বিষ্ণু ভাৰতী
অৱয়ব
| বিষ্ণু ভাৰতী | |
|---|---|
| জন্ম | শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক |
| পেচা | পুৰাণৰ অনুবাদক |
| ভাষা | অসমীয়া |
বিষ্ণু ভাৰতী আছিল শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক কবি। তেওঁ ভাগৱতৰ চতুৰ্থ স্কন্ধৰপৰা বিষয়বস্তু সংগ্ৰহ কৰি 'ধ্ৰুৱ চৰিত্ৰ' আৰু 'ভাগৱত-ৰত্ন' নামে দুখন পুথি ৰচনা কৰে। 'ভাগৱত ৰত্ন', গ্ৰন্থখন দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ স্বৰূপ। এই গ্ৰন্ধখন ভাগৱত আচাৰ্যৰ 'ভাগৱত-কথাসূত্ৰ'ৰ একে পৰ্যায়ৰ। বিষ্ণু ভাৰতীয়ে 'ভাগৱত-ৰত্ন' গ্ৰন্থখনৰ প্ৰাৰম্ভতে কবিয়ে প্ৰসিদ্ধ টীকাকাৰ শ্ৰীধৰ স্বামীৰ প্ৰভাৱ উল্লেখ কৰিছে। বিষ্ণু ভাৰতীয়ে নিজকে 'কবিৰত্নসুত' বুলি পৰিচয় দিছে।[1][2]
ৰচনাৱলী
[সম্পাদনা কৰক]বিষ্ণু ভাৰতীয়ে দুখন পুথি ৰচনা কৰে। সেই কেইখন হ'ল-
- ধ্ৰুৱ চৰিত্ৰ
- ভাগৱত - ৰত্ন