সমললৈ যাওক

বৃক্ষ পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৃক্ষ পূজা হৈছে গছ বা বৃক্ষক পূজা কৰাৰ অতি প্ৰাচীন পৰম্পৰা। ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীৰ বিভিন্ন সংস্কৃতিত বৃক্ষ পূজাৰ পৰম্পৰা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। ইয়াৰ আভাস পোৱা যায় টাইলৰ, মনিয়ৰ মনীষসকলৰ গ্ৰন্থৰ পৰা। কল্পতৰু বৃক্ষক পূজা কৰি সন্তুষ্ট কৰিব পাৰিলে যি খোজা যায় তাকেই পোৱা যায় বুলি বিশ্বাস প্ৰচলিত। ইউৰোপত বাস কৰা লোকসকলৰ ধৰ্মীয় বুৰঞ্জীত বৃক্ষ পূজাই বিশিষ্ট স্থান লাভ কৰিছে ।