সমললৈ যাওক

বিশ্ব শান্তি পেগোডা, লুম্বিনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব শান্তি পেগোডা
সাধাৰণ তথ্য
স্থান লুম্বিনী
ভৌগোলিক স্থানাংক 27°29′53″N 83°16′26″E / 27.498°N 83.274°E / 27.498; 83.274স্থানাংক: 27°29′53″N 83°16′26″E / 27.498°N 83.274°E / 27.498; 83.274
ধৰ্মীয় আনুগত্য বৌদ্ধ ধৰ্ম
অৱস্থা উপাসনা থলী
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
স্থাপত্য প্ৰকাৰ স্তুপ
নিৰ্দিষ্টকৰণ

বিশ্ব শান্তি পেগোডা, ইয়াক নিপ্পনজান শান্তি পেগোডা বুলিও কোৱা হয়, নেপালৰ লুম্বিনিত থকা বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ। ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণত জাপানী বৌদ্ধসকলে প্ৰায় এক মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিছিল।[1] পেগোডাটো লুম্বিনী মাষ্টাৰ প্লেনৰ কেন্দ্ৰীয় অক্ষৰ আৰম্ভণি বিন্দু হিচাপে আছে আৰু আনটো মূৰত আছে মায়াদেৱী মন্দিৰ। পেগোডাৰপৰা মন্দিৰলৈ দূৰত্ব প্ৰায় ৩.২ কিলোমিটাৰ।[1] স্তুপত থকা চিৰিৰে তিনিটা ভিন্ন স্তৰলৈ যাব পাৰি। স্তুপটো বগা ৰঙৰ আৰু মজিয়াখন শিলেৰে পকী কৰা হৈছে। ইয়াত চাৰিটা দিশলৈ মুখ কৰি বুদ্ধৰ চাৰিটা বৃহৎ সোণৰ মূৰ্তি আছে।

স্তুপৰ গুৰিৰ ওচৰত এজন জাপানী সন্ন্যাসী (উনাটক নৱতামে)ৰ কবৰ আছে, যিজনক ওচৰতে ভাৰতৰপৰা অহা ডকাইতে গুলীয়াই হত্যা কৰিছিল।[2][3]

স্তুপৰ উত্তৰ অঞ্চলটো মূলতঃ কৰ্চন চৰাইৰ বাসস্থানৰ বাবে সংৰক্ষিত।[4]

চিত্ৰশালা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "World Peace Pagoda- World Heritage Journeys Buddha". Archived from the original on 2020-09-08. https://web.archive.org/web/20200908122216/https://visitworldheritage.com/en/buddha/world-peace-pagoda/74ad2d8b-657a-49fb-b20e-81277b6d4186 আহৰণ কৰা হৈছে: 2020-08-22.
  2. "World Peace Pagoda | Nepal Attractions". Lonely Planet. https://www.lonelyplanet.com/nepal/the-terai-and-mahabharat-range/lumbini/attractions/world-peace-pagoda/a/poi-sig/481218/357154 আহৰণ কৰা হৈছে: 2020-08-22.
  3. Castleman, Seth. "Pilgrims, Peace, and Politics: Lumbini, Birthplace of Gautama Buddha". Tricycle: The Buddhist Review. https://tricycle.org/magazine/pilgrims-peace-and-politics-lumbini-birthplace-gautama-buddha/ আহৰণ কৰা হৈছে: 2020-08-22.
  4. "Lumbini hosts sarus crane festival to raise awareness on the endangered bird". https://kathmandupost.com/province-no-5/2019/11/29/lumbini-hosts-sarus-crane-festival-to-raise-awareness-on-the-endangered-bird আহৰণ কৰা হৈছে: 2020-08-22.