গান্ধী স্মৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিৰলা ভৱনৰ পৰা পুনঃনিৰ্দেশিত)
'গান্ধী স্মৃতি' (পূৰ্বৰ 'বিৰলা হাউচ'), নতুন দিল্লী, ভাৰত

গান্ধী স্মৃতি, যি পূৰ্বতে 'বিৰলা হাউচ' বা 'বিৰলা ভৱন' বুলি জনাজাত, ভাৰতনতুন দিল্লীৰ টিচ জানুৱাৰী ৰোড (পূৰ্বৰ আলবুকুৰ্ক ৰোড)-ত অৱস্থিত মহাত্মা গান্ধীৰ বাবে উৎসৰ্গিত এক যাদুঘৰ। ই সেই স্থান য'ত মহাত্মা গান্ধীয়ে জীৱনৰ অন্তিম ১৪৪ দিন অতিক্ৰম কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যু হৈছিল। ই মূলত বিৰলা পৰিয়াল, ভাৰতীয় ব্যৱসায়িক ব্যৱসায়ীসকলৰ ঘৰ আছিল। ই এতিয়া ইটাৰলেন গান্ধী মাল্টিমিডিয়া মিউজিয়াম, যিটো ২০০৫ চনত স্থাপন কৰা হৈছিল।[1]

সোমবাৰ আৰু ৰাষ্ট্ৰীয় ছুটিৰ বাহিৰে প্ৰতিদিনে যাদুঘৰটো খোলা থাকে। সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া।[2]

ইতিহাস[সম্পাদনা কৰক]

গান্ধী স্মৃতিৰ ইটাৰলেন গান্ধী মাল্টিমিডিয়া মিউজিয়ামৰ এটা প্ৰদৰ্শনী (বাঁওফাল); গান্ধী স্মৃতিৰ 'স্বহীদৰ স্তম্ভ', এই স্থানতে মহাত্মা গান্ধীক হত্যা কৰা হৈছিল (সোঁফাল)

১৯২৮ চনত, ১২টা শোৱা কোঠা থকা এই ঘৰটো ঘনশ্যামদাস বিৰলাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।[3] বল্লভভাই পেটেল আৰু মহাত্মা গান্ধী প্ৰায়ে এই ঘৰৰ অতিথি আছিল। মহাত্মা গান্ধীয়ে শেষবাৰ ১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰৰ পৰা ১৯৪৮ চনৰ ৩০ জানুৱাৰীলৈ এই ঘৰত বাস কৰিছিল। অন্তিম তাৰিখে গান্ধীক হত্যা কৰা হৈছিল। ঘনশ্যামদাস বিৰলাক জৱাহৰলাল নেহৰুৱে বিৰলা গৃহৰ এটা অংশ গান্ধী স্মৃতি হিচাপে গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ দিছিল।[4] ঘনশ্যামদাসৰ গান্ধীৰ স্মৃতিত এই ঘৰটো এৰি যাবলৈ ইচ্ছুক নাছিল।

১৯৭১ চনত, ভাৰত চৰকাৰে দীৰ্ঘম্যাদী বুজাবুজিৰ পিছত, কৃষ্ণ কুমাৰ বিৰলাৰ পৰা ঘৰটো ক্ৰয় কৰে। কিছুমান প্ৰতিবেদনৰ পৰা জনা যায় যে, কৃষ্ণ কুমাৰে ঘৰৰ দামৰ সৈতে ফলৰ গছসমূহৰো দাম লৈছিল। কৃষ্ণ কুমাৰে ঘৰটো ৪.৫ মিলিয়ন টকাত বিক্ৰী কৰে আৰু বিনিময়ত উপনগৰত সাত একৰ ভূমি পাইছিল।[5] ১৯৭৩ চনৰ ১৫ আগষ্টত এই ঘৰটো জনসাধাৰণৰ বাবে খোলা হয় আৰু তাৰ নাম 'গান্ধী স্মৃতি' কৰা হয়। যাদুঘৰটো গান্ধীৰ জীৱন আৰু মৃত্যুৰ সৈতে সম্পৰ্কিত বহুতো সামগ্ৰী আছে। দৰ্শনাৰ্থীসকলে গান্ধীৰ বাসগৃহৰ ভৱন আৰু ওচৰৰ অঞ্চল আৰু তেওঁক হত্যা কৰা স্থানলৈ যাব পাৰে। প্ৰাৰ্থনা কৰোঁতে গান্ধীক গুলি কৰা হৈছিল। সেই স্থানত এখন শ্বহীদ বেদী স্থাপন কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Eternal Gandhi". Sacred World. Archived from the original on 3 March 2019. https://web.archive.org/web/20190303065547/http://www.sacredworld.info/gandhi.htm। আহৰণ কৰা হৈছে: 11 November 2018. 
  2. "Gandhi Smriti and Darshan Samiti Delhi". KahaJaun. https://www.kahajaun.com/delhi/travel/museum/1852/gandhi-smriti-darshan-samiti-delhi/। আহৰণ কৰা হৈছে: 12 June 2019. 
  3. "THE VOICE OF THE MAHATAMA, Dr. Pragnya Ram". http://www.adityabirla.com/Media/Voice-of-the-Mahatama। আহৰণ কৰা হৈছে: 2 September 2015. 
  4. Bhavan's Journal, Volume 32, Issues 13-24 Published 1986, p. 28-29
  5. Tushar A. Gandhi, 'Let's Kill Gandhi! ': A CHRONICLE OF HIS LAST DAYS, THE CONSPIRACY, MURDER. INVESTIGATIONS AND TRIAL (New Delhi, Delhi: Rupa & Co, 2007).p 570-71

বাহ্যিক সংযোগ[সম্পাদনা কৰক]