বীৰ দাস
| বীৰ দাস | |
|---|---|
২০২৪ চনৰ এডিনবৰা ফেষ্টিৱেল ফ্ৰিঞ্জত বীৰ দাস | |
| জন্ম | ৩১ মে', ১৯৭৯ (৪৬ বছৰ) দেহৰাদুন, উত্তৰাখণ্ড |
| শিক্ষানুষ্ঠান | নক্স কলেজ (ইলিনয়) (বিজ্ঞানৰ স্নাতক), অৰ্থনীতি আৰু থিয়েটাৰ) মস্কো আৰ্ট থিয়েটাৰ - হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (ষ্টেনিশ্লাভাস্কি প্ৰগ্ৰাম) |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৫-বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | শিৱানী মাঠুৰ (বি. ২০১৪) |
| ৱেবছাইট | |
| www | |
বীৰ দাস (ইংৰাজী: Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী।[1] ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।[2] ২০১৭ চনত তেওঁ নেটফ্লিক্সৰ বিশেষ অনুষ্ঠান এব্ৰড আণ্ডাৰষ্টেণ্ডিং পৰিবেশন কৰে।[3] দাসে প্ৰায় ৩৫খন নাটক, ১০০খনতকৈও অধিক ষ্টেণ্ড আপ কমেডী শ্ব’, ১৮খন ছবি, আঠখন টিভি শ্ব’ আৰু ছটা কমেডী বিশেষত অভিনয় কৰিছে। তেওঁ ফেমিনা, মেক্সিম, এক্স’টিকা, ডি এন এ আৰু তেহেলকাত কমেডী স্তম্ভ লিখিছে। ২০১৯ চনত তেওঁ আমেৰিকান টেলিভিছনত হুইস্কি কেভেলিয়াৰ নামৰ টেলিভিছন ধাৰাবাহিকখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। তেওঁ ২০২৩ চনত নেটফ্লিক্সৰ কমেডী বিশেষ বীৰ দাস: লেণ্ডিঙৰ বাবে শ্ৰেষ্ঠ কমেডী ছিৰিজৰ আন্তৰ্জাতিক এমি বঁটা লাভ কৰে।[4]
জীৱনী
[সম্পাদনা কৰক]১৯৭৯ চনৰ ৩১ মে'ত ডেৰাডুনত ৰাণু দাস আৰু মধুৰ দাসৰ ঘৰত বীৰ দাসৰ জন্ম হয়।[5][6][7] তেওঁ নাইজেৰিয়া আৰু ভাৰতত ডাঙৰ-দীঘল হৈছিল। নাইজেৰিয়াত তেওঁ নাইজেৰিয়াৰ লাগোছৰ ভাৰতীয় ভাষা বিদ্যালয়ত পঢ়িছিল। ভাৰতত তেওঁ ছানাৱাৰৰ দ্য লৰেন্স স্কুল আৰু নয়ডাৰ দিল্লী পাব্লিক স্কুলত পঢ়িছিল।[6] দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ কলেজত ১৮ মাহ থকাৰ পিছত তেওঁ আমেৰিকালৈ যায়।[6][8] তাতেই তেওঁ ইলিনয়ৰ গেলছবাৰ্গৰ নক্স কলেজৰ পৰা অৰ্থনীতি আৰু থিয়েটাৰত মনোনিৱেশ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।[6] নক্সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দাসক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু মস্কো আৰ্টছ থিয়েটাৰত তেওঁলোকৰ যৌথ ষ্টেনিছলাভস্কি প্ৰগ্ৰেমৰ বাবে গ্ৰহণ কৰা হয়।[9] তেওঁৰ এগৰাকী ভগ্নী তৃষা, যি তেওঁতকৈ চাৰি বছৰ ডাঙৰ আৰু এগৰাকী লেখিকা আৰু এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা।[7] তেওঁৰ এটা অনুষ্ঠানত বীৰে দাবী কৰিছে যে তেওঁৰ ককাক বংগৰ পৰা পদ্মশ্ৰী বঁটা বিজয়ী আছিল।[10] পাঁচ বছৰীয়া সম্পৰ্কৰ অন্তত তেওঁ ২০১৪ চনৰ অক্টোবৰ মাহত প্ৰেমিকা শিবানী মাথুৰক বিয়া কৰায়।[11][12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Marshall, Alex (24 August 2022). "They’re Comedy Stars at Home. At Edinburgh Fringe, They’re Nobodies.". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2022/08/24/theater/edinburgh-fringe-comedy-vir-das.html.
- ↑ Pereira, Priyanka (16 November 2016). "Vir Das: No Laughing Matter" (en-GB ভাষাত). Open The Magazine. https://openthemagazine.com/cinema/vir-das-no-laughing-matter/। আহৰণ কৰা হৈছে: 21 November 2021.
- ↑ Kozell, Isaac (25 April 2017). "Vir Das Has an 'Abroad Understanding'" (en-us ভাষাত). Vulture. https://www.vulture.com/2017/04/vir-das-has-an-abroad-understanding.html। আহৰণ কৰা হৈছে: 21 November 2021.
- ↑ "International Emmy Awards 2023: Netflix's 'Vir Das Landing' wins Best Comedy" (en-us ভাষাত). India Today. 21 November 2023. https://www.indiatoday.in/television/international-shows/story/international-emmys-2023-vir-das-wins-under-the-unique-comedy-special-category-2465366-2023-11-21। আহৰণ কৰা হৈছে: 21 November 2023.
- ↑ Mathur, Yashika (31 May 2017). "Happy birthday Vir Das: Celebration's going to be all about family and ghar ka khana" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/bollywood/happy-birthday-vir-das-celebration-s-going-to-be-all-about-family-and-ghar-ka-khana/story-TWydQG8DBpmdfiX5TddcAO.html.
- ↑ 6.0 6.1 6.2 6.3 Gupta, Priya (12 February 2014). "My mother tells me not to say 'penis' on stage: Vir Das". The Times of India. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Shaadi-ke-Side-Effects-My-mother-tells-me-not-to-say-penis-on-stage-Vir-Das/articleshow/30222359.cms?intenttarget=no। আহৰণ কৰা হৈছে: 1 March 2014.
- ↑ 7.0 7.1 Myers, Marc (26 February 2019). "Vir Das Made His Way From India to American TV via National Lampoon". Wall Street Journal. ISSN 0099-9660. https://www.wsj.com/articles/vir-das-made-his-way-from-india-to-american-tv-via-national-lampoon-11551195036.
- ↑ Zaman, Rana Siddiqui (16 October 2009). "Out Standing" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/radio-and-tv/Out-Standing/article16887078.ece.
- ↑ "Humour and Society, with Vir Das" (en ভাষাত). Asia Society. https://asiasociety.org/india/events/humour-and-society-vir-das। আহৰণ কৰা হৈছে: 9 December 2021.
- ↑ Where my Bengalis at?, https://www.youtube.com/watch?v=Wy35A85Rya4, আহৰণ কৰা হৈছে: 6 August 2022
- ↑ Shah, Jigar (21 January 2015). "I'm called an actor, not a comic: Vir Das". The Hindustan Times. Archived from the original on 29 January 2015. https://web.archive.org/web/20150129030530/http://www.hindustantimes.com/bollywood/i-m-called-an-actor-not-a-comic-vir-das/article1-1309192.aspx। আহৰণ কৰা হৈছে: 29 January 2015.
- ↑ Chatterjee, Suprateek (29 April 2017). "Review: Vir Das' 'Abroad Understanding' Is A Hit-And-Miss Affair" (en ভাষাত). The Quint. Archived from the original on 26 August 2017. https://web.archive.org/web/20170826234511/https://www.thequint.com/entertainment/2017/04/29/review-vir-das-netflix-abroad-understanding.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত বীৰ দাস সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- History of India – 2010
- Vir Das at Chakpak.com Archived 19 February 2012 at the Wayback Machine
- YouTube
- বীৰ দাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।