বুৰঞ্জি বিবেকৰত্ন
বুৰঞ্জি বিবেকৰত্ন (ইংৰাজী: Buranji Bibekratna) মণিৰাম দেৱানে দুটা খণ্ডত প্ৰণয়ন কৰা অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ড৷ গ্ৰন্থখনৰ সম্পাদনা হ’ল নগেন শইকীয়া আৰু প্ৰকাশক হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ৷[1]
ৰচনাকাল, পাণ্ডুলিপি উদ্ধাৰ আৰু প্ৰকাশন ইতিহাস
[সম্পাদনা কৰক]মণিৰাম দেৱানে দুটা খণ্ডত অসম বুৰঞ্জী প্ৰণয়ন কৰিছিল৷ ১৯৩৮ চনৰ ২২ ডিচেম্বৰত দ্বিতীয় খণ্ডটিৰ ৰচনা সম্পূৰ্ণ হয়৷ দুয়োটি খণ্ডৰ পাণ্ডুলিপি অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত হৈ আছিল৷ তাৰে প্ৰথম খণ্ডটি পুৰাতত্ত্ব বিভাগৰপৰা হেৰাই যায়৷ দ্বিতীয় খণ্ডটিৰ এটা প্ৰতিলিপি উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে প্ৰস্তুত কৰি ৰাখিছিল৷ লেখাৰুৱে প্ৰস্তুত কৰা হাতেলিখা প্ৰতিলিপিটোৰ পৃষ্ঠা সংখ্যা আছিল এক্সাৰচাইজ বহীৰ আকাৰৰ ৫১৫ পৃষ্ঠা৷ প্ৰতিলিপিটোৰ ওপৰত ক্ৰমাংক দিয়া আছিল: DHAS TR VOL. XII, DHAS Transcript No 108 আৰু DHAS পুথিভঁৰালৰ নম্বৰ ৫৩৪੦ বুলি ৪৯২ পৃষ্ঠাৰ তলত বাওঁফালে Compared with the original বুলি লিখা আছিল৷ ইয়াৰ তলত বি. মিশ্ৰ আৰু এম. চি. বৰুৱাৰ স্বাক্ষৰ আছে৷[1]
উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে কৰা প্ৰতিলিপিটোৰ এটা ফটোকপি ১৯৮৬ চনত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সেই সময়ৰ সঞ্চালক লীলা গগৈয়ে মহেশ্বৰ নেওগক প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে নেওগক পাণ্ডুলিপিটো সম্পাদনা কৰি দিবলৈ অনুৰোধ জনায়৷ কিন্তু নেওগে তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে ১৯৯৪ চনত পাণ্ডুলিপিটো সম্পাদনা কৰাৰ দায়িত্ব নগেন শইকীয়াক দিয়ে৷ ২੦੦২ চনৰ মাৰ্চ মাহত ডিব্ৰুগড় বিশ্ববিদ্যলায়ৰ অসমীয়া বিভাগে নগেন শইকীয়াৰ সম্পাদনাত গ্ৰন্থখন প্ৰকাশ কৰে৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]বুৰঞ্জি বিবেকৰত্নত আহোম ৰাজত্বৰ শেষৰ সময়ৰ ঘটনাবহুল ইতিহাস সামৰাৰ উপৰি অসমৰ সামাজিক, সাংস্কৃতিক, আৰ্থিক আদি সকলো বিষয়ৰ সমকালীন ইতিহাস সামৰি লোৱা হৈছে৷ গ্ৰন্থখন আৰম্ভ হৈছে “শ্ৰীশ্ৰীকৃষ্ণায় নমঃ” বুলি৷ আৰম্ভণিতে লেখকে গ্ৰন্থখনৰ বিষয়বস্তুৰ পৰিচয় এনেকৈ দিয়া হৈছে :
“অথ বুৰঞ্জি বিবেক ৰত্ন গ্ৰন্থে দ্বিতীয় খণ্ডে কামৰূপীয় ব্ৰাহ্মণাদি নিখিল-জাত্যাচাৰ-বিৱেচনং তদ্দেশীয়-ধৰ্ম্ম প্ৰচাৰক-সাধুনাং আগমমাৰ্গ প্ৰদৰ্শক গোস্মামিনশ্চ বিশিষ্টং জ্ঞানম্ অমাত্যপ্ৰমুখোতপত্যাদিকমপি যথামত্যহং ব্যাখ্যাস্যে৷ জনানাং মন্ত্ৰিমুখ্যানামাদ্য গোস্মামিনান্তথা৷ ধৰ্ম্ম প্ৰৱৰ্ত্তকানাঞ্চ যথাচাৰঞ্চ ৱৰ্ণয়ে৷ বিপ্ৰাদ্যখিল জাতিনামাচাৰাঞ্চানু ৱৰ্ণয়ে৷ ৰাজাভিশেকমপ্যত্ৰ খণ্ডে ৱক্ষে যথামতি৷ এতদ্বিৱৰণং৷ কামৰূপ দেশেৰ মধ্যে যেমত ব্ৰাহ্মণ শূদ্ৰাদি সৰ্ব্বজাতিৰ চলিত ব্যৱহাৰ ও জাতিবিচাৰ যদাৱধি হৈয়াছে ও ম্লেচাচাৰ নিবাৰন কৰিয়া ভাগৱতীয় ধৰ্ম্ম প্ৰকাশ কৰিয়া সন্ত মহন্ত স্থাপন কৰিয়াছেন, ও আগমাচাৰ প্ৰকাশক বঙ্গদেশীয় বিশিষ্ট দ্বিজোত্তম পৰ্ব্বতীয়া গোস্বামীৰ আগমন, অপৰঞ্চ মুকলিমূৰীয়া সাধক ভট্টাচাৰ্য্য ও পৰমশিষ্ট দ্বিজশ্ৰেষ্ঠ পশুমৰীয়া গোস্বামী প্ৰভৃতি ধৰ্ম্মাচাৰ্য্য-সকলৰ উৎপত্তি কথন এবঞ্চ প্ৰধান মন্ত্ৰিসকলেৰ আখ্যান, ও পৰাক্ৰমেৰ সংক্ষেপ কথন ও ৰাজসভাবৰ্ণন, ৰাজাৰ তত্তস্থহওনেৰ অভিষেক-কথন্ং এৱমাদি অশেষ সম্প্ৰদায়ে লিখা যাইবেক৷”[1]
সম্পাদক নগেন শইকীয়াই গ্ৰন্থখনৰ ভূমিকাত লিখিছে:
“অসম আছিল মণিৰামৰ নখ-দৰ্পণত৷ সমকালীন ইতিহাসৰো তেওঁ হলিৰামৰ (ঢেকিয়াল ফুকন) দৰে কেৱল প্ৰত্যক্ষ দৰ্শকেই নাছিল, তেওঁ আছিল ইতিহাস ৰচনা কৰা সকলৰো অন্যতম—অসমৰ সমকালীন ইতিহাসৰ এক সক্ৰিয় ব্যক্তিত্ব৷”[1]
মহেশ্বৰ নেওগৰ মতেও বুৰঞ্জি বিবেকৰত্নৰ এইটো খণ্ড ‘কামৰূপ-অসমৰ সামাজিক-সাংস্কৃতিক বুৰঞ্জীৰ এক ডাঙৰ ভঁৰাল৷”[1]
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]মণিৰাম দেৱান বা মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱা (১৮੦৬-১৮৫৮) ঊনবিংশ শতিকাৰ অসমৰ এগৰাকী প্ৰশাসক, চাহখেতিয়ক আৰু স্বাধীনতা সেনানী৷[2][1]