বিশ্ব কল্যাণ ৰথ
| বিশ্ব কল্যাণ ৰথ | |||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| জন্ম | ২৭ ডিচেম্বৰ, ১৯৮৯ (৩৫ বছৰ)[1] ৰুড়কেলা, উৰিষ্যা, ভাৰত | ||||||||||||||||||||
| শিক্ষানুষ্ঠান | আইআইটি খড়গপুৰ | ||||||||||||||||||||
| পেচা | |||||||||||||||||||||
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমানলৈকে | ||||||||||||||||||||
| দাম্পত্যসঙ্গী | সুলগ্না পানিগ্ৰহী (বি. ২০২০) | ||||||||||||||||||||
| সন্তান | ৰুশিল পানিগ্ৰহী | ||||||||||||||||||||
| |||||||||||||||||||||
বিশ্ব কল্যাণ ৰথ (ইংৰাজী: Biswa Kalyan Rath) এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু ইউটিউবাৰ। ইউটিউবযোগে মুকলি কৰা কমেডী শৃংখল প্ৰেটেণ্টিয়াছ মুভি ৰিভিউ[2]ৰ জৰিয়তে তেওঁ সহযোগী কমেডিয়ান কানান গীলৰ সৈতে পৰিচিতি লাভ কৰে। ২০১৬ চনত নেটফ্লিক্সৰ চেক্স কমেডী ছবি ব্ৰহ্ম নমনত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০১৭ চনৰ আমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক লাখো মেইন এক ৰ নিৰ্মাণ কৰে। ২০২০ চনৰ ৯ ডিচেম্বৰত ৰথে অভিনেত্ৰী সুলগনা পানীগ্ৰহীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১২ চনত আইআইটি খড়্গপুৰৰ পৰা জৈৱ প্ৰযুক্তিবিদ্যাত স্নাতক হোৱাৰ পিছত[4][5][6] তেওঁ ম'বাইল ছিকিউৰিটি ষ্টাৰ্টআপ বিটজাৰম’বাইলত কাম কৰিছিল। এই সময়তে তেওঁ ২০১৩ চনত বেংগালুৰুত অনুষ্ঠিত হোৱা মুকলি মাইক অনুষ্ঠানত কানন গীলক লগ পায়।[7] ২০১৪ চনত তেওঁ অৰেকলৰ চাকৰি এৰি পূৰ্ণকালীন কমেডিয়ান হৈছিল।[8]
বিশ্ব আৰু কাননে প্ৰেটেন্সিয়াছ মুভি ৰিভিউৰ ধাৰণাটো লৈছিল, যিটো ভিডিঅ’ৰ ধাৰাবাহিকতা অতি সোনকালেই ইউটিউবত ভাইৰেল হৈ পৰিছিল। এই ধাৰাবাহিকখনত তেওঁলোকে সমালোচনাত্মকভাৱে লিখা বলিউডৰ ছবিসমূহৰ পৰ্যালোচনা কৰে।[9] ভাৰতীয় পপ সংস্কৃতিত ইমানেই নিহিত হৈ থকাৰ বাবেই তেওঁলোকে বলিউডৰ চিনেমা বাছি লৈছিল।[10][11] ২০১৪ চনত তেওঁ কানন গিলৰ সৈতে গুৰগাঁৱত প্ৰথমটো লাইভ শ্ব' পৰিৱেশন কৰে।[12]
২০১৫ চনত তেওঁ ষ্টেণ্ড-আপ কমেডি কৰিবলৈ আৰম্ভ কৰে আৰু ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ প্ৰথম একক ৰাষ্ট্ৰীয় ভ্ৰমণ কৰে আৰু বেংগালুৰু,পুনে, মুম্বাই, হায়দৰাবাদ আৰু কলকাতাত শ্ব' কৰে।[13] ২০১৫ চনত তেওঁ এআইবি আৰু অন্যান্য কমেডিয়ানসকলৰ সৈতে কমেডী হাণ্টৰ আয়োজক আছিল আৰু বিশ্ব মস্ত আদমী নামেৰেও ভ্ৰমণ কৰিছিল।[14] তেওঁ "লাখো মেইন এক" নামৰ এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিছে যিখন ২০১৭ চনৰ অক্টোবৰ মাহত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পাইছিল।[15] আৰু এইচ ডি এফ চি লাইফৰ বিহাইণ্ড দ্য জাৰ্নি ভিডিঅ' ছিৰিজত অভিনয় কৰিছিল[16]
২০২০ চনৰ ডিচেম্বৰ মাহত বিশ্বই ফ্ৰন্টৰ'ৰ সৈতে উদীয়মান ষ্টেণ্ড আপ কমেডিয়ানসকলৰ বাবে এক এক্সক্লুছিভ মাষ্টাৰক্লাছ[17] আৰম্ভ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kanan and Biswa: Most Random Ever". 16 November 2015. http://www.vervemagazine.in/arts-and-culture/kanan-and-biswa-most-random-ever.
- ↑ "Pretentious Movie Reviews". https://www.youtube.com/playlist?list=PLVmwHEj8mVmAkqqZjD8EKEY2iawIVHg3G। আহৰণ কৰা হৈছে: 5 August 2017.
- ↑ "Biswa Kalyan Rath gets married to Sulagna Panigrahi". 19 December 2020. https://www.indianexpress.com/article/entertainment/television/stand-up-comic-biswa-kalyan-rath-gets-married-to-actor-sulagna-panigrahi-7111150/lite/.
- ↑ "During my IIT days, I realised I like joking more than engineering: Biswa Kalyan Rath". The Times of India. 2017-03-27. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/during-my-iit-days-i-realised-i-like-joking-more-than-engineering-biswa-kalyan-rath/articleshow/57854311.cms.
- ↑ India, IIT KGP Alumni Foundation. "Unique Talents of KGP'ians: Biswa Kalyan Rath, from KGP to TV - Newsroom" (en ভাষাত). IIT KGP Alumni Foundation India. https://www.iitkgpalumnifoundation.in/newsroom/news/Unique-Talents-of-KGPians-Biswa-Kalyan-Rath-from-KGP-to-TV.dz। আহৰণ কৰা হৈছে: 2023-05-10.
- ↑ "Biswa Kalyan Rath • EartH (Evolutionary Arts Hackney)" (en-US ভাষাত). earthackney.co.uk. https://earthackney.co.uk/performers/biswa-kalyan-rath/। আহৰণ কৰা হৈছে: 2023-05-10.
- ↑ Apoorva Sripathi (9 March 2015). "Reels of fun". The Hindu. http://www.thehindu.com/features/metroplus/society/reels-of-fun/article6941115.ece। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ Rhea Yadav (5 September 2014). "In Conversation With Biswa Kalyan Rath: Of Pretentiousness and Gamechanging". University Express. Archived from the original on 3 February 2016. https://web.archive.org/web/20160203170041/http://www.universityexpress.co.in/delhiuniversity/2014/09/conversation-biswa-kalyan-rath-pretentiousness-gamechanging/। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ ET Bureau (9 May 2014). "Reviewer duo Kanan Gill and Biswa Kalyan Rath throw a few punches at bad Bollywood movies". The Economic Times. http://economictimes.indiatimes.com/magazines/panache/reviewer-duo-kanan-gill-and-biswa-kalyan-rath-throw-a-few-punches-at-bad-bollywood-movies/articleshow/34867519.cms। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ "During my IIT days, I realised I like joking more than engineering: Biswa Kalyan Rath - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/during-my-iit-days-i-realised-i-like-joking-more-than-engineering-biswa-kalyan-rath/articleshow/57854311.cms.
- ↑ Somya Lakhani (9 May 2014). "Boys of Bollywood". The Indian Express. http://indianexpress.com/article/cities/mumbai/boys-of-bollywood-2/। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ Aanchal Tuli (22 August 2014). "Kanan Gill and Biswa Kalyan Rath's first live show in Gurgoan". The Times of India. http://timesofindia.indiatimes.com/entertainment/events/delhi/Kanan-Gill-and-Biswa-Kalyan-Raths-first-live-show-in-Gurgoan/articleshow/40598905.cms। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ Manali Shah (23 October 2015). "Most serious ever: Biswa on life before Pretentious Movie Reviews". The Hindustan Times. http://www.hindustantimes.com/art-and-culture/most-serious-ever-comedian-biswa-on-life-before-pretentious-movie-reviews/story-TO8gdMz2cVEHNnRK892uoN.html। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ Hena Mehta (4 October 2015). "Comedians stand up and get counted". The Hindu. http://www.thehindu.com/entertainment/comedians-stand-up-and-get-counted/article7720737.ece। আহৰণ কৰা হৈছে: 29 January 2016.
- ↑ "Laakhon Mein Ek Trailer". https://www.youtube.com/watch?v=mHqaheLq730.
- ↑ "Behind the Journey with Biswa". https://www.youtube.com/watch?v=plmKUFhqWJs.
- ↑ (en ভাষাত) Learn Comedy on FrontRow with Biswa, https://www.youtube.com/watch?v=lycIjZaxLxg, আহৰণ কৰা হৈছে: 2021-06-15
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিশ্ব কল্যাণ ৰথ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।