বিষ্ণু মাঝি
বিষ্ণু মাঝি | |
---|---|
![]() বিষ্ণু মাঝি | |
প্ৰাথমিক তথ্য | |
জন্ম | ২৬ জুন, ১৯৮৬ (৩৯ বছৰ) খৈয়াৰ ঘাট, স্যাংজা, নেপাল |
সংগীতৰ প্ৰকাৰ | লোক-সংগীত |
পেচা | গায়িকা |
বাদ্যযন্ত্ৰ | কণ্ঠ |
কাৰ্যকাল | ২০০৩–বৰ্তমান |
বিষ্ণু মাঝি (ইংৰাজী: Bishnu Majhi; নেপালী: विष्णु माझी; জন্ম ১৯৮৬) এগৰাকী নেপালী লোক-গায়ক। তেওঁ নেপালৰ সৰ্বাধিক উপাৰ্জন কৰা গায়িকা, তেওঁ ১৫ বছৰ ধৰি চলি থকা কেৰিয়াৰত ৫,০০০ৰো অধিক গীত বাণীবদ্ধ কৰিছে৷[1][2] ২০২০ চনৰ আৰম্ভণিলৈকে তেওঁৰ ২০১৮ চনৰ গীত "ছালকো পাটকো তাপৰি হুনি" ইউ-টিউবত সৰ্বাধিক দৰ্শন কৰা নেপালী লোক-গীত হিচাপে পৰিগণিত হয়, গীতটো ৯ কোটিতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে।
গ্ৰাম্য স্যাংজাৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বিষ্ণুৱে পঞ্চম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল, আৰু ১৩ বছৰ বয়সত ৰাজহুৱা অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰিছিল। ২০০৪ চনৰ আশে-পাশে কাঠমাণ্ডুত পেছাদাৰী জীৱন আৰম্ভ কৰাৰ পিছত সুন্দৰমণি অধিকাৰীৰ সহায়ত তেওঁ দ্ৰুতগতিত খ্যাতি লাভ কৰিছিল। তেওঁৰ গোটেই কেৰিয়াৰত ব্যক্তিগত জীৱন যাপন কৰি আহিছে, তেওঁৰ স্বামীয়ে তেওঁৰ সকলো চুক্তি, সময়সূচী আৰু যোগাযোগ পৰিচালনা কৰিছিল, যাৰ ফলত তেওঁৰ মংগল আৰু সুৰক্ষাৰ বিষয়ে জনসাধাৰণৰ মাজত চৰ্চা আৰু চিন্তাৰ সৃষ্টি হৈছে।[1][2][3]
বঁটা
[সম্পাদনা কৰক]বিষ্ণু মাঝিয়ে ২০০৮ চনত কালিকা সংগীত বঁটা ২০৬৫ৰ শ্ৰেষ্ঠ লোক-গায়ক,[4] ২০১২ চনত কালিকা এফ এম সংগীত বঁটা ২০৬৯ৰ শ্ৰেষ্ঠ লোক-গায়ক[5] আৰু ২০২০ বৰ্ষত হিটছ এফ এম মিউজিক এৱাৰ্ডৰ ফক ৰেকৰ্ড অৱ দ্য ইয়েৰ লাভ কৰিছে৷[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "गुमनाम गायिका" (English ভাষাত). nepalmag.com.np. https://nepalmag.com.np/art/2014/08/10/7279। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ 2.0 2.1 "गुमनाम सुपरस्टार विष्णु माझी" (Nepali ভাষাত). narimag.com.np. https://narimag.com.np/news/2019-03-28/20190328103106.html। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ "मिडियामा सार्वजनिक हुँदै विष्णु माझी !" (Nepali ভাষাত). saptahik.com.np. https://saptahik.com.np/news/2019-06-17/20190617125320.html। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ "Kalika Music Awards held" (en-US ভাষাত). The Himalayan Times. 3 October 2008. https://thehimalayantimes.com/entertainment/kalika-music-awards-held/। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ Ltd, SoftNEP Pvt. "कालिका एफ एफ म्युजिक अवार्ड २०६९ बाट कसले कुन अवार्ड पाए (पुरा एक दशक को बिदाई)". kalikafm. http://kalikafm.com.np/index.php?pageName=news_details&catId=2&id=10142। আহৰণ কৰা হৈছে: 11 May 2020.[সংযোগবিহীন উৎস]
- ↑ "Sabin Rai and The Pharaoh win big at the annual Hits FM music awards" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-entertainment/2020/01/19/celebrating-nepali-music-industry। আহৰণ কৰা হৈছে: 11 May 2020.