বেগম জান

বেগম জান (ইংৰাজী: Begum Jan) এগৰাকী চিকিৎসক আৰু জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিষ্ঠাপক, যি উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিকায় আৰু তেওঁলোকক চিকিৎসা প্ৰশিক্ষণ দিয়ে।[1][2][3][4]তেওঁ পাকিস্তানৰ ৰক্ষণশীল অঞ্চল দক্ষিণ ৱাজিৰিষ্টনত ডাঙৰ-দীঘল হৈছিল যদিও দেউতাকে তেওঁক চিকিৎসক হ'বলৈ উৎসাহিত কৰিছিল।[4] সৰুতে তেওঁ ল'ৰাৰ স্কুলত পঢ়িছিল কাৰণ ছোৱালীৰ বাবে সেইসময়ত স্কুল নাছিল৷ যেতিয়া তেওঁৰ জনজাতীয় বয়োজ্যেষ্ঠসকলে তেওঁক হাইস্কুলত পঢ়িবলৈ নিষেধ কৰিছিল তেতিয়া তেওঁ ঘৰুৱা শিক্ষকৰ ওচৰত পঢ়িছিল।[3]
২০০৭ চনত আত্মঘাতী বোমা বিস্ফোৰণ আৰু অন্যান্য হিংসাৰ পোষকতা কৰা ধৰ্মগুৰুসকলৰ বিৰুদ্ধে দেশজোৰা মহিলাসকলৰ প্ৰতিবাদত বেগম জানে জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে।[5]২০০৮ চনৰ হিচাপত তেওঁ জনজাতীয় মহিলা কল্যাণ সংস্থাৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়।[6]
২০০৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে, যাৰ ফলত তেওঁ সেই বঁটা লাভ কৰা প্ৰথমগৰাকী পাকিস্তানী মহিলা হিচাপে পৰিগণিত হয়।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Women From 8 Countries Honored" (en ভাষাত). KOLD. https://www.kold.com/story/7995336/women-from-8-countries-honored.
- ↑ 2.0 2.1 Iqbal, Anwar (11 March 2008). "Fata woman receives courage award". http://www.dawn.com/news/293231/fata-woman-receives-courage-award.
- ↑ 3.0 3.1 3.2 "International Women of Courage Award Ceremony: 2008". 2001-2009.state.gov. 10 March 2008. http://2001-2009.state.gov/g/wi/iwoc/103557.htm.
- ↑ 4.0 4.1 Kathy Cannon (January 24, 1997). "Pakistan gives vote to tribal men—and women". The Deseret News. Associated Press. https://news.google.com/newspapers?nid=336&dat=19970124&id=BfVLAAAAIBAJ&sjid=4uwDAAAAIBAJ&pg=2796,4175662.
- ↑ "IIP Publications -". IIP Publications. http://iipdigital.usembassy.gov/st/english/article/2008/03/20080310120345ajesrom0.1742212.html.
- ↑ "Women From 8 Countries Honored". 11 March 2008. http://www.tucsonnewsnow.com/story/7995336/women-from-8-countries-honored.