বেক্টেৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Bacteria
জীৱাশ্ম কাল: সাঁচ:Long fossil range
Scanning electron micrograph of Escherichia coli bacilli
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Bacteria
Phyla[1]

Actinobacteria (high-G+C)
Firmicutes(low-G+C)
Tenericutes (no wall)

Aquificae
Deinococcus-Thermus
Fibrobacteres–Chlorobi/Bacteroidetes (FCB group)
Fusobacteria
Gemmatimonadetes
Nitrospirae
Planctomycetes–Verrucomicrobia/Chlamydiae (PVC group)
Proteobacteria
Spirochaetes
Synergistetes

  • Unknown / ungrouped

Acidobacteria
Chloroflexi (phylum)

বেক্টেৰিয়া (ইংৰাজী: Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱএণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷ পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী লুই পাস্তৰ (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কক (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷ ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷ [2]

এণ্টন ফন লিউৱেনহ'ক, অণুবীক্ষণ যন্ত্ৰৰে বেক্টেৰিয়াৰ সন্ধান পোৱা প্ৰথম অণুজীৱবিদ।
ই ক'লাই বেক্টেৰিয়াৰ এটা কলনী[3]
গ্ৰাম ষ্টেইনেৰে দেখা পোৱা Streptococcus mutans

বেক্টেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ

  1. বেক্টেৰিয়া হ'ল জীৱজগতৰ অন্তৰ্গত কোষীয় (cellular) জীৱবোৰৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম আৰু সৰলতম জীৱ৷
  2. বেক্টেৰিয়া কোষবেৰযুক্ত এককোষী জীৱ,ইহঁতৰ দৈৰ্ঘ 2-10 nm আৰু বহলে 0.2-1nm হয়৷
  3. বেছিভাগ বেক্টেৰিয়াই পৰপুষ্ট (heterotrophic) আৰু কিছুসংখ্যক বেক্টেৰিয়াৰ বেক্টেৰিঅ'ক্ল'ৰ'ফিল (bacteriochlorophyll) থকা বাবে স্বপুষ্ট (autotrophic)হয়৷
  4. বেক্টেৰিয়াৰ কোষকেন্দ্ৰ সুসংগঠিত নহয় অৰ্থাৎ এইবিলাকৰ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ (nuclear membrane),অতিকেন্দ্ৰ (nucleolus) আৰু নিউক্লিয় জালিকা (nuclear reticulum) নাথাকে৷ তাৰ সলনি এডাল পাকখাই থকা DNA সূত্ৰ থাকে,যাক বেক্টেৰিয়েল ক্ৰ'ম'জ'ম(bacterial chromosome) বোলে৷
  5. বেক্টেৰিয়াৰ কোষত গলগি বডি,মাইট'কণ্ড্ৰিয়া আৰু অন্ত:প্ৰৰসীয় জালিকা নাথাকে৷
  6. বেক্টেৰিয়াৰ দেহটো মাইট'ছিছ প্ৰক্ৰিয়াৰে বিভাজিত নহয়,তাৰ পৰিৱৰ্তে ইহঁতে ৰেণু আৰু দ্বি-বিভাজন পদ্ধতিৰে বংশবিস্তাৰ কৰে৷
  7. যৌন প্ৰজনন বিৰল৷
  8. বেক্টেৰিয়াৰ দেহত শ্বসন প্ৰক্ৰিয়া ঘটে৷
  9. বেক্টেৰিয়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত অংশগ্ৰহন কৰে৷ যেনে - বেক্টেৰিয়া ৰাইয'বিয়াম(Rhizobium)৷
  10. বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়৷

বাসস্থান

বেক্টেৰিয়াই মাটি,পানী,বতাহ,মহাকাশ সকলো ঠাইতে বাস কৰে৷ তাৰোপৰি বিভিন্ন খাদ্যবস্তু,ফল-মূল,বস্ত্ৰ,উদ্ভিদ আৰু প্ৰানীদেহ,মানুহৰ মুখগহ্বৰ,অন্ত্ৰ,জনন অংগ আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়৷ বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে৷ কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে৷ অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি৷

সাধাৰণ বেক্টেৰিয়াজনিত সংক্ৰমণসমূহ আৰু জড়িত প্ৰজাতি।[4][5]

আকৃতি

আকৃতি অনুসৰি বেক্টেৰিয়াক চাৰিটা ভাগত ভগাব পাৰি৷

  1. কক্কাছ (Coccus)
  2. বেচিলাছ (Bacillus)
  3. স্পাইৰিলাম (Spirillum)

কক্কাছ (coccus)

এই এককোষী বেক্টেৰিয়াবিলাক দেখিবলৈ প্ৰায় গোলাকাৰ বা ডিম্বাকাৰ হয়৷ গোলাকাৰ বেক্টেৰিয়াক কক্কাছ,বহুবচনত কক্কি (cocci)বোলে৷ কক্কাছবোৰ এককভাৱে অৰ্থাৎ পৃথক পৃথক ভাৱে থাকিলে ইহঁতক মাইক্ৰ'কক্কাছ (micrococcus)বোলে৷ যেনে - মাইক্ৰ'কক্কাছ ফ্লেভাছ(Micrococcus)৷ দুটা কক্কাছ অৰ্থাৎ দুটা গোলাকাৰ কোষ একেলগে থাকিলে তাক ডিপ্ল'কক্কাছ (diplococcus) বোলে৷ যেনে - ডিপ্ল'কক্কাছ নিউম'নি(Diplococcus pneumoniae)৷ বহুতো কক্কাছ লগ হৈ শিকলিৰ দৰে হ'লে তাক ষ্ট্ৰেপ্ট'কক্কাছ (streptococcus) বোলে৷ যেনে - ষ্ট্ৰেপ্ট'কক্কাছ পায়'জেনছ(Streptococcus pyogens)৷বহুতো কক্কাছ থুপ খাই আঙুৰৰ থোপাটোৰ দৰে হ'লে,তাক ষ্টেফাইল'কক্কাছ (staphylococcus) বোলে৷ যেনে - ষ্টেফাইল'কক্কাছ অ'ৰিয়াছ(Staphylococcus aureus)৷৮,১৬ বা ততোধিক কক্কাছ লগ হৈ ঘনকৰ আকৃতি ধাৰন কৰিলে তাক ছাৰচিনি (sarcinae) বোলে৷

বেচিলাছ(Bacillus)

এইবিলাক বেক্টেৰিয়া দেখাত সৰু সৰু পোন দণ্ডৰ দৰে৷ দণ্ডাকাৰ বেক্টেৰিয়াক বেচিলাছ ,বহুবচনত বেচিলি (bacilli) বোলে৷ কক্কাছৰ দৰে বেচিলি বিভিন্ন প্ৰকাৰৰ হয় -


  • ম'ন'বেচিলি (Monobacilli): ইয়াত বেচিলিবিলাক একক বা পৃথকভাৱে থাকে৷
  • ডিপ্ল'বেচিলি (Diplobacilli): ইয়াত দুটা বেচিলাছ লগ হৈ থাকে৷
  • ষ্ট্ৰেপ্ট'বেচিলি (Streptobacilli): ইয়াত বেচিলিবোৰ লগ হৈ শৃখল আকাৰ ধাৰণ কৰে৷


ক'মাকৃতি বা ভিব্ৰিঅ'(Comma shaped or vibrio)) এইপ্ৰকাৰ বেক্টেৰিয়া দেখিবলৈ 'ক'মা' চিহ্নটোৰ দৰে৷ ক'মাকৃতিৰ বেক্টেৰিয়াক ভিব্ৰিঅ'(vibrio) ,বহুবচনত ভিব্ৰিঅ'ছ (vibrios) বোলে৷ যেনে - ভিব্ৰিঅ'ক'লেৰি (Vibrio cholerae)৷


  • স্পাইৰিলাম (Spirillum) : এইবিলাক বেক্টেৰিয়া দেখাত একোটা স্ক্ৰু (screw) ৰ দৰে৷ এই প্ৰকাৰ বেক্টেৰিয়াক স্পাইৰিলাম,বহুবচনত স্পাইৰিলা (spirilla)বোলে৷ যেনে - মাইক্ৰ'স্পাইৰা(Microspira)৷
Bacteria display many cell morphologies and arrangements

আকাৰ

কোষীয়(cellular) জীৱৰ ভিতৰত বেক্টেৰিয়াই আটাইতকৈ ক্ষুদ্ৰতম জীৱ৷ সাধাৰণতে বেক্টেৰিয়াৰ আকাৰ ০.৫-১.০×২.০-৫.০μm আৰু বহলে ২-৩μm ৷ আটাইতকৈ ক্ষুদ্ৰতম বেক্টেৰিয়াটো হ'ল ডায়ালিষ্টাৰ নিউম'ছিণ্টছ(Dialister pneumosintes),যি দীঘলে প্ৰায় ০.১৫μm হয়৷ আনহাতে বৃহৎ বেক্টেৰিয়াটো হ'ল বেচিলাছ বুটছচিল্লী(Bacillus butshilli),যি দীঘলে প্ৰায় ৮০μm ৷

Structure and contents of a typical Gram positive bacterial cell

প্ৰজনন

বেক্টেৰিয়াই অংগজ,অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে৷

অংগজ প্ৰজনন(Vegetative reproduction)

বেক্টেৰিয়াই দ্বি-বিভাজনআৰু মুকুলোদগম পদ্ধতিৰদ্বাৰা অংগজ প্ৰজনন কৰে৷

  • দ্বি-বিভাজনন(Binary fission): সকলো প্ৰকাৰ বেক্টেৰিয়া,বিশেষকৈ কক্কাছজাতীয় বেক্টেৰিয়াই প্ৰধানকৈ দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷ এই পদ্ধতিত প্ৰথমে বেক্টেৰিয়া কোষনিউক্লিয় পদাৰ্থখিনি অৰ্থাৎ নগ্ন DNA সূত্ৰডাল বিভাজিত হৈ দুডাল সূত্ৰৰ সৃষ্টি কৰে৷ লগে লগে কোষটোৰ মাজত এখন প্ৰস্থবেৰৰ সৃষ্টি হৈ কোষপ্ৰৰসখিনি দুটা ভাগত ভাগ হৈ পৰে আৰু এটা সময়ত সম্পূৰ্ণ কোষটো দুটা ভাগত বিভক্ত হয়৷ প্ৰতিটো ভাগেই একোডাল অপত্য DNA সূত্ৰ পায়৷ এনেদৰে এটা কোষৰপৰা দুটা অপত্য কোষৰ সৃষ্টি হয়৷ উৎপন্ন হোৱা অপত্য কোষবোৰৰপৰা পুনৰায় দ্বি-বিভাজন পদ্ধতিৰে বিভাজিত হৈ অসংখ্য বেক্টেৰিয়া কোষৰ সৃষ্টি হয়৷
  • মুকুলোদগম(Budding): কিছুমান বেক্টেৰিয়াই মুকুলোদগমৰ সহায়ত অংগজ প্ৰজনন কৰে৷ এই পদ্ধতিত কোষটোৰ কোষবেৰত এটা টেমুনাৰ দৰে মুকুলৰ সৃষ্টি হয়৷ মাতৃকোষটোৰ DNA ৰ এটা অংশ মুকুলটোত প্ৰবেশ কৰে৷ মুকুলটো ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু এটা সময়ত মাতৃকোষটোৰ পৰা পৃথক হৈ এটা অপত্য বেক্টেৰিয়া কোষৰ সৃষ্টি হয়৷

অযৌন প্ৰজনন(Asexual reproduction)

প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) কোষকোষপ্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়৷ ডাঠ আৱৰণেৰে সৈতে কোষস্থ সংকুচিত কোষপ্ৰৰসখিনিক অন্ত:ৰেণু(endospore) বোলে৷ অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া কোষবেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷

ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া কোষৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়৷ এই অন্ত:ৰেণুবোৰক গনিডিয়া(gonidia)বোলে৷ গনিডিয়াবোৰ মাতৃ কোষবেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷ আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ৰেণু বা কনিডিয়া (conidia) গঠন কৰে৷ এইবিলাক অনুকুল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়৷

যৌন প্ৰজনন(Sexual reproduction)

বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) জীৱতকৈ বেলেগ৷ এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় জীৱৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা কোষ দাতা(donor) ৰপৰা আন এটা কোষ গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়৷ ফলত গ্ৰহীতা বেক্টেৰিয়া কোষৰ গুণগত পাৰ্থক্য দেখা যায়৷ এই প্ৰক্ৰিয়াটোক জিনগত পুনৰ সংযোজন(genetic recombination) বোলে৷ পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া কোষটোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷


তথ্য সংগ্ৰহ

  1. "Bacteria (eubacteria)". Taxonomy Browser. http://www.ncbi.nlm.nih.gov/Taxonomy/Browser/wwwtax.cgi?mode=Undef&id=2&lvl=3&lin=f&keep=1&srchmode=1&unlock। আহৰণ কৰা হৈছে: 2008-09-10. 
  2. উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৫০ ৷
  3. Stewart EJ, Madden R, Paul G, Taddei F (2005). "Aging and death in an organism that reproduces by morphologically symmetric division". PLoS Biol. খণ্ড 3 (2): e45. doi:10.1371/journal.pbio.0030045. PMID 15685293. 
  4. Fisher, Bruce; Harvey, Richard P.; Champe, Pamela C. (2007). Lippincott's Illustrated Reviews: Microbiology (Lippincott's Illustrated Reviews Series). প্ৰকাশক Hagerstwon, MD: Lippincott Williams & Wilkins. পৃষ্ঠা. Chapter 33, pages 367–392. ISBN 0-7817-8215-5. 
  5. LEF.org > Bacterial Infections Updated: 01/19/2006. Retrieved on April 11, 2009


বাহ্যিক সংযোগ