetdailynews.com/world-art-day-to-be-celebrated-april-15.aspx?pageID=238&nID=18099&NewsCatID=359.
- ↑ 4.0 4.1 4.2 4.3 . প্ৰকাশক Caracas. April 12, 2012. http://www.eluniversal.com/arte-y-entretenimiento/cultura/120412/dia-mundial-del-arte-se-celebra-este-sabado-en-caracas.
- ↑ ""World Art Day" Exhibition". প্ৰকাশক South Africa: MBombela Art Gallery. Archived from the original on August 19, 2022. https://web.archive.org/web/20220819204155/https://www.mbombela.gov.za/drysdale%20street%20world%20art%20day%20exhibition.pdf। আহৰণ কৰা হৈছে: February 10, 2014.
- ↑ . প্ৰকাশক New York. April 22, 2013. http://amsterdamnews.com/news/2013/apr/22/swedish-minister-celebrates-world-art-day-by/.
- ↑ . April 15, 2013. http://www.technewsdaily.com/17753-google-art-project.html.