বিহাৰ দিৱস
| বিহাৰ দিৱস | |
|---|---|
| অন্য নাম | বিহাৰ দিৱস, বিহাৰ স্থাপনা দিৱস |
| পালন কৰে | বিহাৰ, ভাৰত |
| প্ৰকাৰ | ৰাজ্যিক |
| মহত্ব | ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ পৃথক হোৱাটো চিহ্নিত কৰে |
| তাৰিখ | ২২ মাৰ্চ |
| পৰৱৰ্তী তাৰিখ | প্ৰতি বছৰে একেদিনাই |
| অৱধি | ১ দিন |
বিহাৰ দিৱস (ইংৰাজী: Bihar Day) ভাৰতৰ বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠাবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২২ মাৰ্চত পালিত এটি দিৱস।[1] ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ আৰু উৰিষ্যা বিভাগ পৃথক কৰি ব্ৰিটিছ ভাৰতত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হৈছিল৷[2][3] বিহাৰত এই দিনটো চৰকাৰী বন্ধৰ দিন।[4]
বিহাৰ দিৱস নীতিশ কুমাৰৰ কাৰ্যকালত বিহাৰ চৰকাৰে বৃহৎ পৰিসৰত আৰম্ভ কৰি উদ্যাপন কৰিছিল৷[5] ভাৰতৰ বাহিৰেও আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী,[6] ব্ৰিটেইন (স্কটলেণ্ড),[7] অষ্ট্ৰেলিয়া, কানাডা, বাহৰেইন, কাটাৰ, সংযুক্ত আৰৱ আমিৰাত, ট্ৰিনিদাদ আৰু ট'বাগো আৰু মৰিছাছ আদি দেশত এই দিৱস উদ্যাপন কৰা হয়।[8]
উদ্যাপন
[সম্পাদনা কৰক]প্ৰতিবছৰে বিহাৰ চৰকাৰে ২২ মাৰ্চক বিহাৰ দিৱস হিচাপে পালন কৰিবলৈ চৰকাৰী বন্ধ ঘোষণা কৰি অধিসূচনা জাৰি কৰে। এই বন্ধৰ দিনটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো কাৰ্যালয় আৰু কোম্পানীৰ লগতে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি এই দিৱস উদ্যাপন কৰে।[9]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "बिहार दिवस विशेष: ऐसे अस्तित्व में आया अपना बिहार, ...जानें" (hi-in ভাষাত). Wire Khabar. 2025-03-22. Archived from the original on 2021-08-24. https://web.archive.org/web/20210824051636/https://www.mpost.website/jara-hat-ke/bihar-do-you-know-first-name-of-the-state.html। আহৰণ কৰা হৈছে: 2025-08-16.
- ↑ . 22 March 2017. Archived from the original on 24 March 2017. https://web.archive.org/web/20170324163202/http://timesofindia.indiatimes.com:80/city/patna/stage-set-for-105th-bihar-diwas/articleshow/57759419.cms.
- ↑ . 12 March 2017. Archived from the original on 15 March 2017. https://web.archive.org/web/20170315162614/http://timesofindia.indiatimes.com:80/city/patna/bihar-diwas-sunidhi-chauhan-to-perform-at-gandhi-maidan-on-mar-22/articleshow/57597436.cms.
- ↑ "Bihar Diwas marks public Holiday in Bihar". news.biharprabha.com. http://news.biharprabha.com/2012/03/bihar-diwas-marks-public-holiday-in-bihar/। আহৰণ কৰা হৈছে: 22 March 2014.
- ↑ . 2022-03-23. https://timesofindia.indiatimes.com/city/patna/bihar-diwas-celebrated-withpride-across-country-abroad/articleshow/90385302.cms.
- ↑ "26 मई को जर्मनी में मनेगा बिहार दिवस, ...जानिए" (hi-IN ভাষাত). Live Bihar News | लाइव बिहार न्यूज़. 2018-03-30. Archived from the original on 22 September 2019. https://web.archive.org/web/20190922040210/https://www.livebiharnews.in/news/bihar-diwas-to-be-celebrated-in-germany.html। আহৰণ কৰা হৈছে: 2019-09-22.
- ↑ (hi-IN ভাষাত). 2018-03-21. Archived from the original on 21 March 2018. https://web.archive.org/web/20180321193053/https://www.livebiharnews.in/news/bihar-diwas-celebrated-in-patna-of-scotland.html.
- ↑ "Bihar Day to be celebrated in seven countries". news.biharprabha.com. http://news.biharprabha.com/2011/03/bihar-day-to-be-celebrated-in-seven-countries/। আহৰণ কৰা হৈছে: 22 March 2014.
- ↑ "Bihar Diwas functions from today". The Times of India. 2010-03-22. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/patna/bihar-diwas-functions-from-today/articleshow/5709670.cms.
| |||||