সমললৈ যাওক

বিহাৰ প্ৰদেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিহাৰ প্ৰদেশ
প্ৰদেশ of ব্ৰিটিছ ভাৰত
১৯৩৬–১৯৪৭
Flag of বিহাৰ
Flag

১৯৪০ চনৰ ব্ৰিটিছ ভাৰতৰ মানচিত্ৰত বিহাৰ প্ৰদেশ
ৰাজধানীপাটনা
ইতিহাস 
১৯৩৬
• ভাৰতৰ স্বাধীনতা
১৯৪৭
• বিহাৰ ৰাজ্যৰ বিভাজন
২০০০
পূৰ্বৱৰ্তী
পৰৱৰ্তী
বিহাৰ আৰু উৰিষ্যা প্ৰদেশ
বিহাৰ
ঝাৰখণ্ড
Today part of

বিহাৰ প্ৰদেশ (ইংৰাজী: Bihar Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯৩৬ চনত বিহাৰ আৰু উৰিষ্যাৰ বিভাজন ঘটি এই প্ৰদেশখনৰ সৃষ্টি হৈছিল।

১৭৫৬ চনত বিহাৰ বেংগল প্ৰেচিডেঞ্চিৰ অংশ আছিল। ১৮০৩ চনৰ ১৪ অক্টোবৰত উৰিষ্যা ব্ৰিটিছে দখল কৰে। [1] ১৯১২ চনৰ ২২ মাৰ্চত বিহাৰ আৰু উৰিষ্যা বংগৰ পৰা পৃথক কৰি বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হয়। [2] আকৌ ১৯৩৬ চনৰ ১ এপ্ৰিলত বিহাৰ আৰু উৰিষ্যা দুখন প্ৰদেশত পৰিণত হয়। [3]

ভাৰত চৰকাৰ আইনত প্ৰাদেশিক বিধানসভা আৰু দায়িত্বশীল চৰকাৰ নিৰ্বাচনৰ ব্যৱস্থা ৰখা হৈছিল। সেই অনুসাৰে ১৯৩৭ চনত নিৰ্বাচন অনুষ্ঠিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে যদিও চৰকাৰ গঠন কৰিবলৈ অস্বীকাৰ কৰে। ফলস্বৰূপে মহম্মদ ইউনুছৰ অধীনত সংখ্যালঘু অস্থায়ী চৰকাৰ এখন গঠন কৰা হয়। [4]

কিন্তু ১৯৩৭ চনৰ জুলাই মাহত কংগ্ৰেছে পূৰ্বৰ সিদ্ধান্ত সলনি কৰি কাৰ্যভাৰ গ্ৰহণ কৰাৰ সংকল্প লয়। সেয়েহে গৱৰ্ণৰে শ্ৰী কৃষ্ণ সিনহাক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়।

১৯৩৯ চনত গৱৰ্ণৰ জেনেৰেলে অন্যান্য প্ৰদেশৰ কংগ্ৰেছ মন্ত্ৰালয়কে ধৰি কোনো ভাৰতীয় নেতাৰ লগত আলোচনা নকৰাকৈয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত সিনহাই পদত্যাগ কৰে আৰু বিহাৰ গৱৰ্ণৰৰ শাসনৰ অধীনলৈ আহে। ১৯৪৬ চনত আন এক ৰাউণ্ড নিৰ্বাচন অনুষ্ঠিত হোৱাত কংগ্ৰেছৰ পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু সিনহা পুনৰ চৰকাৰৰ প্ৰমুখ (Premier) হয়।

অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত বিহাৰ প্ৰদেশ স্বাধীন ভাৰতৰ অংশ হৈ পৰে। [5]

প্ৰিমিয়াৰ

[সম্পাদনা কৰক]
  • ১ এপ্ৰিল ১৯৩৭ – ১৯ জুলাই ১৯৩৭: মহম্মদ ইউনুছ (মুছলিম ইনডিপেণ্ডেণ্ট পাৰ্টী)
  • ২০ জুলাই ১৯৩৭ – ৩১ অক্টোবৰ ১৯৩৯: শ্ৰী কৃষ্ণ সিনহা (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  • ৩১ অক্টোবৰ ১৯৩৯ – ২৩ মাৰ্চ ১৯৪৬ গৱৰ্ণৰৰ শাসন
  • ২৩ মাৰ্চ ১৯৪৭ – ১৫ আগষ্ট ১৯৪৭: শ্ৰী কৃষ্ণ সিনহা (ভাৰতীয় জাতীয় কংগ্ৰেছ)

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Newalpuri, Hafeezullah (ur ভাষাত). Orissa Mein Urdu (2001 সম্পাদনা). প্ৰকাশক New Delhi: National Council for Promotion of Urdu Language. পৃষ্ঠা. 30. https://www.rekhta.org/ebooks/odisha-mein-urdu-hafeezullah-newalpuri-ebooks/?lang=Ur. 
  2. O'malley, L. S. S. (1924) (en ভাষাত). Bihar And Orissa District Gazetteers Patna. Concept Publishing Company. ISBN 9788172681210. https://books.google.com/books?id=a-QaOP5nK-MC&q=patna%2520capital%2520bihar%2520orissa%2520province&pg=PA44. 
  3. (or ভাষাত) ଇତିହାସ ଓ ରାଜନୀତି ବିଜ୍ଞାନ (ଶ୍ରେଣୀ ୧୦) (2018 সম্পাদনা). Government of Odisha. পৃষ্ঠা. 62, 69. 
  4. "PROVINCIAL GOVERNMENTS (MINISTERS).". Parliamentary Debates (Hansard). 19 April 1937. https://api.parliament.uk/historic-hansard/commons/1937/apr/19/provincial-governments-ministers। আহৰণ কৰা হৈছে: 12 January 2021. 
  5. Provinces of British India