বেট্টী আবাহ
বেট্টী আবাহ | |
---|---|
![]() ২০২০ চনত আবাহ | |
জন্ম | ৬ মাৰ্চ, ১৯৭৪ (৫১ বছৰ) অটোকপো, বেন্যু ৰাজ্য, নাইজেৰিয়া |
ৰাষ্ট্ৰীয়তা | নাইজেৰিয়ান |
শিক্ষানুষ্ঠান | কালাবৰ বিশ্ববিদ্যালয়, লাগোছ বিশ্ববিদ্যালয় |
পেচা |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | মিডিয়া এক্সেলেন্স, নেশ্যনেল ইউথ চাৰ্ভিচ কৰ্পছ নাইজেৰিয়াত ৰাজ্যিক সন্মান, বছৰৰ ৰিপ’ৰ্টাৰ, বছৰৰ প্ৰিন্ট জাৰ্নেলিষ্ট, ইনভেষ্টিগেটিভ ৰিপ’ৰ্টিঙৰ বাবে সন্মানীয় উল্লেখ বঁটা, আমেৰিকাৰ আলফ্ৰেড ফ্ৰেণ্ডলী প্ৰেছ ফেল’শ্বিপৰ পৰা ফেলো বঁটা। |
বেট্টী আবাহ (ইংৰাজী: Betty Abah; জন্ম: ৬ মাৰ্চ, ১৯৭৪) এগৰাকী নাইজেৰিয়ান সাংবাদিক, লেখিকা আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। তেখেত লাগোছ ৰাজ্যত অৱস্থিত কন্যা-শিশুৰ অধিকাৰ আৰু উন্নয়নৰ অলাভজনক সংস্থা CEE HOPE ৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা[1][2][3]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]বেট্টী আবাহে নাইজেৰিয়াৰ মিডল বেল্ট অঞ্চলৰ বেনুৱে ৰাজ্যৰ অটুকপোত জন্মগ্ৰহণ কৰিছিল। ১৯৯৯ চনত কালাবাৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু সাহিত্য অধ্যয়নত ডিগ্ৰী আৰু ২০১২ চনত লাগোছ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]
তেওঁ এনভাইৰনমেণ্টেল ৰাইটছ একচন/ফ্ৰেণ্ডছ অৱ দ্য আৰ্থ নাইজেৰিয়াৰ সৈতে কাম কৰিছিল, য’ত তেওঁ মহিলাৰ প্ৰচাৰ ডেস্কৰ নেতৃত্ব দিছিল আৰু সমগ্ৰ নাইজাৰ ডেল্টা আৰু আফ্ৰিকান উপ-অঞ্চলত মহিলাৰ পৰিৱেশ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰকল্পসমূহৰ সমন্বয় কৰিছিল। আবাহৰ সাংবাদিকতাৰ কাম আৰু তাৰ পিছৰ সক্ৰিয়তাৰ জৰিয়তে তেওঁ কেইবাটাও স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।[5]
সক্ৰিয়তা
[সম্পাদনা কৰক]আবাহ মানৱ অধিকাৰ উলংঘাৰ কেইবাটাও গোচৰৰ প্ৰতিবাদত জড়িত হৈ পৰিছে। ইয়াৰে কিছুমানৰ ভিতৰত উত্তৰ-পূব নাইজেৰিয়াত বকো হাৰাম সন্ত্ৰাসবাদীয়ে অপহৰণ কৰা চিবক ছোৱালীক মুকলি কৰি দিয়াৰ অভিযান, নাইজাৰ ডেল্টা মহিলাৰ পৰিৱেশ অধিকাৰৰ বাবে অভিযান, লাগোছৰ এজিগবোত এটা ভিজিলেণ্ট গোটৰ সদস্যই তিনিগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰ, এছ অৰুৰুক অপহৰণ কৰাৰ গোচৰ আদি।[6] ২০১৯ চনত লাগোছত অনুষ্ঠিত হোৱা ঋতুস্ৰাৱ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱসৰ অনুষ্ঠানত আবাহে মহিলা আৰু ছোৱালীক চেনিটেৰী পেড বিনামূলীয়াকৈ বিতৰণ কৰাৰ পোষকতা কৰিছিল৷ তেওঁ যুক্তি দিছিল যে যিহেতু চৰকাৰে যৌনতাৰ বাবে বিনামূলীয়া কণ্ডম দিয়ে, সেয়েহে আৰ্ত মহিলা আৰু ছোৱালীসকলৰ বাবেও চেনিটেৰী পেড উপলব্ধ কৰা উচিত।[7]
বছৰ বছৰ ধৰি তেওঁ কেইবাটাও সামাজিক ন্যায়ৰ কামত নিজকে উৎসৰ্গা কৰিছে, বিশেষকৈ #BringBackOurGirls, Ese Oruru, #JusticeForEjigbo3, আৰু #JusticeForOchanya উল্লেখনীয়। ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁ ওচেনিয়াক কেন্দ্ৰ কৰি চলি থকা অভূতপূৰ্ব অভিযানৰ নথিভুক্ত কৰি তেওঁ এখন কিতাপ সম্পাদনা কৰে। বিশেষকৈ লাগোছৰ এটা সুপৰিচিত মাছমৰীয়া সম্প্ৰদায় মাকোকোত অনানুষ্ঠানিক সম্প্ৰদায়ৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক জড়িতকৰণ আৰু বিকাশৰ ক্ষেত্ৰত তেওঁৰ কামক অসংখ্য স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু তথ্যচিত্ৰত প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰিও CEE-HOPE-এ ওগুন, মালভূমি, কাডুনা, ইবোনি, বেনুয়ে, আৰু অন্যান্য ৰাজ্যসমূহলৈ নিজৰ কাৰ্য্যকলাপ সম্প্ৰসাৰিত কৰিছে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Betty Abah" (en ভাষাত). Front Line Defenders. August 27, 2019. https://www.frontlinedefenders.org/en/profile/betty-abah। আহৰণ কৰা হৈছে: 2022-04-16.
- ↑ "Betty Abah" (en ভাষাত). Front Line Defenders. August 27, 2019. https://www.frontlinedefenders.org/en/profile/betty-abah। আহৰণ কৰা হৈছে: 2022-06-11.
- ↑ spokepr (2018-05-18). "Betty Abah" (en-US ভাষাত). Rise Up. https://riseuptogether.org/betty-abah/। আহৰণ কৰা হৈছে: 2024-08-28.
- ↑ "Betty Abah" (en-US ভাষাত). CAPPA – Corporate Accountability and Public Participation Africa. June 26, 2020. Archived from the original on August 12, 2022. https://web.archive.org/web/20220812063521/https://cappaafrica.org/team/betty-abah/। আহৰণ কৰা হৈছে: 2022-04-16.
- ↑ 5.0 5.1 "Betty - Board - CAPPA - Corporate Accountability and Public Participation Africa" (en-US ভাষাত). https://cappaafrica.org/?ae_global_templates=betty-board। আহৰণ কৰা হৈছে: 2024-08-28.
- ↑ "A word is enough for the wise! Interview with Betty Abah, Environmental Rights Action – Enanga". Archived from the original on 2017-10-19. https://web.archive.org/web/20171019215857/https://enanga.org/insights/betty-abah/। আহৰণ কৰা হৈছে: 2016-07-16.
- ↑ "'Since govt gives free condoms for sex, why not free pads for girls' – child rights activist" (en-US ভাষাত). Vanguard News. June 6, 2019. https://www.vanguardngr.com/2019/06/since-govt-gives-free-condoms-for-sex-why-not-free-pads-for-girls-child-rights-activist/। আহৰণ কৰা হৈছে: 2021-06-05.