বেইজিং-হান এয়াৰলাইন্সৰ হেণ্ডলি পেজ O/7 দুৰ্ঘটনা
বেইজিং নান্যুয়ান বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ট্যুৰ বিমানৰ হেণ্ডলি পেজ অ/৭ বিমান ১৯২২ চনত বেইজিং-হান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত পতিত হয়। এয়া আছিল চীনৰ প্ৰথম মাৰাত্মক বাণিজ্যিক যাত্ৰীবাহী বিমান দুৰ্ঘটনা।[1]
পৃষ্ঠভূমি
[সম্পাদনা কৰক]১৯২২ চনৰ ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে চীন চৰকাৰে (চীনা গণৰাজ্য) “বেইজিং-হান এয়াৰলাইন্স” ব্ৰেণ্ডৰ অধীনত চলা তিনিদিনীয়া পৰীক্ষামূলক ভ্ৰমণত আছিল এই বিমানখন। এই বিমান আৰু ভ্ৰমণৰ আৰম্ভণি কৰিছিল চীনৰ যুদ্ধাধিপতি কাও কুনে। এই বিমানখনৰ পাইলট আছিল মা ইউফাঙে।[2]
দুৰ্ঘটনা
[সম্পাদনা কৰক]তিনিদিনীয়া পৰীক্ষামূলক ভ্ৰমণ সম্পূৰ্ণ কৰি, ১০ বজাৰ পিছত বেইজিং নান্যুয়ান বিমানবন্দৰত অৱতৰণ কৰিছিল বিমানখন। অৱতৰণৰ সময়ত বিমানখনৰ পিছফালটো গছত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হৈ জুই লাগিছিল। বিমানখনত থকা ১৪জন লোকৰ আটাইকেইজন লোক নিহত হয়। এই দুৰ্ঘটনা আছিল চীনৰ প্ৰথমটো বাণিজ্যিক যাত্ৰীবাহী বিমান দুৰ্ঘটনা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ASN Aircraft accident Handley Page O/7 near Beijing Nanyuan Airport". aviation-safety.net. https://aviation-safety.net/database/record.php?id=19220331-0। আহৰণ কৰা হৈছে: 8 March 2022.
- ↑ Wu, Tao (9 October 2012). "中国航空事故百年祭" (zh ভাষাত). CARNOC.com. Archived from the original on 2 April 2013. https://web.archive.org/web/20130402054229/http://news.carnoc.com/list/234/234637.html। আহৰণ কৰা হৈছে: 8 March 2022.