সমললৈ যাওক

বীণা পাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীণা পাল

বীণা পাল আইএফএফকে, তিৰুবনন্তপুৰমত (২০১৭)
জন্ম ২৮ জানুৱাৰী, ১৯৬১ (৬৫ বছৰ)
দিল্লী, ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯৮৫–বৰ্তমান
দাম্পত্যসঙ্গী ভেনু (বি. ১৯৮৩)
সন্তান মালবিকা

বীণা পাল (জন্ম ২৮ জানুৱাৰী ১৯৬১), বিবাহোত্তৰ নাম বীণা পাল ভেনুগোপাল, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সম্পাদক, যিয়ে মূলতঃ মালয়ালম ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)ৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে। তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটাৰ প্ৰাপক। তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ কেৰালা (আইএফএফকে)-ৰ শিল্প নিৰ্দেশক আৰু কেৰালা ৰাজ্য চলচ্চিত্ৰ একাডেমীৰ উপাধ্যক্ষ হিচাপে বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ ২৬ আগষ্ট ১৯৮৩ চনৰপৰা চিত্ৰগ্ৰাহক-নিৰ্দেশক ভেনুৰ সৈতে বিবাহসূত্ৰে আবদ্ধ।[1] তেওঁলোকৰ এজনী কন্যা মালবিকা আছে, যি বিবাহিতা আৰু ইংলেণ্ডৰ গ্ৰেট নৰ্থ মিউজিয়াম: হেনককৰ ব্যৱস্থাপক হিচাপে কৰ্মৰত।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মালয়ালম পিতৃ আৰু কন্নড় মাতৃৰ সন্তান বীণা পালৰ লালন-পালন দিল্লীত হৈছিল।[1] ১৯৭৯ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰপৰা মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]
২৬তম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ কেৰালা (আইএফএফকে)-ত বিনা পল

১৯৮৫ চনত জি. অৰবিন্দনৰ তথ্যচিত্ৰ দ্য চিয়াৰ হু ৱাক্‌ছ এলোনৰ জৰিয়তে তেওঁ সম্পাদিকা হিচাপে আত্মপ্ৰকাশ কৰে। এই তথ্যচিত্ৰখন জিড্ডু কৃষ্ণমূৰ্তিৰ ওপৰত নিৰ্মিত। তাৰ পিছত তেওঁ ৰাজীৱ বিজয় ৰাঘৱনৰ চিষ্টাৰ আলফোঁচা অৱ ভাৰানাঙ্গানম (১৯৮৬) আদি কেইবাখনো তথ্যচিত্ৰত কাম কৰে, যিয়ে ৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰ বঁটা লাভ কৰে।[4] ১৯৮৬ চনত জন আব্ৰাহামৰ অম্মা আৰিয়ান চলচ্চিত্ৰৰ জৰিয়তে তেওঁ কাহিনীচিত্ৰত প্ৰৱেশ কৰে।[5] তেওঁৰ অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত পাডিপ্পুৰা (১৯৮৯), জন্মদিনম (১৯৯৮), অগ্নিসাক্ষী (১৯৯৯) আদি অন্তৰ্ভুক্ত। ৰেভতীৰ পৰিচালনাত নিৰ্মিত মিট্ৰ, মাই ফ্ৰেণ্ড (২০০২) চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[6] ইয়াৰ পিছত তেওঁ উন্নি (২০০৩) নামৰ অ-কাহিনীচিত্ৰৰ বাবে শ্ৰেষ্ঠ অ-কাহিনীচিত্ৰ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[3]

তেওঁ ৫০ৰো অধিক তথ্যচিত্ৰ আৰু কাহিনীচিত্ৰ সম্পাদনা কৰাৰ উপৰি চাৰিখন তথ্যচিত্ৰ নিৰ্দেশনা কৰিছে।[7] তেওঁ ৰেভতী, সুমা জোছন, পামেলা ৰুক্স আৰু শাবনম ভিৰমানীৰ দৰে মহিলা নিৰ্দেশিকাৰ সৈতে সহযোগিতা কৰিছে।[3]

বীণা পালে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ কেৰালা (আইএফএফকে) গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ইয়াৰ শিল্প নিৰ্দেশক হিচাপেও সেৱা আগবঢ়াইছিল।[8] তেওঁ কেৰালা ৰাজ্য চলচ্চিত্ৰ একাডেমীৰ উপ-নিৰ্দেশক (উৎসৱ) হিচাপেও কৰ্মৰত আছিল আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ ইমেজিং টেকনলজীত জ্যেষ্ঠ সম্পাদিকা হিচাপে কাম কৰিছিল।[3] লগতে তেওঁ তিৰুবনন্তপুৰমস্থিত এল. ভি. প্ৰসাদ চলচ্চিত্ৰ একাডেমীৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়াইছিল।[9] ২০১৭ চনৰ ফেব্ৰুৱাৰীত তেওঁ ‘উইমেন ইন চিনেমা কলেক্টিভ’ সহ-প্ৰতিষ্ঠা কৰে, যি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত মহিলাসকলৰ সমঅৱকাশ আৰু মৰ্যাদাৰ বাবে কাম কৰা প্ৰথম সংগঠন।[10]

নিৰ্বাচিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • দ্য চিয়াৰ হু ৱাক্‌ছ এলোন (১৯৮৫)
  • চিষ্টাৰ আলফোঁচা অৱ ভাৰানাঙ্গানম (১৯৮৬)
  • অম্মা আৰিয়ান (১৯৮৬)
  • পাডিপ্পুৰা (১৯৮৯)
  • দয়া (১৯৯৮)
  • অগ্নিসাক্ষী (১৯৯৯)
  • মিট্ৰ, মাই ফ্ৰেণ্ড (২০০২)
  • মেঘমালহাৰ (২০০২)
  • কামলি (২০০৬)
  • বায়’স্কোপ (২০০৮)
  • মুন্নাৰিয়িপ্পু (২০১৪)
  • কাৰ্বন (২০১৮)
  • আনুম পেন্নুম (২০২১)

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ সম্পাদনা – মিট্ৰ, মাই ফ্ৰেণ্ড (২০০২)[7]
  • শ্ৰেষ্ঠ অ-কাহিনীচিত্ৰ সম্পাদনা – উন্নি (২০০৩)[3]

কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ সম্পাদক – দয়া (১৯৯৮)[11]
  • শ্ৰেষ্ঠ সম্পাদক – ছায়াহ্নম (২০০০)[12]
  • শ্ৰেষ্ঠ সম্পাদক – বায়’স্কোপ (২০০৮)[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 രമ്യ, ടി.ആർ. (23 September 2016). "എന്നെ ഞാനാക്കിയ തിരുവനന്തപുരം" (Malayalam ভাষাত). Mathrubhumi. http://www.mathrubhumi.com/women/features/beena-paul-malayalam-news-1.1374842.
  2. ↑ "Great North Museum: Hancock welcomes Malavika Anderson as new Museum Manager | Great North Museum: Hancock". https://greatnorthmuseum.org.uk/great-north-museum-hancock-welcomes-malavika-anderson-as-new-museum-manager.
  3. 1 2 3 4 5 "51st National Film Awards". Directorate of Film Festivals. পৃষ্ঠা: 127. Archived from the original on 5 May 2014. https://web.archive.org/web/20140505174032/http://iffi.nic.in/Dff2011/Frm51NFAAward.aspx। আহৰণ কৰা হৈছে: 25 July 2017.
  4. ↑ "34th National Film Awards". Directorate of Film Festivals. পৃষ্ঠা: 134. Archived from the original on 5 February 2017. https://web.archive.org/web/20170205060141/http://iffi.nic.in/Dff2011/Frm34ndNFAAward.aspx। আহৰণ কৰা হৈছে: 25 July 2017.
  5. ↑ Praveen, S. R. (31 July 2016). "Vaisakhan to head Sahitya Akademi". The Hindu. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/Vaisakhan-to-head-Sahitya-Akademi/article14518016.ece.
  6. ↑ Rajamani, Radhika (3 September 2002). "Changing gears successfully". The Hindu. Archived from the original on 25 July 2017. https://web.archive.org/web/20170725092246/http://www.thehindu.com/thehindu/mp/2002/09/03/stories/2002090300270400.htm.
  7. 1 2 "49th National Film Awards". Directorate of Film Festivals. পৃষ্ঠাসমূহ: 50–51. Archived from the original on 24 December 2013. https://web.archive.org/web/20131224105444/http://iffi.nic.in/Dff2011/Frm49NFAAward.aspx। আহৰণ কৰা হৈছে: 25 July 2017.
  8. ↑ "Beena Paul quits Chalachitra Academy". Mathrubhumi News. Archived from the original on 25 July 2017. https://web.archive.org/web/20170725100108/http://www.mathrubhumi.com/tv/ReadMore/7827/beena-paul-resigned/E। আহৰণ কৰা হৈছে: 25 July 2017.
  9. ↑ "Time to move on". The Hindu. 19 July 2014. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/time-to-move-on/article6226567.ece.
  10. ↑ George, Anjana (18 May 2017). "Manju Warrier, Beena Paul and team usher in India's first ever collective for women in cinema". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/manju-warrier-beena-paul-and-team-usher-in-indias-first-ever-collective-for-women-in-cinema/articleshow/58734093.cms.
  11. ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "1991-99" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "2000-12" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই