বীৰ মংগদবলো
বীৰ মংগদবলো (ইংৰাজী: Vir Mangdavalo) ১৯৭৬ চনৰ এখন গুজৰাটী ৰোমান্টিক ফেণ্টাচি ছবি। বাবুভাই মিষ্ট্ৰী পৰিচালিত ছবিখনত গুজৰাটৰ এক লোককথা চিত্ৰিত হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উপেন্দ্ৰ ত্ৰিবেদী, অৰবিন্দ ত্ৰিবেদী আৰু স্নেহলতাই। সংগীত ৰচনা কৰিছিল অবিনাশ ব্যাসে। ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল। ১৯৭৮ চনত বীৰ মংগদবলোক ভোজপুৰীত অমৰ সুহাগীন নামেৰে ডাব কৰা হৈছিল।
নিৰ্মাণ
[সম্পাদনা কৰক]গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলৰ গাঁৱে-ভূঞে জনপ্ৰিয় বীৰ মংগদবলোৰ লোককথাৰ আধাৰত ছবিখন নিৰ্মিত হৈছে। সুভাষ সাগৰৰ প্ৰযোজনা আৰু ৰামানন্দ সাগৰৰ দ্বাৰা উপস্থাপিত এইখন প্ৰথম চলচ্চিত্ৰ।[1] ইয়াৰ শ্বুটিং হৈছিল লক্ষ্মী বিলাস পেলেচত।
সঁহাৰি
[সম্পাদনা কৰক]বীৰ মংগদবলো ব্যৱসায়িকভাৱে সফল হৈছিল।[2] "তাৰি ভাংকি ৰে পাঘলদী" গীতটো যথেষ্ঠ জনপ্ৰিয় হৈছিল। এইখনে ৪০ লাখ টকাৰ ওপৰত উপাৰ্জন কৰিছিল (২০২৩ চনত ১২ কোটি টকা বা ১৪ লাখ মাৰ্কিন ডলাৰৰ সমতুল্য)।[2]
২০১৯ চনৰ গুজৰাটী ছবি বীৰ মংগদবলোও একে বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Raghuvanshi, Harish (2005-02-01). "વીર માંગડાવાળો (ચલચિત્ર)" (gu ভাষাত). Gujarati Vishwakosh. https://gujarativishwakosh.org/%e0%aa%b5%e0%ab%80%e0%aa%b0-%e0%aa%ae%e0%aa%be%e0%aa%82%e0%aa%97%e0%aa%a1%e0%aa%be%e0%aa%b5%e0%aa%be%e0%aa%b3%e0%ab%8b/। আহৰণ কৰা হৈছে: 2023-10-20.
- ↑ Dharap, B. V. (1977) (en ভাষাত). Indian Films. https://books.google.com/books?id=AckHAQAAIAAJ&q=Veer+Mangdavalo.
- ↑ "Vir MangdavaloUA". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/gujarati/movie-details/vir-mangdavalo/movieshow/72738075.cms.
