সমললৈ যাওক

বিৰাজ বহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিৰাজ বহু
পৰিচালক বিমল ৰায়
ৰচনা শৰৎ চন্দ্ৰ চেটাৰ্জী (উপন্যাস)
নবেন্দু ঘোষ (অভিযোজন)
নাচিৰ হুছেইন (সংলাপ)
বিমল ৰায় (চিত্ৰনাট্য)
প্ৰযোজক হিতেন চৌধুৰী
অভিনয়ত কামিনী কৌশল
অভি ভট্টাচাৰ্য
প্ৰাণ
চিত্ৰগ্ৰহণকাৰী দিলীপ গুপ্তা
সম্পাদনা হৃষীকেশ মুখাৰ্জী
সংগীত পৰিচালক সলীল চৌধুৰী
প্ৰযোজনা
কোম্পানী
হিতেন চৌধুৰী প্ৰডাকচনছ
মুক্তি
১৯৫৪ (1954)
দেশ ভাৰত
ভাষা হিন্দী

বিৰাজ বহু' (ইংৰাজী: Biraj Bahu ) ১৯৫৪ চনত মুক্তি পোৱা আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বাংলা উপন্যাসৰ আধাৰত নিৰ্মিত এখন হিন্দী ছবি। ছবিৰ পৰিচালক বিমল ৰায় আৰু প্ৰযোজক হিতেন চৌধুৰী।[1] কামিনী কৌশল, অভি ভট্টাচাৰ্য আৰু প্ৰাণ অভিনীত ছবিখনৰ সংগীত ৰচনা সলিল চৌধুৰীৰ। এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে।

সেই সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী মধুবালা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আছিল। এই উদ্দেশ্যে লৈ তেওঁ কেইবাবাৰো বিমল ৰায়ৰ অফিচলৈ গৈছিল। অৱশ্যে ছবিখন কৰাৰ বাবে তেওঁ বেছি পাৰিশ্ৰমিক বিচাৰিব বুলি ভাবি মধুবালাৰ সলনি কামিনী কৌশলক কাষ্টিং কৰা হয়। এই কথা জানিব পাৰি মধুবালাই কৈছিল যে বিৰাজ বহুত তেওঁ এটকাও নোলোৱাকৈ অভিনয় কৰিলেহেঁতেন।[2]

  • ১৯৫৪: ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট[3]
  • ১৯৫৫: শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা- বিমল ৰায়
  • ১৯৫৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা- কামিনী কৌশল
  • ১৯৫৫: Palme d'Or – কেনচ চলচ্চিত্ৰ মহোৎসৱ (মনোনীত)[4][5]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]