সমললৈ যাওক

বিষ্ণু ভিকাজী কোলতে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিষ্ণু ভিকাজী কোলতে
জন্ম ২২ জুন, ১৯০৮
মৃত্যু ০৯ এপ্ৰিল, ১৯৯৮ (৮৯ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ভৌচাহেব কোলতে
পেচা শিক্ষক
জনা যায় "মহানুভৱ" সাহিত্যৰ গৱেষণা


বিষ্ণু ভিকাজী কোলতে (মাৰাঠী: विष्णु भिकाजी कोलते, ১৯০৮–১৯৯৮) (ভৌচাহেব কোলতে নামৰে জনাজাত) এজন মাৰাঠী লেখক আৰু পুৰণি মাৰাঠী সাহিত্যৰ গৱেষক আছিল। তেওঁ ভাৰতমহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাষ্ট্ৰসন্ত তুকাডোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

কোলতেৰ জন্ম হৈছিল ১৯০৮ চনৰ ২২ জুনত বম্বে প্ৰেচিডেন্সিৰ বুলডানা জিলাৰ মলকাপুৰ তালুকৰ নৰৱেলৰ লেভা পাটিদাৰ পৰিয়ালত। তেওঁৰ পিতৃ ভিকাজী কোলতে এজন খেতিয়ক আৰু সত্যশোধক সমাজৰ সদস্য আছিল৷

কোলতে মালকাপুৰ আৰু খামগাঁৱত স্কুলীয়া শিক্ষা লাভ কৰে৷ তেওঁ নাগপুৰৰ মৰিছ কলেজৰ পৰা বি এ, আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ, তিনিটা স্বৰ্ণ পদক লাভ কৰে।

আমৰাৱতী আৰু তাৰ পিছত নাগপুৰৰ মৰিছ কলেজত মাৰাঠী ভাষাৰ সহকাৰী অধ্যাপক হিচাপে তেওঁ নিজৰ পেছাদাৰী জীৱন আৰম্ভ কৰে৷ তাৰ পিছত তেওঁ মৰিছ কলেজৰ অধ্যক্ষ হিচাপে কাম কৰে। নাগপুৰ বিশ্ববিদ্যালয়ত তেওঁ মাৰাঠী ভাষাৰ অধ্যয়ন ব’ৰ্ডৰ সদস্য, আৰু পিছলৈ অধ্যক্ষ; কলা অনুষদৰ এজন সদস্য, আৰু পিছলৈ ডীন; আৰু একাডেমিক কাউন্সিল আৰু কাৰ্যবাহী পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল। নাগপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ অধ্যয়ন ব’ৰ্ডৰ সদস্য আৰু আন চাৰিখন বিশ্ববিদ্যালয়ৰ কলা অনুষদৰ সদস্য আছিল।

কোলতেৰ সভাপতিত্বত বিদৰ্ভা সঠিয়া সংঘ আৰু মহাৰাষ্ট্ৰ ভাষা সভা অনুষ্ঠিত হৈছিল৷ তেওঁ ১৯৫৬ চনৰ পৰা ১৯৬১ চনলৈ নতুন দিল্লীৰ সাহিত্য অকাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য আছিল।

শৈক্ষিক কৰ্ম

[সম্পাদনা কৰক]

কোলতেই মহানুভৱ সাহিত্যৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল।[1] তেওঁ মাৰাঠী, প্ৰাকৃত, আৰু কন্নড় ভাষাৰ প্ৰায় ২০ খন প্ৰাচীন তামৰ ফলক আৰু শিলৰ শিলালিপিৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ মহানুভৱ পণ্ডিতসকলৰ সাহিত্য ডিকোড কৰিছিল, যিবোৰ তেওঁলোকে ত্ৰয়োদশ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ ভিতৰত অস্পষ্ট সংকেত ভাষাত লিখিছিল। গৱেষণা কৰা সাহিত্যৰ বিষয়ে তেওঁ নিজৰ গ্ৰন্থসমূহৰ বিস্তৃত পৰিচয় লিখিছিল।

মাৰাঠী ভাষাৰ প্ৰথম জ্ঞাত জীৱনী "লীলা চৰিত্ৰ"ৰ ওপৰত বিদ্বান গ্ৰন্থৰ বাবে সৰ্বভাৰতীয় মহানুভৱ পৰিষদে ১৯৫৬ চনত তেওঁক বিদ্যাৰত্ন উপাধি প্ৰদান কৰে।[2]

কোলতেই মাৰাঠী লিপিৰ সৰলীকৰণৰ ওপৰত এখন গ্ৰন্থ লিখিছিল৷ তেওঁ ১৯৬৭ চনত ভূপালত অনুষ্ঠিত মাৰাঠী সাহিত্য সন্মিলনৰ সভাপতি আছিল।

সাহিত্য সম্ভাৰ

[সম্পাদনা কৰক]

কোলতেই ২৫০ টাতকৈও অধিক গৱেষণামূলক প্ৰবন্ধ আৰু ২০খনতকৈও অধিক কিতাপ ৰচনা কৰিছিল।[3] তেওঁ লিখা গ্ৰন্থসমূহৰ আংশিক তালিকা তলত দিয়া হ'ল:

  • লাভলী (কবিতা সংকলন) (১৯২৮)
  • মাৰাঠী সন্তো কা সমাজিক কাৰ্য (সমালোচনা) (১৯৩৫) (হিন্দী)
  • ভাস্কৰ ভট্ট বোৰীকৰ: চৰিত্ৰ ভা কাব্যবিবেচন (সমালোচনা) (১৯৩৫)
  • স্বস্তিক (কবিতা সংকলন) (১৯৩৭)
  • মহানুভৱ তত্ত্বজ্ঞান (১৯৪৫)
  • মহানুভৱ আচাৰধৰ্ম (১৯৪৮)
  • শ্ৰী চক্ৰধৰ (সাহিত্যিক জীৱনী) (১৯৫২)
  • মহানুভৱ সংশোধন (দুটা খণ্ডত) (১৯৬২ আৰু '৮৪)
  • সাহিত্য সঞ্চাৰ (নিবন্ধ) (১৯৬৫)
  • প্ৰচীন মাৰাঠী সাহিত্য সংশোধন (মধ্যযুগীয় মাৰাঠী সাহিত্যৰ ওপৰত ৰচনা) (১৯৬৮)
  • চক্ৰধৰ শেৱতাচে প্ৰকৰণ (১৯৮২)
  • মাৰাঠী অস্মিতেচা শোধ (১৯৮৯)
  • গিৰিপৰ্ণ (নিবন্ধ) (১৯৮৯)
  • স্নেহবন্ধ (নিবন্ধ) (১৯৯৪)
  • অজুনী চালতোচ ৱাট (১৯৯৪) (অত্মচৰিত্ৰ)
  • মহাত্মা ৰাৱণ (পুস্তিকা)
  • সৈহ্যাদ্ৰী-মাহাত্ম্য

সম্পাদনা কৰা কিতাপ

[সম্পাদনা কৰক]

কোলতেই ১৫খনতকৈও অধিক কিতাপ সম্পাদনা কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল:

  • উদ্ধৱ গীতা (১৯৩৫)
  • স্থান পোথী (১৯৩৭)
  • ৰুক্মিণী স্বয়ংৱৰ (১৯৪০)
  • ৱাচাহৰণ (১৯৫৩)
  • শিশুপাল বধ (১৯৬০)
  • মূৰ্তিপ্ৰকাশ (১৯৬২)
  • লীলাচৰিত্ৰ (১৯৭৮)
  • শ্ৰী গোবিন্দ প্ৰভু (১৯৯৪)

কোলতেক ১৯৯১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে।[4]

১৯৯৪ চনত তেওঁক সাহিত্য অকাডেমী ফেল’শ্বিপ প্ৰদান কৰা হয়।

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dutt, K.C (1999). Who's Who of Indian Writers, 1999. one. Sahitya Akademi. পৃষ্ঠা. 615. ISBN 81-260-0873-3. 
  2. Chopra, Pran Nath (1982). Religions and Communities of India. Vision Books. পৃষ্ঠা. 53. ISBN 978-0-85692-081-3. 
  3. "Kolte -- an academician par excellence". The Indian Express. 10 April 1998. http://www.expressindia.com/news/ie/daily/19980410/10050634.html. 
  4. "List of Padma Shri Awardees". Government of India. http://india.gov.in/myindia/images/ps_awards.pdf.