বীনা ভেংকটাৰমণ
| বীনা ভেংকটাৰমণ | |
|---|---|
| শিক্ষা |
|
| নিয়োগকৰ্তা |
|
| জনা যায় | সাংবাদিকতা আৰু বিজ্ঞান আৰু প্ৰযুক্তি নীতি |
| উল্লেখযোগ্য কৰ্ম | দ্য অপ্টিমিষ্ট টেলিস্কোপ: থিংকিং এহেড ইন এ ৰেকলেছ এজ (২০১৯) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ফুলব্ৰাইট ফেল'শ্বিপ |
| ৱেবছাইট | |
| writerbina | |
বীনা ভেংকটাৰমণ ( ইংৰাজী: : Bina Venkataraman ; জন্ম: ১১ অক্টোবৰ, ১৯৭৯) এগৰাকী আমেৰিকান বিজ্ঞান নীতি বিশেষজ্ঞ, লেখিকা আৰু সাংবাদিক। বৰ্তমান তেওঁ দ্য ৱাশ্বিংটন পোষ্টৰ স্তম্ভলেখক। ইয়াৰ পূৰ্বে তেওঁ দ্য বষ্টন গ্ল’বৰ সম্পাদকীয় পৃষ্ঠা সম্পাদক হিচাপে আৰু ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ প্ৰশাসনৰ জলবায়ু পৰিৱৰ্তন উদ্ভাৱনৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কাম কৰিছিল। ৰাষ্ট্ৰপতিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উপদেষ্টা পৰিষদৰ পৰামৰ্শও দিয়াৰ লগতে এম আই টি আৰু হাৰ্ভাৰ্ড কেনেডি স্কুলত অধ্যাপনা কৰি আহিছে।
প্ৰাৰম্ভিক ও কৰ্ম জীৱন
[সম্পাদনা কৰক]ভেঙ্কটৰমণ ১৯৭৯ চনত ভাৰতীয় প্ৰবাসী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু ওহায়োৰ উষ্টাৰ চহৰত ডাঙৰদীঘল হৈছিল।[1] তেওঁ উষ্টাৰ হাই স্কুলৰ শ্ৰেণীৰ Valedictorian আছিল, অৰ্থাৎ তেওঁ তেওঁলোকৰ শ্ৰেণীত আটাইতকৈ শ্ৰেষ্ঠ শিক্ষাৰ্থী আছিল।[2]
ভেংকটাৰমণে ২০০২ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক সম্পৰ্ক আৰু পৰিৱেশ অধ্যয়ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ফুলব্ৰাইট প্ৰগ্ৰেম ফেল'শ্বিপ লাভ কৰে আৰু ২০০২ চনৰ পৰা ২০০৫ চনলৈকে বৰ্ষাৰণ্য মিত্ৰজোঁটত যোগাযোগ আৰু গৱেষণা সমন্বয়ক হিচাপে কাম কৰে, য'ত তেওঁ বৰ্ষাৰণ্য সংৰক্ষণক সমৰ্থন কৰা সম্প্ৰদায় আৰু ব্যক্তিগত খণ্ডৰ প্ৰকল্পৰ বিষয়ে লিখিছিল, য'ত বহনক্ষম কফি পাম আৰু বিশ্বব্যাপী পৰিৱেশ পৰ্যটনকে ধৰি আছিল।[3][4] তাৰ পিছত ভেংকটাৰমন প্ৰিন্সটন ইন এছিয়া ফেলো হয়, ভিয়েটনামৰ হানয়ত এইচ আই ভি/এইডছ চিকিৎসালয়ৰ জনস্বাস্থ্য অনুদান লেখক হিচাপে কাম কৰে।[5] ২০০৬ চনত ভেংকটাৰমণে হাৰ্ভাৰ্ড কেনেডি স্কুলত পাব্লিক পলিচি অধ্যয়ন আৰম্ভ কৰে আৰু ২০০৮ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ৰাজহুৱা নীতি
[সম্পাদনা কৰক]২০১০ চনৰ পৰা ২০১৯ চনলৈকে ভেংকটাৰমনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ব্ৰড ইনষ্টিটিউটত গ্ল’বেল পলিচি ইনিচিয়েটিভছৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিত অধ্যাপনা কৰিছিল। সেই সময়ছোৱাত তেওঁ এৰিক লেণ্ডাৰৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কাম কৰিছিল আৰু তেওঁ ৰাষ্ট্ৰপতিৰ বিজ্ঞান আৰু প্ৰযুক্তি উপদেষ্টা পৰিষদৰ (পিচিএএছটি) সহ-অধ্যক্ষ আছিল।[6] সেই ক্ষমতাত তেওঁ পিচিএএছটিৰ বাবে কেইবাটাও প্ৰতিবেদনৰ সহ-লেখিকা আছিল, য'ত ২০১০ চনত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ কে-১২ শিক্ষাৰ প্ৰতিবেদন (STEM), ২০১১ চনত উন্নত উৎপাদনত আমেৰিকাৰ নেতৃত্ব নিশ্চিত কৰাৰ প্ৰতিবেদন আৰু ২০১২ চনত ঔষধ আৱিষ্কাৰ, বিকাশ আৰু মূল্যায়নৰ প্ৰতিবেদন আছিল।[7][8] ২০১৩ চনৰ পৰা ২০১৫ চনলৈকে ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত হোৱাইট হাউছত কাম কৰিবলৈ চেবাটিকেল লৈছিল। তাত তেওঁ জলবায়ু পৰিৱৰ্তন উদ্ভাৱনৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কাম কৰিছিল, গৰমৰ ঢৌ, খৰাং, উপকূলীয় ধুমুহাকে ধৰি জলবায়ু দুৰ্যোগৰ বাবে প্ৰস্তুতি চলাবলৈ সম্প্ৰদায়, কোম্পানী আৰু চৰকাৰৰ মাজত অংশীদাৰিত্ব গঢ়ি তুলিছিল।
ইয়াৰ পূৰ্বে তেওঁ ব্ৰাউন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এনভাইৰনমেণ্ট এণ্ড ছ'চাইটিৰ পৰামৰ্শদাতা ব'ৰ্ডৰ লগতে ব্ৰাউনৰ সভাপতিৰ নেতৃত্ব পৰিষদতো কাৰ্যনিৰ্বাহ কৰিছিল, ক্ৰীষ্টিনা হাল পেক্সনক পৰামৰ্শ দিছিল।[9][10] তেখেতে নিউ আমেৰিকা ফাউণ্ডেশ্যনৰ ফিউচাৰ টেনছ আৰু কাৰ্নেগী ফেলোও আছিল। [11] বৰ্তমান তেওঁ হাৰ্ভাৰ্ডৰ শ্ব’ৰেনষ্টেইন চেণ্টাৰ অন দ্য মিডিয়া, পলিটিক্স, এণ্ড পাব্লিক পলিচিৰ এডভাইজাৰী ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰি আছে; এম আই টি কৰ্প’ৰেশ্যনৰ মানৱীয় বিজ্ঞানৰ অতিথি সমিতিৰ ওপৰত; আৰু গেট্টি মিউজিয়ামৰ পি এছ টি এ আৰ টি পৰামৰ্শদাতা পৰিষদত।
লেখা আৰু সাংবাদিকতা
[সম্পাদনা কৰক]ভেংকটাৰমন এগৰাকী সম্পাদক, লেখিকা, লেখক যিয়ে জলবায়ু পৰিৱৰ্তন, প্ৰযুক্তি, ৰাজনীতি, জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ এই ৰচনাসমূহ অন্যান্য প্ৰকাশনৰ লগতে দ্য ৱাশ্বিংটন পোষ্ট, দ্য নিউয়ৰ্ক টাইমছ, টাইম আদিত প্ৰকাশ পাইছে। ২০০৬ চনৰ পৰা ২০১০ চনলৈকে তেওঁ দ্য নিউয়ৰ্ক টাইমছ আৰু দ্য বষ্টন গ্ল’বৰ বিজ্ঞান ডেস্কত কাম কৰিছিল।
ভেংকটাৰমণ ২০১৯ চনৰ নৱেম্বৰ মাহত দ্য বষ্টন গ্ল'বৰ সম্পাদকীয় পৃষ্ঠাৰ সম্পাদক হয়।এই ভূমিকাত ভেংকটাৰমনে "আমাৰ চহৰৰ বৈচিত্ৰময় কণ্ঠক বৃদ্ধি কৰা আৰু[12][13] বষ্টনৰ যুগান্তকাৰী ধাৰণা আৰু জ্ঞানক ভালদৰে প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছিল -- একে সময়তে আমাৰ নেতা আৰু প্ৰতিষ্ঠানসমূহক জনসেৱাৰ বাবে উচ্চ আশা পূৰণৰ বাবে জবাবদিহি কৰা।" ২০২০ চনৰ মাৰ্চ মাহত তেওঁ আমেৰিকাত ক'ৰ'না ভাইৰাছ ৰোগ ২০১৯ (ক'ভিড-১৯) মহামাৰীৰ প্ৰতি ড'নাল্ড ট্ৰাম্পৰ সঁহাৰিৰ ওপৰত সম্পাদকীয় মণ্ডলীৰ সমালোচনাৰ তদাৰক কৰিছিল।[14][15] ভেংকটাৰমনে গ্ল'বৰ সম্পাদকীয় পৃষ্ঠা সম্পাদক হিচাপে পদত্যাগ কৰে, একে সময়তে কাকতখনৰ সৈতে সম্পাদক-এট-লাৰ্জ হিচাপে থাকে আৰু ২০২১ চনৰ শেষৰ ফালে দ্য ইমেনচিপেটৰ আৰম্ভ কৰাত সহায় কৰে।[16] ২০১৯ চনৰ আগষ্ট মাহত তেওঁৰ প্ৰথমখন গ্ৰন্থ দ্য অপ্টিমিষ্টছ টেলিস্কোপ: থিংকিং এহেড ইন এ ৰেকলেছ এজ প্ৰকাশ কৰে, য'ত মানৱ সমাজে কেনেকৈ উদীয়মান ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ অদূৰদৰ্শীতাক অতিক্ৰম কৰিব পাৰে—জলবায়ু পৰিৱৰ্তনৰ পৰা এন্টিবায়টিক প্ৰতিৰোধী ছুপাৰবাগলৈকে—ভৱিষ্যতৰ বাবে উন্নত পৰিকল্পনা কৰিবলৈ অন্বেষণ কৰে।[17][18] গ্ৰন্থখনে জীৱবিজ্ঞান, মনোবিজ্ঞান আৰু অৰ্থনীতিৰ গৱেষণাৰ পৰা এই যুক্তি দাঙি ধৰিছে যে মানুহে কিছুমান বিশেষ পদ্ধতি গ্ৰহণ কৰি ভৱিষ্যতৰ বাবে ভালদৰে পৰিকল্পনা কৰিব পাৰে।[17][19] ইয়াক দ্য ফাইনেন্সিয়েল টাইমছৰ দ্বাৰা শীৰ্ষ গ্ৰন্থ[20] আৰু নেচনেল পাব্লিক ৰেডিঅ'ৰ দ্বাৰা বছৰৰ শ্ৰেষ্ঠ কিতাপ হিচাপে নিৰ্বাচিত কৰা হয়।[21]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ McCarthy, Gail (2020-02-26). "Delving into the 'Optimist's Telescope'; Manship residency author ponders shortsighted society" (en ভাষাত). Salem News. https://www.salemnews.com/news/lifestyles/delving-into-the-optimists-telescope-manship-residency-author-ponders-shortsighted-society/article_7f0bb7d9-7a3f-508d-be14-091fea199cad.html। আহৰণ কৰা হৈছে: 2020-12-20.
- ↑ Wiesenberg, Julia (2019-10-27). "Buckeye Book Fair: Venkataraman releases optimistic new book" (en ভাষাত). The Daily Record. Archived from the original on 2019-11-05. https://web.archive.org/web/20191105151145/https://www.the-daily-record.com/lifestyle/20191027/buckeye-book-fair-venkataraman-releases-optimistic-new-book। আহৰণ কৰা হৈছে: 2020-12-20.
- ↑ "'Drink (Environmentally) Responsibly' Urges The Rainforest Alliance And Millstone Coffee – Press Releases on CSRwire.com". www.csrwire.com. Archived from the original on 2020-08-08. https://web.archive.org/web/20200808091728/https://www.csrwire.com/press_releases/13756--Drink-Environmentally-Responsibly-Urges-The-Rainforest-Alliance-And-Millstone-Coffee। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ Hunter, Marnie (2004-07-16). "See the world, protect the earth". www.cnn.com. http://www.cnn.com/2004/TRAVEL/ADVISOR/07/16/ecotourism/index.html। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ "Bina Venkataraman | Princeton In Asia". piaweb.princeton.edu. Archived from the original on 2021-10-20. https://web.archive.org/web/20211020045646/https://piaweb.princeton.edu/alumni-of-the-fortnight/bina-venkataraman। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ "100Kin10 Partners Applaud White House Announcement to Launch STEM Master Teacher Corps" (en ভাষাত). Carnegie Corporation of New York. 2012-07-18. https://www.carnegie.org/news/articles/100kin10-partners-applaud-white-house-announcement-to-launch-stem-master-teacher-corps/। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ President's Council of Advisors on Science and Technology (September 2010). Report to the President: Prepare and Inspire K-12 Education in Science, Technology, Engineering, and Math (STEM) for America's Future. Executive Office of the President of the United States. https://obamawhitehouse.archives.gov/sites/default/files/microsites/ostp/pcast-stem-ed-final.pdf.
- ↑ Report to the President on Propelling Innovation in Drug Discovery, Development, and Evaluation (Report). September 2012. https://www.broadinstitute.org/files/sections/about/PCAST/2012%20pcast-fda.pdf। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ "Advisory Council | Institute at Brown for Environment and Society". www.brown.edu. https://www.brown.edu/academics/institute-environment-society/advisory-council। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ "President's Leadership Council | Office of the President | Brown University". www.brown.edu. https://www.brown.edu/about/administration/president/advisory-groups/presidents-leadership-council। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ "Bina Venkataraman" (en ভাষাত). New America. https://www.newamerica.org/our-people/bina-venkataraman/। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ "Bina Venkataraman named Opinion Page Editor, The Boston Globe" (Press release). September 3, 2019. https://www.bostonglobemedia.com/bina-venkataraman-named-opinion-page-editor-the-boston-globe/। আহৰণ কৰা হৈছে: January 31, 2025.
- ↑ McDonald, Danny (2019-09-04). "Globe names new editorial page editor - The Boston Globe" (en-US ভাষাত). BostonGlobe.com. https://www.bostonglobe.com/metro/2019/09/04/globe-names-new-editorial-page-editor/ChZxKGKdGiJUUiGX9cbqvL/story.html। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ The Editorial Board (2020-03-30). "A president unfit for a pandemic" (en-US ভাষাত). Boston Globe. https://www.bostonglobe.com/2020/03/30/opinion/president-unfit-pandemic/। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ Singh, Arjun (2020-03-13). "How Obama's Handling Of Ebola Compares With Trump's Handling Of Coronavirus" (en ভাষাত). News. Archived from the original on 2020-04-24. https://web.archive.org/web/20200424064712/https://www.wgbh.org/news/politics/2020/03/13/how-obamas-handling-of-ebola-compares-with-trumps-handling-of-coronavirus। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ Edelman, Larry (December 20, 2021). "Bina Venkataraman to step down as Boston Globe editorial page editor". https://www.bostonglobe.com/2021/12/20/business/bina-venkataraman-step-down-boston-globe-editorial-page-editor/। আহৰণ কৰা হৈছে: January 31, 2025.
- ↑ 17.0 17.1 Frank, Robert H. (2019-08-27). "Humans Are Impetuous and Shortsighted. Can We Change?" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2019/08/27/books/review/bina-venkataraman-optimists-telescope.html.
- ↑ Chakrabarti, Meghna (2019-09-24). "Looking At Earth's Future Through 'The Optimist's Telescope'" (en ভাষাত). www.wbur.org. https://www.wbur.org/onpoint/2019/09/24/the-optimists-telescope-bina-venkataraman। আহৰণ কৰা হৈছে: 2020-04-16.
- ↑ Hutson, Matthew (2019-10-18). "Too much data, too little imagination: Why it's hard to achieve long-term goals". The Washington Post. https://www.washingtonpost.com/outlook/too-much-data-too-little-imagination-why-its-hard-to-achieve-long-term-goals/2019/10/18/adef9a9e-e148-11e9-8dc8-498eabc129a0_story.html.
- ↑ "FT business books of the month: August edition". www.ft.com. https://www.ft.com/content/3fb8d346-ae36-11e9-8030-530adfa879c2। আহৰণ কৰা হৈছে: 2024-03-01.
- ↑ "Books We Love" (en-US ভাষাত). NPR. https://apps.npr.org/best-books/। আহৰণ কৰা হৈছে: 2024-03-01.