সমললৈ যাওক

বুলন কুমাৰ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুলন কুমাৰ শইকীয়া
জন্ম ১ জানুৱাৰী, ১৯৭৬
মৃত্যু ২৮ নৱেম্বৰ, ২০২৪
নাহৰকটীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংবাদিক
উল্লেখযোগ্য কৰ্ম আৰাকান ইন্টেল (ভূ-ৰাজনীতি পটভূমিত অসমৰ প্ৰথমখন উপন্যাস)
দাম্পত্যসঙ্গী নৱনীতা কোঁৱৰ শইকীয়া
সন্তান ভৈৰৱী শইকীয়া
বঁটা, সন্মান, পুৰস্কাৰ আদি বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা ২০২৪ (সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান)

বুলন কুমাৰ শইকীয়া (ইংৰাজী: Bulan Kumar Saikia; ১৯৭৬-২০২৪) অসমৰ এগৰাকী সাংবাদিক, ৰাজনৈতিক সমালোচক, নিৱন্ধকাৰ, কবি, ঔপন্যাসিক আৰু থলুৱা উদ্যোগী৷ অসমত “নাগৰিক সাংবাদিকতা”ক জনপ্ৰিয় কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল বুলন কুমাৰ শইকীয়া৷ ভূ -ৰাজনীতি আৰু উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যাক লৈ ৰচিত তেখেতৰ উপন্যাস দ্য আৰাকান ইন্টেল অসমৰ প্ৰথমখন ভূ-ৰাজনীতি বিষয়ক উপন্যাস৷ অসমৰ এজন ৰাজনৈতিক চেটায়াৰিষ্ট (Political Satirist) হিচাপে প্ৰসিদ্ধ ব্যক্তি৷[1][2]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

এক্সপৰ্ট মেনেজমেণ্টৰ ডিপ্লমা অৰ্জন কৰা বুলন কুমাৰ শইকীয়াই ২০০২ চনৰ পৰা আৰম্ভ কৰে মফছলীয় সাংবাদিকতা ৷ পোনতে তেওঁ আমাৰ অসম, নতুন দিন কাকতত সাংবাদিকতা আগবঢ়াইছিল যদিও পৰৱৰ্তী পৰ্যায়ত নিজা প্ৰচেষ্টাত “পষেকীয়া সোমবাৰ” নামৰ এখন কাকত প্ৰকাশৰ উদ্যোগ গ্ৰহণ কৰে ৷ ইয়াৰ পাছতেই তেওঁ সংযুক্ত হয় অধুনালুপ্ত NETVৰ সৈতে ৷ পৰৱৰ্তী সময়ত তেওঁ অসমীয়া প্ৰতিদিন, DY365 ত দীঘলীয়া সময় সাংবাদিক হিচাপে সেৱা আগবঢ়ায়৷ ২০০৮ চনত অসমৰ ব্যক্তিগত খণ্ডৰ এটি টেলিভিশ্বন চেনেলত যোগদান কৰি নাহৰকটীয়াৰ পৰা বৈদ্যুতিন মাধ্যমৰ প্ৰথমগৰাকী সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল । মাজতে তেওঁ নিয়মীয়া বাৰ্তাৰ সৈতেও জড়িত আছিল যদিও প্ৰতিষ্ঠানবিৰোধী লেখা মেলাৰ বাবে তেওঁ কাকতখনৰ পৰা অব্যাহতি ল’ব লগীয়া হয়৷ সাহসী আৰু নিৰপেক্ষ বাতৰি পৰিৱেশনেৰে সমাজ জীৱনক সমৃদ্ধ কৰিছিল শইকীয়াই ৷ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ খবৰ নিজৰ নখ দৰ্পনত থকা বুলন কুমাৰ শইকীয়াৰ প্ৰতিটো লিখনি চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে এক চোকা অস্ত্ৰ আছিল । ফলত বিভিন্ন সময়ত চৰকাৰৰ ৰোষতো পৰিছিল সাংবাদিকগৰাকী ।[1] ২০১৫ চনত শইকীয়াই ক্লিয়েৰ লেন্স মিডিয়াৰ প্ৰতিষ্ঠাৰে “খবৰ চাৰিদিশ” নামৰ পষেকীয়া বাতৰি কাকতৰ প্ৰচলন কৰি নাগৰিক সাংবাদিকতাক অসমত জনপ্ৰিয় কৰি তোলে আৰু পৰৱৰ্তী সময়ত ২০২২ চনত “গ্ৰাউণ্ড নিউজ অসম” নামৰ এটা পৰ্টেলৰ প্ৰতিষ্ঠাপনাৰে মুক্ত বা স্বতন্ত্ৰ সাংবাদিকতাক শক্তিশালী কৰি তোলে৷ নাগৰিক সংবাদৰ লগতে শান্তি (peace) সংবাদৰ পোষকতা কৰা জেষ্ঠ সাংবাদিক শইকীয়াই নতুন দায়বদ্ধ সাংবাদিক গঢ় দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন সময়ত ক্লিয়েৰ লেন্স মিডিয়াৰ উদ্যোগত অনুষ্ঠিত কৰিছিল সাংবাদিকতা, ব্যৱহাৰিক সাংবাদিকতা আৰু পৰিৱেশ সাংবাদিকতাৰ কৰ্মশালা৷

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

বুলন কুমাৰ শইকীয়া এজন খাদ্যৰসিক লেখক৷ সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা তেখেতৰ গ্ৰন্থ “আমাৰ জুতি-বুধি” য়ে পাঠকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ "ভালপোৱাৰ কবিতা গুচ্ছ", “মোৰ আইৰ নাম মিলিকি বৰুৱা” তেওঁৰ দুখন কবিতা সংকলন৷ তেখেত বৌদ্ধধৰ্মীয় সংস্কৃতিৰ অনুশীলনকাৰী আছিল৷ বৌদ্ধধৰ্মমূলক “মহাজীৱনৰ সন্ধানত” তেখেতৰ এখন অনুবাদ গ্ৰন্থ ৷ তদুপৰি তেখেতৰ বৌদ্ধধৰ্মীয় চিন্তাৰ এক ফচল হ’ল “এজন ভিক্ষুৰ জন্ম” নামৰ উপন্যাস ৷ “অসম-ভাৰত” সংঘাত তেখেতে লিখা এখন প্ৰৱন্ধ সংকলন৷ ২০২৩ চনত ব্ৰেইনষ্টৰ্ম পাব্লিকেশ্যন আৰু ঐক্যতান প্ৰকাশনে প্ৰকাশ কৰা ভূ ৰাজনীতি আৰু উত্তৰ পূৱৰ বিদ্ৰোহী সমস্যাকলৈ ৰচিত তেখেতৰ উপন্যাস দ্য আৰাকান ইণ্টেলে পাঠকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে “আৰাকন ইন্টেল” হ’ল ভূ-ৰাজনীতিক লৈ লিখা অসমৰ প্ৰথমখন গ্ৰন্থ৷ তেখেতৰ দুখন অপ্ৰকাশিত গ্ৰন্থ হ’ল “চি-ইন-চি” আৰু “চেইকজিন ছাইৱাম”৷ চেইকজিন চাইৱাম সম্পৰ্কে বুলন কুমাৰ শইকীয়াই চছিয়েল মিডিয়াত এইদৰে কৈছিল

আৰাকান ইণ্টেলৰ পৰৱৰ্তী উপন্যাস হ’ল ছেইকজিন ছাইৱাম ৷ ক’ব পাৰি ত্ৰিলজীৰ দ্বিতীয়খন উপন্যাস । আৰাকান ইণ্টেলত আমি উল্লেখ কৰিছিলো কিদৰে ভূ-ৰাজনীতিক এৰাই চলি দক্ষিণ পূৱ এচিয়াৰ অশান্তময় প্ৰেক্ষাপটত উত্তৰ পূৱ ভাৰতৰ বিদ্ৰোহী সমস্যাক সমাধান কৰাটো সম্ভৱপৰ নহয়। সেই বৃহৎ পৃষ্ঠভূমিৰে অন্যতম অধ্যায় স্বৰূপ আলফাৰ সংগ্ৰামখনৰ এছোৱা অংকিত কৰিবলৈ আমি ছেইকজিন ছাইৱামৰ জুমুঠিটো গঢ়ি তুলিছোঁ ৷ লেখক হিচাপে  আমি বিশ্বাস কৰোঁ শান্তিৰ সপক্ষে সবল আৰু অৰ্থৱহ জনমত  গঢ়ি তুলিবলৈকে এনে ধৰণৰ প্ৰয়াসে সামান্যতম হ’লেও সহায় আগবঢ়াব ৷- বুলন কুমাৰ শইকীয়া

It's not about winning or loosing ; It's about realizing who- and why we are. - Wald Wassermann

প্ৰস্তাৱনা খণ্ড:

ছেইকজিন ছাইৱাম... বাৰ্মীজ ভাষাত ছেইকজিন ছাইৱামৰ অৰ্থ হৈছে মৃত্যু উপত্যকা ৷ বিপদসংকুল পথ, সেৰেঙা জনবসতি, খৰস্ৰোতা নদী, হঠাতে নামি অহা প্ৰতিকূল পৰিৱেশ, কষ্টসাধ্য জীৱন নিৰ্বাহ, অলংঘনীয় পাহাৰ আৰু যে ক’ত কি ?

এই মৃত্যু উপত্যকাৰো আছে এক সুদীৰ্ঘ ইতিহাস। এদিন নেতাজী সুভাষ বসুৰ আই.এন.এ বাহিনীয়ে এই মৃত্যু উপত্যকাৰে সিন্ধুইন নদী পাৰ হৈ স্পৰ্শ কৰিছিল ভাৰত ভূমি ৷ কিযে এক অদম্য শক্তিৰ বিস্ফোৰিত কাহিনী সেয়া ৷ হয়তো দ্বিতীয় বিশ্বযুদ্ধৰ ধামখুমীয়াত সেয়া নঘটা হ’লে ভাৰতৰ ইতিহাসেই সলনি কৰি দিলেহেঁতেন আই.এন.এই ৷ সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ মিত্ৰজোঁটৰ গুলা-বাৰুদত সিন্ধুইনৰ পাৰতে ঢলি পৰিছিল বহুজন ! এয়া আছিল নেতাজীৰ বাহিনীয়ে সিন্ধুইন পাৰ হৈ ইম্ফলেদি ভাৰতলৈ অহাৰ বীৰোচিত কাহিনী ! আৰু সিফালে ?

উজনি অসমৰ লিডুত মিত্ৰবাহিনীয়ে তেতিয়া গঢ়ি তুলিছে এয়াৰ ফিল্ড ৷ লিডুৰ মৌলাং বৌদ্ধবিহাৰলৈ যোৱাৰ পথত আজিও পোৱা যায় সেই পৰিত্যক্ত এয়াৰ ফিল্ডখন ৷ এই ফিল্ডৰ পৰাই দৈনিক একাধিক বিমান উৰা মাৰিছিল চীনত জাপানী সৈন্যক প্ৰতিৰোধ কৰা মিত্ৰবাহিনীৰ ৰছদ-পাতি, গুলী- বাৰুদ যোগানৰ বাবে ৷ প্ৰতিকূল পৰিস্থিতি, জাপানী সৈন্যৰ আক্ৰমণ, বিপদসংকুল পথৰ বাবে তেনে কেইবাখনো বিমান ভূপতিত হৈছিল এই ছেইকজিন ছাইৱামতে ৷ কথিত আছে ৰহস্যময় লেক অৱ ন’ৰিটাৰ্ণৰ বোকাময় পাৰ, কাচিনৰ ঘনঘোৰ অৰণ্য আৰু পৰ্বত কন্দৰত এতিয়াও এনে বহু বিমানৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায় ৷

আৰু ষ্টীলৱেল ?

আমেৰিকান সেনাৰ জেনেৰেল জোচেফ ষ্টীলৱেল ! তেঁৱো দেখিছিল দুৰ্বাৰ এক সপোন। কেৱল সপোন দেখাই নহয় তাক বাস্তৱতো ৰূপান্তৰ কৰিছিল। আজিও সেই সপোনটোৰ ৰেশ বিয়পি আছে লিডুৰ পৰা চীনৰ কুনমিঙলৈ। সেয়াই ঐতিহাসিক ষ্টীলৱেল ৰোড ৷ লিডুৰ পৰা আৰম্ভ হোৱা পথটোৱে অৰুণাচলত জয়ৰামপুৰ, নামপং আদিক স্পৰ্শ কৰি প্ৰৱেশ কৰিছে পাংছাও গিৰিপথ হৈ তাহানিৰ বাৰ্মা আৰু এতিয়াৰ ম্যানমাৰৰ কাচিন ষ্টেটৰ মচ্ছিন্যা, ভামো আদি চহৰক। কিমানে প্ৰাণাহুতি দিছিল এই পথ নিৰ্মাণৰ সময়ছোৱাত ? মিত্ৰবাহিনীৰ ক’তজন জোৱান, ক’ত শ্ৰমিক কৰ্মচাৰীয়ে প্ৰতিকূল পৰিৱেশ, হিংস্ৰ জন্তু, অচিনাকি ৰোগৰ সন্মুখীন হৈ উপযুক্ত চিকিৎসা নোপোৱাকৈয়ে মৰিবলগীয়া হৈছিল পথ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে মানে ৷ সেয়ে এই পথটোৰ নামেই হৈছিলগৈ মেন ইন এ মাইল হিচাপে ৷ প্ৰতি মাইলৰ মূৰত একোজনৰ দেহাৱসান ৷ আৰু নামপং ? নামপঙৰ নাম দিয়া হৈছিল গেট অৱ হেল্‌ ৷ নৰকৰ দ্বাৰ ৷

কেৱল মৃত্যুৰ ইতিহাসে পৰিপূৰ্ণ এটা উপত্যকা ৷ ১৯৫০ চনত বৰ ভুঁইকপ আহিছিল ৷ বিধ্বস্ত হৈছিল লিডুৰ এয়াৰফিল্ড। ঠায়ে ঠায়ে ভাঙি পৰিছিল লিডু-কুনমিঙৰ পথ। স্বাধীনোত্তৰ ভাৰত ৷ সকলো মত্ত বৃটিছ ঔপনিৱেশিক শক্তিৰ পৰা লাভ কৰা স্বাধীনতাকলৈ ৷ অমলিন বিপ্লৱী নায়ক বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে অল্পসংখ্যকে কৈছিল : য়ে আজাদী ঝুঠে হ্যেই ৷ ... কিন্তু কোনে কাণ দিয়ে তেনে আৱাজলৈ ?

কিন্তু লাহে লাহে বুজি উঠিছিল দেশে ৷ স্বাধীনতা নহয় এয়া কেৱল স্বাধীনতাৰ নামত ক্ষমতা হস্তান্তৰহে ৷ নাগাসকলে আৰম্ভণিৰে পৰা বুজিছিল। তেওঁলোক আছিলেই স্বাধীনচিতীয়া ৷ বশ্যতা স্বীকাৰ নকৰা এটা জাতি ৷ দুৰ্ভিক্ষৰ কৱলত পৰি এদিন মিজোৰামেও লৈছিল বিদ্ৰোহৰ পথ ৷ ভাৰতীয় গণতন্ত্ৰৰ কালিমা মিজোৰামে এতিয়াও বহন কৰি আছে। স্বাধীন দেশে নিজৰ নাগৰিকৰ ওপৰত আকাশমাৰ্গৰ পৰা বোমা বৰ্ষণ কৰাৰ ঘটনা সমগ্ৰ বিশ্বতে বিৰল ৷ কিন্তু সেয়াই হৈছিল তাহানিৰ লুচাই পাহাৰত। আৰু অসম ? অসমেই হয়তো বিদ্ৰোহৰ ক্ৰমণিকাত অন্তৰ্ভুক্ত হোৱা উত্তৰ-পূৱৰ আটাইতকৈ নৱতম ৰাজ্য।

ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰৱৰ্তী তিনিটা দশকলৈ প্ৰায় অনুচ্চাৰিত হৈ আছিল ছেইকজিন ছাইৱামৰ নাম ৷ পাটকাই পৰ্বতমালাৰ ইপাৰে কি চলিছে সিপাৰে কি চলিছে তাৰ যেন উমান ল’বলৈ নাছিল কোনো সুযোগ বা পৰিৱেশ ৷ কিন্তু লাহে লাহে কথাবোৰ যেন উচ্চাৰিত হ’বলৈ ধৰিলে ৷

বোলো ল’ৰাবোৰ ঘৰবাৰী এৰি আঁতৰি ফুৰিবলৈ ধৰিছে ? কথাবোৰ কি উমান পাইছ’নে ?

শিৱসাগৰৰ ভিতৰুৱা গাঁৱ এখনত জুহালত বহি প্ৰায় নীৰৱে কথা পাতিছিল সদা মাষ্টৰ আৰু বাসুদেৱ গোঁহাই-এ ! বাসুদেৱ কমিউনিষ্ট মানুহ ৷ অসম আন্দোলনটো তেতিয়া ভৰপক। বাসুদেৱ গোহাঁইক কমিউনিষ্ট হোৱাৰ অপৰাধত আন্দোলনকাৰী নেতাই চুলি খবলাখবলকৈ কাটি তিনি-আলিত আঠুকঢ়াই থৈছিল ৷ ডাঠ খাকী ৰঙৰ কাৰ্টনৰ হাৰ্ডবৰ্ড এডোখৰত লিখি দিয়া হৈছিল : মই জাতিদ্ৰোহী ৷ ... সেইখনকে সকলোৰে চকুত পৰাকৈ বুকুত উলোমাই থৈছিল বাসুদেৱৰ ৷ সদা মাষ্টৰে দেখা পাই বাৰুকৈয়ে এজাউৰি দিলে আন্দোলনকাৰী ল’ৰাহঁতক ৷ অঞ্চলটোত সদামাষ্টৰক সকলোৱে সমীহ কৰি চলে। মাষ্টৰৰ কথাত বাসুদেৱ ৰক্ষা পৰিল ৷

চুবুৰীয়া মানুহ বাসুদেৱ। মাষ্টৰে জানে সি জাতিদ্ৰোহী হ’ব নোৱাৰে ৷ জাতিটোক বেছি ভাল নাপালেও অন্ততঃ আন্দোলনৰ লীডাৰকেইটাতকৈ কম ভাল নাপায়। সদা মাষ্টৰে বাসুদেৱকো ক’লে : এই অধমমখাৰ হঠাত উথলি পৰা জাতিপ্ৰেমৰ লগত পাট্টা নাপাবি অ’ বাসুদেৱ ৷ জীয়াই থাক ৷ সমাজ পৰিবৰ্তন হ’বলৈ হ’লে চিন্তা আৰু মনৰো উমৈহতীয়া পৰিবৰ্তন হ’ব লাগিব। সৌ লাকুৱাৰ মানুহটো আহি আজি নাজিৰাত নিজকে লোকেল বুলি ক’ব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হ’ল ৷ ক’ত এইমখাৰ মাজত তোৰ সমাজবাদী চিন্তাই বিপ্লৱ সাধন কৰিব হে ?

বাসুদেৱ গোহাঁইয়ে লাহে লাহে ওলোৱা সোমোৱা বন্ধ কৰিলে। কেতিয়াবা সন্ধিয়াৰ সময়ত সদা মাষ্টৰৰ ঘৰৰ জুহালখন। ... শুনিছে ৷ সিও শুনিছে ল’ৰাটোৰ নিৰূদিষ্ট হোৱাৰ কথাবোৰ ৷

আন্দোলনটোত বাঢ়ি অহা নৈৰাজ্যৰ সুযোগ লৈ চৰকাৰী বাহিনীয়ে দমন চলাইছে ৷ তাতে বহুতেই খঙাল হৈ পৰিছে ৷ এফালে নিৰ্যাতন আৰু আনফালে আন্দোলনৰ নেতাসকলৰ সুবিধাবাদী চৰিত্ৰ ৷ সেয়ে নিৰ্ভীকভাৱে ভবা ল’ৰাবোৰ একগোট হ’ব ৷ বিকল্প পথৰ চিন্তা কৰিব ৷ শুনিছো ময়ো ৷ সিহঁত বোলে আজিকালি পাটকাই পাহাৰ বগাই কাচিনলৈ গুচি যায় ৷ তাত ট্ৰেইনিং কৰিব ৷ কৰি আহি অসম স্বাধীন কৰিব ৷
তেনেকুৱাওনো হ’ব পাৰে নে বাসুদেৱ ? চৰকাৰখনে নিৰস্ত্ৰ মানুহৰ ওপৰতেই জঘন্য অত্যাচাৰ চলাইছে ৷ সিহঁতে যদি হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সন্মুখ সমৰত আহে তেন্তে চৰকাৰৰ অত্যাচাৰ এতিয়াতকৈ বেছি নিৰ্বিচাৰ হ’ব ?

বাসুদেৱে একো উত্তৰ দিয়া নাছিল ৷ খৰি এডাল জুহালত ভৰাই সি ফুঃ চুঙাটোৰে জুইকুৰা জ্বলাবলৈ চেষ্টা কৰিছিল ৷ উত্তৰ নিদিলেও বাসুদেৱ শংকিত হৈ উঠিছিল - বিপ্লৱত অস্ত্ৰ অৱধাৰিত কিন্তু তাতকৈও বেছি দৰকাৰ অভূতপূৰ্ব গণসমৰ্থন ৷ অসম আন্দোলনৰ উন্মাদনাই কঁপাই যোৱা এই সময়ত দীঘলীয়া এখন যুদ্ধলৈ সাজু হ’বনে অসমীয়া ? শক্তিশালী বিপক্ষক ফেপেৰি পাতি ধৰিবলৈ ?

পাৰিছিলনে নেতাজীয়ে ছেইকজিন ছাইৱামলৈ আই.এন.এক পঠিয়াই ? যিসময়ত বিষ্ণু ৰাভাই কৈছিল “য়ে আজাদী ঝুথে হ্যেই” সেইসময়ত আপামৰ জনতা কাৰ পক্ষত আছিল ? ভাবিছিল বাসুদেৱ গোহাঁইএ ৷ সেই জুহালৰ কথাবোৰো আজি যথেষ্ট পুৰণি হৈ গৈছে ৷

সদা মাষ্টৰ এতিয়া অথৰ্ব ৷ বাসুদেৱ গোহাঁই ঢুকুওৱা দহ বছৰৰ ওপৰ হ’ল ৷

ইৰাৱতী, সিন্ধুইন, ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহু পানী বাগৰিল ৷ যোৱা দশক কেইটাত সঘনে উচ্চাৰিত হ’বলৈ ধৰিল ছেইকজিন ছাইৱামৰ কথা ৷ কাচিন ইষ্টেট, লেক অৱ ন’ ৰিটাৰ্ণৰ ৰহস্যময়তাৰ এতিয়াও ওৰ পৰা নাই আৰু সম্ভৱতঃ নপৰিবও। স্বাধীনতাৰ সপোন খেদি ছেইকজিন ছাইৱামলৈ সেই তেতিয়াৰে পৰা এতিয়ালৈ গৈয়ে আছে বহুজন। কোনোবাজনে যদি মৃত্যু উপত্যকাতে জীৱন কালাতিপাত কৰিছে কোনোৱে হয়তো এতিয়াও অবিচল যোদ্ধা হিচাপেই ৰৈ গৈছে ৷ কোনোবাই লালসাৰ পম খেদি বিশ্বাসঘাতকৰ চোলা পিন্ধি যদি ছেইকজনমিন ছাইৱামৰ পৰা উভতি আহিছে তেন্তে আন কোনোবাই হয়তো অব্যাহতি লৈ ত্যাগ কৰিছে অৰণ্যৰ জীৱন। তাৰমাজতে ছেইকজিন ছাইৱামে বুকুত সামৰি থৈছে বহুবোৰ অলিখিত কাহিনী ৷ অলপ অশ্ৰু অলপ হাঁহি অলপ বেদনাৰ কাহিনী ৷

কিন্তু এয়াযে আমাৰ বাবে সম্পূৰ্ণ আচহুৱা এখন পৃথিৱী ৷ হাঁহি, চকুলো আৰু বেদনাৰ মাজতে ইয়াত আছে জীয়াই থকাৰ তীব্ৰ সংগ্ৰাম ৷ কেতিয়াবা যদি সেই সংগ্ৰাম শত্ৰুৰ চোকা দৃষ্টিক ফাঁকি মৰাৰ আন কেতিয়াবা হৈ পৰে ভোকৰ বিৰুদ্ধে যুঁজাৰ ৷ বুদ্ধ, ৰুদ্ৰজিত, অভয় শ্যাম, বায়ন ছাৰ, পূৰ্ণ, নৰোত্তমহঁতো গৈছিল ছেইকজিন ছাইৱামলৈ ৷ কিন্তু কি পাইছিল সিহঁতে মৃত্যু উপত্যকাত ?

চকুৰ সন্মুখতে সিহঁতৰ বোজা হ’বলৈ নিবিচৰা বায়ন ছাৰৰ আত্মহত্যা ?

সতীৰ্থ উদ্দীপনৰ বিশ্বাসঘাতকতা ?

শিবিৰ এৰি পলোৱা অভয়ৰ নিঃসংগ মৃত্যু ?

বাৰ্মীজ সেনাৰ প্ৰচণ্ড আক্ৰমণ ? মূৰৰ ওপৰত এখন চালি নথকাকৈ শীতাৰ্ত নিশা কটোৱাৰ যন্ত্ৰণা ? অটব্য অৰণ্য, পৰ্বতত বাট হেৰুৱাৰ অভিজ্ঞতা ?

থলুৱা উদ্যোগী

[সম্পাদনা কৰক]

সম্পূৰ্ণ প্ৰাকৃতিক থলুৱা সামগ্ৰী যেনে মেম লাহী, খামতি লাহী, মাণিকীমাধুৰী, কুণকুণী জহা চাউল, উখোৱা চাউল, জহা চাউল, খাটি মিঠাতেল, লোকেল হালধি, লোকেল ধনীয়া, গৰম মছলা, বাঁহ গাজ, সান্দহ, আচাৰ আদিৰে “স্বাদ অসম” নামৰ এক থলুৱা উদ্যোগৰ আৰম্ভ কৰিছিল বুলন কুমাৰ শইকীয়াই৷

দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা বুলন কুমাৰ শইকীয়াই ২০২৪চনৰ ২৮ নবেম্বৰৰ দিনা পুৱা ৩ বজাত মাত্ৰ ৪৮ বছৰ বয়সতে ইহঃসংসাৰৰ পৰা বিদায় মাগে৷[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]