সমললৈ যাওক

বুৰ্ৰা কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাচীন জংগম লোক পৰিবেশক

বুৰ্ৰা কথা বা বুৰ্ৰাকথা (ইংৰাজী: Burra katha) ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানাৰ গাঁৱত পৰিবেশন কৰা জংগম কাহিনী পৰম্পৰাৰ এক মৌখিক কাহিনী কোৱা কৌশল। বুৰ্ৰাকথা এজন মূল পৰিবেশক আৰু দুজন সহ-পৰিবেশকৰে গঠিত এটা দলে পৰিবেশন কৰে আৰু প্ৰাৰ্থনা আৰু ই একক অভিনয়, নৃত্য, গীত, কবিতা আৰু কৌতুকেৰে গঠিত এক আখ্যানমূলক মনোৰঞ্জন। ইয়াৰ বিষয়বস্তু হিন্দু ঐতিহাসিক কাহিনী (জংগম কথা) অথবা সমসাময়িক সামাজিক বিষয়ৰ ওপৰত হয়।[1] ১৯৩০-১৯৫০ দশকৰ আৰম্ভণিতে তেলেংগানা বিদ্ৰোহৰ সময়ত ই এক জনপ্ৰিয় শিল্পৰূপত পৰিণত হয়।[2] ১৯৪২ চনৰ আশে-পাশে গুণ্টুৰ জিলাত গাঁৱে-ভূঞে নিৰক্ষৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক ধাৰণা প্ৰচাৰ কৰাৰ লক্ষ্যৰে বুৰ্ৰা কাহিনীৰ আধুনিক ৰূপ গঢ় লৈ উঠিছিল।[3]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

"বুৰ্ৰা" মানে টাম্বুৰা, এবিধ ফোপোলা খোলা থকা তাঁৰবাদ্যযন্ত্ৰক বুজায়। "কথা" মানে কাহিনী।[4]

বুৰ্ৰাৰ নিজা অৰ্থ তেলেগু ভাষাত "মগজু", কিয়নো টাম্বুৰাৰ খোলাটো মানুহৰ লাওখোলাৰ দৰে। খোলাটো পোৰা মাটি, শুকান লাওৰ খোলা বা পিতল আৰু তামৰ দ্বাৰা তৈয়াৰ কৰা হয়। বাদ্যযন্ত্ৰটো দেখাত বীনাৰ দৰেই আৰু পৰিবেশকে তাঁৰ টানি, টিপি বিভিন্ন সংগীতিক ধ্বনিৰ সৃষ্টি কৰিব পাৰে।

বৰ্তমান

[সম্পাদনা কৰক]

বুৰ্ৰাকথা পৰিবেশকক বুদাগাজাংগালু বুলি কোৱা হয়। আধুনিক জীৱনত ইণ্টাৰনেট আৰু চলচ্চিত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে বুৰ্ৰাকথা এতিয়া দেখা পোৱা নাযায় আৰু ইয়াৰ বিকাশ আৰু উন্নয়নৰ বাবে কোনো আগবাঢ়ি নাহে। পূৰ্বতে গাঁৱে-ভূঞে বুৰ্ৰাকথাৰ গুৰুত্ব আছিল; বৰ্তমান গতিকে বুৰ্ৰাকথা কোৱাসকলে নিজৰ পৰম্পৰাগত শিল্পকলা এৰি ভিক্ষাৰী বা দিন হাজিৰা কৰা মানুহ হৈ পৰিছে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Burrakatha loses sheen sans patronage". 14 January 2013. https://timesofindia.indiatimes.com/city/visakhapatnam/Burrakatha-loses-sheen-sans-patronage/articleshow/18012802.cms আহৰণ কৰা হৈছে: 2013-09-02.
  2. Nidhi Dugar Kundalia (2015). The Lost Generation: Chronicling India's Dying Professions. Random House India. পৃষ্ঠা. 63–65. ISBN 9788184007763. https://books.google.com/books?id=gMsdCwAAQBAJ&pg=PT64 আহৰণ কৰা হৈছে: 17 October 2021.
  3. Nidhi Dugar Kundalia (2015). The Lost Generation: Chronicling India's Dying Professions. Random House India. পৃষ্ঠা. 63–65. ISBN 9788184007763. https://books.google.com/books?id=gMsdCwAAQBAJ&pg=PT64 আহৰণ কৰা হৈছে: 17 October 2021.
  4. enrouteI (2023-05-12). "Burrakatha: The Fading Art of Rural Storytelling in Andhra Pradesh" (en-US ভাষাত). Enroute Indian History. https://enrouteindianhistory.com/storytelling-of-andhra-pradesh/ আহৰণ কৰা হৈছে: 2023-11-10.
  5. "Burrakatha loses sheen sans patronage". The Times of India. 2013-01-14. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/visakhapatnam/burrakatha-loses-sheen-sans-patronage/articleshow/18012802.cms.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]