বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ
| বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ | |
|---|---|
![]() | |
| ধৰণ | স্তুপ |
| স্থান | বৈশালী জিলা, বিহাৰ, ভাৰত |
| Area | ৭২ একৰ |
| Status | নিৰ্মিয়মান |
| Budget | ₹ ৩১৫ কোটি |
বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ (ইংৰাজী: Buddha Samyak Darshan Museum and Memorial Stupa ) বৈশালীৰ পুৰাতাত্ত্বিক খননত আৱিষ্কাৰ হোৱা বুদ্ধৰ ধ্বংসাৱশেষ ৰখাৰ বাবে এটা প্ৰস্তাৱিত সংগ্ৰহালয় আৰু স্তুপ। বিহাৰ ৰাজ্যিক কেবিনেটে ২০১৩ চনৰ ৯ ফেব্ৰুৱাৰীত ইয়াৰ নিৰ্মাণত অনুমোদন জনায়, [1] আৰু ২০১৯ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হয়, যাৰ উদ্বোধন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৰিছিল। ৩১৫ কোটি টকাৰ বাজেটেৰে ৭২ একৰ মাটিত এই সংগ্ৰহালয়টো নিৰ্মাণ হ’ব। এই গঠনটো শিলৰ দ্বাৰা নিৰ্মিত হ'ব, ইয়াৰ নিৰ্মাণৰ বাবে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লীয়ে কাৰিকৰী সহায় আগবঢ়াব। [2] [3]
প্ৰদৰ্শন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি মুম্বাইৰ গ্ল’বেল বিপাচনা পেগোডাৰ পদ্ধতি অনুসাৰে বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় বিকশিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ দুটা উপাদান থাকিব; এটা বুদ্ধ স্তুপ আৰু আনটো সংগ্ৰহালয়। সংগ্ৰহালয়টোত মৌলিক শিল্পকৰ্ম, থ্ৰীডি মডেল, মাল্টিমিডিয়া উপস্থাপন আৰু ব্যাখ্যা কেন্দ্ৰৰ সৈতে কলা আৰু প্ৰদৰ্শনী গেলেৰী থাকিব। দৰ্শনাৰ্থীসকলক বৌদ্ধ ধৰ্মৰ চহকী ঐতিহ্যৰ সৈতে পৰিচিত কৰাৰ বাবে এনিমেটেড চুটি ছবিৰ ব্যৱহাৰ কৰা হ’ব। আনহাতে স্তুপত বিহাৰ আৰু বুদ্ধৰ মহাপৰিনিৰ্বাণ আৰু তেওঁৰ জীৱনৰ মুখ্য মুখ্য ঘটনাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। [4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Tripathi, Piyush (23 December 2016). "DPR delay hits Vaishali Buddha Museum project". Times of India. https://timesofindia.indiatimes.com/city/patna/dpr-delay-hits-vaishali-buddha-museum-project/articleshow/56127868.cms.
- ↑ Kumar, Madan (20 February 2019). "Nitish Kumar launches work for Buddha museum and stupa in Vaishali". Times of India. https://timesofindia.indiatimes.com/city/patna/nitish-launches-work-for-buddha-museum-and-stupa-in-vaishali/articleshow/68068848.cms.
- ↑ PTI (19 February 2019). "Nitish lays foundation stone of Buddha Sangrahalaya & Smriti". Business Standard. https://www.business-standard.com/article/pti-stories/nitish-lays-foundation-stone-of-buddha-sangrahalaya-smriti-119021901154_1.html.
- ↑ TRIPATHI, PIYUSH KUMAR (22 May 2014). "Relic with Buddha's remains to return home – Art, culture & youth affairs department starts work on constructing stupa and world-class museum". Telegraph India. https://www.telegraphindia.com/bihar/relic-with-buddha-s-remains-to-return-home-art-culture-youth-affairs-department-starts-work-on-constructing-stupa-and-world-class-museum/cid/180289.
