বি. জয়শ্ৰী
বি জয়শ্ৰী | |
---|---|
![]() বি জয়শ্ৰী ২০১৯ চনত | |
সংসদ সদস্য, ৰাজ্যসভা (nominated) | |
কাৰ্যকাল ২২ মাৰ্চ ২০১০ – ২১ মাৰ্চ ২০১৬ | |
ব্যক্তিগত তথ্য | |
জন্ম | ০৯ জুন, ১৯৫০ (৭৫ বছৰ) বেংগালুৰু, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
সম্বন্ধীয় | গুব্বি বীৰান্না (দাদা) |
পেচা |
|
বি জয়শ্ৰী (ইংৰাজী: : B. Jayashree ; জন্ম: ৯ জুন ১৯৫০) এগৰাকী প্ৰবীণ ভাৰতীয় নাট্য অভিনেত্ৰী, পৰিচালক আৰু গায়িকা, যিয়ে ছবি আৰু টেলিভিছনতো অভিনয় কৰিছে আৰু ছবিত ডাবিং আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৭৬ চনত বাংগালুৰুত স্থাপিত অপেশাদাৰী নাট্য কোম্পানী স্পন্দনা থিয়েটাৰৰ সৃষ্টিশীল পৰিচালক ।[1][2]
২০১০ চনত ভাৰতীয় সংসদ ৰাজ্যসভাৰ উচ্চ সদনলৈ মনোনীত হয়। ২০১৩ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়।[3]
গুব্বি বীৰানা নাটক কোম্পানী প্ৰতিষ্ঠা কৰা বিখ্যাত নাট্য পৰিচালক গুব্বি বীৰান্নাৰ নাতিনী[4]
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]তেওঁ ১৯৫০ চনৰ ৯ জুনত বাংগালুৰুত জন্মগ্ৰহণ কৰিছিল। মাতৃৰ নাম জি.ভি. মালাথাম্মা বিখ্যাত নাট্য পৰিচালক গুব্বি বীৰান্নাৰ কন্যা আছিল। জয়শ্ৰীয়ে ১৯৭৩ চনত দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে,[5] য'ত তেওঁ বিখ্যাত নাট্য পৰিচালক আৰু শিক্ষক ইব্ৰাহিম আলকাজিৰ অধীনত প্ৰশিক্ষণ লয়।[6][7]
কৰ্ম জীৱন
[সম্পাদনা কৰক]কৰ্ম জীৱন সৰহ খিনি সময় ধৰি তেওঁ বি ভি কৰণন্থকে ধৰি উল্লেখযোগ্য নাট্য ব্যক্তিসকলৰ সৈতে কাম কৰি আহিছে। তেওঁ কানাড়া ছবিত অভিনয় কৰিছে, যেনে নাগামণ্ডলা (১৯৯৭), দেৱীৰী (১৯৯৯) আৰু কেয়াৰ অৱ ফুটপাথ (২০০৬)।[4] তেওঁ চমুকৈ মহীশূৰস্থিত থিয়েটাৰ ইনষ্টিটিউট ৰঙায়ানাৰো পৰিচালক আছিল।[8].[8]
ৰাজকুমাৰ চিনেমাৰ শীৰ্ষ অভিনেত্ৰী মাধৱী, গায়ত্ৰী, জয়াপ্ৰদা, অম্বিকা, সুমালাথা আদিৰ বাবে ভইচ অভাৰ অৰ্থাৎ কন্ঠদাতা আৰ্টিষ্ট আছিল। প্লেবেক গায়িকা হিচাপে তেওঁ কানাড়া ছবি নান্না প্ৰীথিয়া হুডুগীৰ বাবে হিট নম্বৰ "কাৰ কাৰ"ত অভিনয় কৰিছিল।[4]
১৯৯৬ চনত ভাৰতৰ নেচনেল একাডেমী অৱ মিউজিক, ডান্স এণ্ড ড্ৰামা সংগীত নাটক একাডেমীয়ে দিয়া সংগীত নাটক অকাডেমী বঁটা আৰু অনুশীলনকাৰী শিল্পীসকলক দিয়া সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি[9] আৰু পিছলৈ ২০১০ চনত ৰাজ্যসভালৈ মনোনীত হয়।[10] ২০০৯ চনত কৰ্ণাটক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ সন্মানীয় ডি লিট ডিগ্ৰী লাভ কৰিছে।[11]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ কে আনন্দ ৰাজুৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু দম্পতীহালৰ ২ গৰাকী দত্তক কন্যা আছে। সুষমা বীৰ তেওঁৰ জৈৱিক কন্যা।[5]
ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]অভিনেত্ৰী হিচাপে
জীৱন চক্ৰ (১৯৮৫)
ই বান্ধ অনুবন্ধা (১৯৮৭)...বিজয়ৰ পেহী
সুন্দৰা স্বপ্নাগালু (১৯৮৭)
মালগুদি ডেজ (১৯৮৭)…মুনিয়াৰ পত্নী
চেলুভি (১৯৯২; হিন্দী)
কোট্ৰেছি কানাছু (১৯৯৪)
খাকী (১৯৯৬)...সকাম্মা
নাগামণ্ডল (১৯৯৭)...কুৰুদব্ৱা
কৌৰৱ (১৯৯৮)
দেৱীৰী (১৯৯৯)…ৰংগপ্পাৰ পত্নী
কদাম্বা (২০০৩)
দুৰ্গী (২০০৪)…দুৰ্গীৰ আইতাক
কেয়াৰ অৱ ফুটপাথ (২০০৬)...স্লুম্মুৰ কেয়াৰটেকাৰ
ই প্ৰীতি য়েকে ভূমি মেলিডে (২০০৭)
বানাডা নেৰালু (২০০৯)
ইষ্টকাম্য (২০১৬)
কিৰাগুৰিনা গয়ালিগালু (২০১৬)
মাস্থি গুডী (২০১৭)
লুটি (২০১৮)...ৰেগপিকাৰ
মুকজ্জিয়া কানাসুগালু (২০১৯)...মূকজ্জী
লাইনমেন (২০২৪) (দ্বিভাষিক)
প্ৰেম, সীতাৰা (২০২৪) হিন্দী
প্লেবেক গায়ক হিচাপে
নাগা দেৱথে (২০০০) - হালুণ্ডু হোগে
কোঠিগালু ছাৰ কোঠিগালু(২০০১) - বোণ্ডানা ডুমিনা
দুৰ্গী (২০০৪) - বিলথাভে নোডেগা
কদম্বা(২০০৪) - বাণ্ডা নোদাম্মা
নান্না প্ৰীঠিয়া হুডুগী(২০০১) - গাড়ী গাড়ী
প্ৰীতি প্ৰেম প্ৰাণায়া (২০০৩) - কব্বিনা জল্লে
দাছা (২০০৩) - কুলুকাবেদা
ভগৱান (২০০৪) - গোপালপ্পা
যোগী (২০০৫) - চিক্কু বুক্কু ৰেল
মাতা (২০০৬) - থাণ্ডা থায়েই
মাথাদ মাথাডু মাল্লিগে (২০০৭) - বাৰো নাম থেৰিগে
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Folk theatre festival by Spandana". 19 August 2005. http://www.hindu.com/fr/2005/08/19/stories/2005081902740100.htm। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "Four-day theatre festival in honour of Jayashree". 21 June 2015. http://www.deccanherald.com/content/76794/four-day-theatre-festival-honour.html। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "Padma Awards Announced" (Press release). Ministry of Home Affairs. 25 January 2013. http://www.pib.nic.in/newsite/erelease.aspx?relid=91838। আহৰণ কৰা হৈছে: 25 January 2013.
- ↑ 4.0 4.1 4.2 "B Jayashree gets the Padmashree". The Times of India. 27 January 2013. https://timesofindia.indiatimes.com/entertainment/regional/kannada/news-interviews/B-Jayashree-gets-the-Padmashree/articleshow/18196323.cms। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ 5.0 5.1 "Detailed Profile - Smt. B. Jayashree - Members of Parliament (Rajya Sabha)". Government: National Portal of India. http://www.archive.india.gov.in/govt/rajyasabhampbiodata.php?mpcode=2131। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "Profile: "I Was Recognised For My Genius"". The Outlook. 18 December 1996. http://www.outlookindia.com/article.aspx?202714.
- ↑ Rajan, Anjana (10 November 2010). "Festive scene". http://www.thehindu.com/features/metroplus/festive-scene/article878408.ece। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "'Aha!' to entertain children in Mysore". 31 August 2009. http://www.hindu.com/2009/08/31/stories/2009083153010300.htm। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "SNA: List of Akademi Awardees". Sangeet Natak AkademiOfficial website. http://sangeetnatak.gov.in/sna/awardeeslist.htm.
- ↑ "Nominated Members Since 1952". Rajya Sabha. http://164.100.47.5/Newmembers/since1952.aspx। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "Ask government to build world-class theatres: Jayashree". 7 March 2009. http://www.hindu.com/2009/03/07/stories/2009030754530500.htm। আহৰণ কৰা হৈছে: 10 February 2014.