সমললৈ যাওক

বিৰিঞ্চি কুমাৰ মেধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিৰিঞ্চি কুমাৰ মেধি
জন্ম ১৪ নৱেম্বৰ, ১৯৫০ (৭৫ বছৰ)
মঙলদৈ
পেচা গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ

বিৰিঞ্চি কুমাৰ মেধি এগৰাকী অসমীয়া গল্পকাৰ। তেওঁ উপন্যাস, শিশুৰ উপযোগী গ্ৰন্থ লিখাৰ লগতে গ্ৰন্থ সম্পাদনাও কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।[1]

গল্পকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৪ নবেম্বৰত, মঙলদৈ চহৰত।

শিক্ষাজীৱন

[সম্পাদনা কৰক]

তেওঁ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭০ আৰু ১৯৭৭ চনত ক্ৰমে নৃতত্ত্ব আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত অধ্যাপনা কৰিছিল।

সাহিত্য জীৱন

[সম্পাদনা কৰক]

গল্প-সংকলন

[সম্পাদনা কৰক]
  • অভিনন্দিত সংবাদ (১৯৮২)
  • আকাশ বিমান (১৯৮৪)

উপন্যাস

[সম্পাদনা কৰক]
  • আজন্মৰ সহচৰ(১৯৮০)

শিশু গ্ৰন্থ

[সম্পাদনা কৰক]
  • এখন দেশ অলেখ মানুহ

নিবন্ধ সংকলন

[সম্পাদনা কৰক]
  • চৰাচৰ (১৯৯৮)
  • পদুম পাতৰ পানী (১৯৯৮)
  • লোকাৰণ (১৯৯৮)

সম্পাদিত কিতাপ

[সম্পাদনা কৰক]
  • অসমীয়া উপন্যাস সাহিত্যৰ নিৰ্যাস (১৯৯৩)
  • এন.চি.ই.আৰ.টি. (১৯৭৪)

তথ্য উৎস

[সম্পাদনা কৰক]
  1. কথা বৰেণ্য ১০০ (২০০৬), শোণিত বিজয় দাস আৰু মুনীন বায়ন (সম্পা.), কথা প্ৰকাশন, গুৱাহাটী