বীৰঝৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও
| বীৰঝৰা কন্যা মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৯৩ |
| ধৰণ | গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনৰ মহাবিদ্যালয়[1] |
| অধ্যক্ষ | নলিনী দাস বৈশ্য |
| স্থান | Bongaigaon, Assam, ভাৰত |
| চৌহদ | নগৰ |
| ৱেবছাইট | www |
বীৰঝৰা কন্যা মহাবিদ্যালয় হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ মহিলাৰ উচ্চ শিক্ষানুষ্ঠান আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKSHOU)ৰ অধীনত সকলোৰে বাবে মুকলি অধ্যয়ন কেন্দ্ৰ। নামনি অসমৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চহৰ বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত এই মহাবিদ্যালয়খনে শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক অনন্য আৰু আদৰ্শ শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিছে।
ইতিহাস
[সম্পাদনা কৰক]১৯৯৩ চনত বীৰঝৰা কন্যা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৭ গৰাকী শিক্ষকৰ সৈতে যাত্ৰা আৰম্ভ কৰা মহাবিদ্যালয়খনে আজি এক ইনষ্টিটিউট ডু এক্সেলেন্সলৈ গঢ় লৈ উঠিছে। আৰম্ভণিৰে পৰাই এই প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰৰ জ্ঞান আৰু প্ৰজ্ঞাৰ ক্ষেত্ৰত নতুন প্ৰভাতৰ সূচনা কৰিবলৈ অশেষ প্ৰচেষ্টা চলাই আহিছে।
পাঠ্যক্ৰম
[সম্পাদনা কৰক]বৰ্তমান মহাবিদ্যালয়খনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত BBA, BMC, DLEd. আদি বিভিন্ন পাঠ্যক্ৰমৰ লগতে ক্ৰমে AHSEC আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত[2] উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী (কলা) আৰু স্নাতক (ডিগ্ৰী) পাঠ্যক্ৰম অধ্যয়ন কেন্দ্ৰ হিচাপে আগবঢ়ায়।
বিষয়সমূহ:
- অৰ্থনীতি
- ইতিহাস
- শিক্ষা
- ৰাজনীতি বিজ্ঞান
- পৰিসংখ্যা
- গণিত
- ঐচ্ছিক অসমীয়া
- তৰ্কশাস্ত্ৰ আৰু দৰ্শন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Gauhati University". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 21 September 2016.
- ↑ "Gauhati University". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 21 September 2016.