সমললৈ যাওক

বুঢ়াগোসাঁই আৰু বুঢ়ীগোঁসানীৰ পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনী হৈছে অসমীয়া সমাজৰ এক পৰম্পৰাগত দেৱ-দেৱী যাক অসমীয়া হিন্দু লোকসকলে ভগৱান শিৱ আৰু তেওঁৰ অৰ্ধাংগিনী দেৱী পাৰ্বতী ৰূপে পূজা কৰে । বিশেষকৈ অসমৰ গাঁও অঞ্চলত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা-সেৱা বহু শতাব্দী ধৰি প্ৰচলিত হৈ আহিছে। বিভিন্ন উদ্দেশ্য পূৰণৰ বাবে অসমীয়া লোকসকলে দেৱ-দেৱী দুগৰাকীক পূজা কৰে। অসমৰ বিভিন্ন ঠাইত এই দেৱ-দেৱী দুগৰাকীৰ নিজা নিজা থান বা গোসাঁইঘৰ আছে ।

শাস্ত্ৰীয় তাৎপৰ্য

[সম্পাদনা কৰক]

শাস্ত্ৰ অনুসাৰে বুঢ়াগোসাঁই মানে শিৱ আৰু বুঢ়ীগোসাঁনী মানে পাৰ্বতী। শিৱক বিভিন্ন নামেৰে অভিহিত কৰা হৈছে—যেনে, মহাদেৱ, সদাশিৱ, মহেশ্বৰ, ৰুদ্ৰ, শম্ভু, পশুপতি, ঈশান, শূলিন, শংকৰ, চন্দ্ৰশেখৰ, গিৰীশ, খণ্ডপৰশু, তিৰুপতি, মৃত্যুঞ্জয়, কৃতিবাসম, পিনাকিন, শ্ৰীকণ্ঠ, কপৰ্দিন, শিতিকণ্ঠ, বামদেৱ, বিৰূপাক্ষ, ত্ৰিলোচন, ধূৰ্জটি, হৰ, ত্ৰাম্বক, ত্ৰিপুৰান্তক, গংগাটৰ, বৃষধ্বজ, বোমকেশ, ভৱ, ভীম, উমাপতি, স্থানু আদি। তেওঁৰ পত্নী পাৰ্বতী দেৱীক কাত্যায়নী, কালী, উমা, হৈমৱতী, ঈশ্বৰা, শিৱা, ভৱানী, ৰুদ্ৰাণী, শৰ্বাণী, সৰ্বমংগলা, অৰ্পণা, দুৰ্গা, মৃড়ানী, চণ্ডী, চণ্ডিকা, অম্বিকা আদি নামেৰে জনা যায়।

সামাজিক তাৎপৰ্য

[সম্পাদনা কৰক]

অসমীয়া সমাজৰ হিন্দুধৰ্মীয়সকলে শিৱ-পাৰ্বতী দেৱ-দেৱীক বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনী ৰূপে মানে। বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীক বৃষ্টি আনয়ন দেৱতা, কৃষি দেৱতা, কল্যাণকৰ দেৱতা আৰু সৰ্বমংগলময় দেৱ-দেৱী ৰূপে জনা যায়।

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ শিৱ নামৰ গ্ৰন্থত উল্লেখ আছে— “জগতৰ গুৰু হৈও শিৱৰ ভিক্ষুক ৰূপ। তেল নোহোৱা চুলিৰে তেওঁ জঁটা বাধা সন্ন্যাসী, সেয়ে তেওঁৰ নাম ‘জঁটীয়া’। তেওঁৰ থানৰ নাম ‘জঁটীয়া গোসাঁই থান’। লোকগীতত আছে—

অ’ মোৰ জঁটীয়া, অ’ মোৰ জঁটীয়া / ঘৰ-বাৰী এৰি, থানে শ্মশাণে পৰিয়া, অ’ মোৰ জঁটীয়া//'’।”

অন্য দিহা-পদসমূহত শিৱক ভোলা, পগলা, ভাঙৰা, ভিক্ষুক আদিৰূপে প্ৰতিপন্ন কৰা হৈছে। অসমীয়া সমাজত বুঢ়াগোসাঁইক কৃষকৰ দেৱতা, গছ-বন, বাঘ, হাতী আদি জীৱৰ সঁজুলি ৰূপে ধৰা হয়। হাতীক বুঢ়াগোসাঁইৰ এক অভিব্যক্তি ৰূপে গণ্য কৰা হয় আৰু গণেশৰ সৈতে তেওঁৰ সম্পৰ্কও স্থাপন কৰা হয়। বুঢ়াগোসাঁইক বাঘৰ ছাল পৰিধান কৰা ৰূপে বৰ্ণনা কৰা হয়, যাৰ ফলত বাঘকো তেওঁৰ প্ৰতীক ৰূপে ধৰা হয়।

অসমৰ বিভিন্ন ঠাইত বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনীৰ ৰাজহুৱা গোসাঁইঘৰ বা থান আছে। পথাৰৰ বা মুকলি ঠাইত থকা ডাঙৰ আঁহত, পাখৰি আৰু বৰগছৰ গুৰিত এই পূজা কৰা হয়। সেই ঠাইবোৰক ‘‘বুঢ়াগোসাঁই থান’’ বা ‘‘বুঢ়ীগোসাঁনী থান’’ বুলি জনা যায়।

পূজা-পদ্ধতি

[সম্পাদনা কৰক]

বংশানুক্ৰমিকভাৱে বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা বিভিন্ন ঠাইত অনুষ্ঠিত হয়। গোৱালপাৰা জিলাত এই পূজা বিশেষকৈ প্ৰচলিত। এই পূজা মহাদেৱ-পাৰ্বতীৰ মূৰ্তিবিহীন পূজা। লোকবিশ্বাস অনুসাৰে, মালিকে প্ৰতিশ্ৰুতি দিয়া মৃত চৰায়ে জীৱন লাভ কৰাত বুঢ়া-বুঢ়ী (মহাদেৱ-পাৰ্বতীৰ ছদ্মবেশ)ক এই পূজা দিয়া হয়।

সাপটগ্ৰাম-ফকিৰাগ্ৰামৰ ওচৰৰ আইশাঁখাতি পাহাৰৰ নামনি অংশত থকা বুঢ়াগোসাঁই থানত প্ৰতিবছৰে ডাঙৰ মেলা বহে। তাত দুটা শিল আছে—এটা থিয় আৰু আনটো শুৱাই থোৱা। থিয় শিলটো ‘বুঢ়া’ আৰু শুৱাই থোৱা শিলটো ‘বুঢ়ী’ বুলি জনা যায়। বিশ্বাস অনুসাৰে বুঢ়াৰ মূৰত গাখীৰ ঢালিলে তলৰ নদীলৈ যায়।

অসমৰ উৎসৱ-পাৰ্বণৰ সৌৰভ গ্ৰন্থৰ লেখক মৃগেন শৰ্মাই লিখিছে— “নামনি অসমতো বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা হয়। অবিভক্ত কামৰূপ জিলাৰ গন্ধিয়া গাঁৱত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনী শিৱ-পাৰ্বতী ৰূপত পূজিত। এই গাঁওখনৰ প্ৰায় সকলো ঘৰতে বেলগছৰ গুৰিত দেৱ-দেৱী দুগৰাকী পূজিত হয়। ৰাজহুৱা মন্দিৰতো এই দেৱ-দেৱী পূজিত হয়। মহাশিৱৰাত্ৰি পালন কৰা হয় আৰু দুৰ্গা পূজাৰ সময়তো নৈৱেদ্য আগবঢ়োৱা হয়।”

অসমৰ বহু ঠাইত গাঁওবোৰত নামতীসকলে বেলগছৰ গুৰিত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ নাম ধৰি পূজা কৰে। আহুধানৰ খেতি আৰম্ভৰ সময়ত আৰু আহুধান চপোৱাৰ সময়ত বুঢ়াগোসাঁইক কল, ভাং, পিঠা-গুড় আদি আগবঢ়াই পূজা কৰা হয়। তিৰোতাসকলে শেষ ৰাতি চোতাল-ঘৰ পৰিষ্কাৰ কৰি ৰাখে কাৰণ বিশ্বাস অনুসাৰে বুঢ়াগোসাঁই ৰাতিপুৱা প্ৰতিঘৰলৈ আহে। গৰু-ম’হৰ মঙ্গলৰ বাবেও এই পূজা কৰা হয়।

জনবিশ্বাস

[সম্পাদনা কৰক]

অসমীয়া সমাজত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজাৰ সৈতে বহু জনবিশ্বাস জড়িত। নানা ঠাইত থকা থানসমূহে দেৱ-দেৱী দুগৰাকীৰ প্ৰতি লোকৰ গভীৰ ভক্তিৰ প্ৰতিফলন কৰে। বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা আজিও অসমীয়া লোকসংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ।

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "অসমৰ উৎসৱ-পাৰ্বণৰ সৌৰভ : Asomar Utsav-Parbanar Saurabh" (as ভাষাত). Scienta Books (Guwahati)ScientaBooks. https://scientiabooks.in/product/asomar-utsav-parbanar-saurabh-by-sri-mrigan-sarma/। আহৰণ কৰা হৈছে: 2025-11-09. 
  2. "অসমীয়া সংস্কৃতিৰ সম্ভাৰ : Asamiya Sanskritir Sambhar" (as ভাষাত). Scienta Books (Guwahati)ScientaBooks. December 2008. https://scientiabooks.in/product/asamiya-sanskritir-sambhar-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AD/। আহৰণ কৰা হৈছে: 2025-11-09. 
  3. "গোৱালপৰীয়া লোকসংস্কৃতি : Goalparia Loka Sanskriti" (as ভাষাত). Scienta Books (Guwahati)ScientaBooks. https://scientiabooks.in/product/goalparia-loka-sanskriti/। আহৰণ কৰা হৈছে: 2025-11-09.