বেদাংগ
| এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:ৱিকিপিডিয়াৰ শৈলী অনুসৰণ কৰা নাই তথা আন্তঃৱিকি সংযোগ নাই। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ [1]. গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
বেদাঙ্গ
[সম্পাদনা কৰক]ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ উৎপত্তিস্থল হৈছে বেদ। ধৰ্ম, দর্শন, জ্ঞান-বিজ্ঞান লৈ ৱ আদি সকলো বিষয় বেদৰ পৰাই উদ্ভৱ হৈছে বুলি ধৰা হয়। অপৰা বিদ্যা যেনে গণিত আদিৰ লগতে বেদৰ অঙ্গভূত ছয়টা বেদাঙ্গো আছে। বেদক সঠিকভাৱে বুজিবলৈ সহায় কৰা সহায়ক বিদ্যাসমূহকেই বেদাঙ্গ বুলি কোৱা হয়।এই বেদাঙ্গসমূহৰ ভিতৰত প্ৰথম হৈছে শিক্ষা, যি বেদৰ সঠিক উচ্চাৰণ আৰু স্বৰ-ব্যঞ্জনৰ জ্ঞান প্ৰদান কৰে। যজ্ঞ-সম্পৰ্কীয় কাৰ্যৰ বাবে कल्प (কল্প) প্ৰয়োজনীয়। শব্দৰ গঠন আৰু ৰূপৰ জ্ঞান লাভৰ বাবে ব্যাকৰণ ব্যৱহাৰ কৰা হয়। পদৰ নিৰ্বাচন আৰু অৰ্থ ব্যাখ্যাৰ বাবে নিৰুক্তৰ প্ৰয়োজন হয়। ছন্দৰ জ্ঞানৰ বাবে ছন্দ বেদাঙ্গ সহায়ক হয়। আনহাতে, যজ্ঞ আদিৰ সময় নিৰ্ণয় কৰিবলৈ নক্ষত্ৰ, তিথি, মাস আদিৰ সঠিক জ্ঞান লাভৰ উদ্দেশ্যে জ্যোতিষ বেদাঙ্গৰ আৱশ্যকতা থাকে।এইদৰে, বেদৰ যথাযথ অধ্যয়ন আৰু অনুশীলনৰ বাবে বেদাঙ্গসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ।বেদৰ অংগসমূহকেই বেদাঙ্গ বুলি কোৱা হয়। ‘অংগ’ শব্দৰ অৰ্থ হৈছে সেই উপাদানসমূহ, যিবোৰে কোনো বস্তুৰ স্বৰূপ বুজিবলৈ সহায় কৰে। এই কথাটো এই শ্লোকত প্ৰকাশ পাইছে-“अङ्गयन्ते ज्ञायन्ते अनेन इति अङ्गानि” অৰ্থাৎ যিবোৰৰ দ্বাৰা (বেদ) জনা যায়, সেইবোৰেই অংগ।ভাষা আৰু ভাব — এই দুয়োটা দৃষ্টিৰে বেদ গভীৰ আৰু গম্ভীৰ। সেয়েহে বেদৰ যথাযথ জ্ঞান লাভ কৰিবলৈ যিবোৰ শাস্ত্ৰ উপযোগী,সেইবোৰক “বেদাঙ্গ” নামেৰে অভিহিত কৰা হয়।শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, জ্যোতিষ আৰু ছন্দ — এই ছয়খন শাস্ত্ৰ বেদ অধ্যয়নৰ বাবে অতি প্ৰয়োজনীয়। সেইকাৰণে এইবোৰক বেদাঙ্গ বুলি কোৱা হয়।[1][2][3]
শিক্ষা
[সম্পাদনা কৰক]বেদাঙ্গৰ ভিতৰত শিক্ষাৰ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ। মানৱ দেহৰ অংগৰ সৈতে তুলনা কৰি শিক্ষা বেদাঙ্গক বেদৰূপী পুৰুষৰ “নাসিকা” বুলি কোৱা হৈছে—“शिक्षा घ्राणं तु वेदस्य” (পাণিনীয় শিক্ষা)।ঋগ্বেদ ভাষ্যকাৰ আচার্য সায়ণে ‘ঋগ্বেদ ভাষ্যভূমিকা’ত শিক্ষা শব্দৰ অৰ্থ স্পষ্ট কৰি কৈ“परः संनिकर्षः संहिता”— অর্থাৎ পদসমূহৰ সন্নিকট সংযোগক সংহিতা কোৱা হয়।ছে—“स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा”অৰ্থাৎ যি বিদ্যাই স্বৰ, বৰ্ণ আদি উচ্চাৰণৰ নিয়ম শিকায়, তাকেই শিক্ষা বোলা হয়।तैत्तिरीयोपनिषद्-ৰ শিক্ষাৱল্লীত শিক্ষা বেদাঙ্গৰ বিষয়সমূহ স্পষ্টকৈ উল্লেখ আছে—“वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः” (১/১)।ইয়াৰ দ্বাৰা বুজা যায় যে শিক্ষা বেদাঙ্গে উচ্চাৰণ-সম্পৰ্কীয় এই ছয়টা বিষয়ৰ জ্ঞান প্ৰদান কৰে।[1]
শিক্ষা বেদাঙ্গৰ উদ্দেশ্য
[সম্পাদনা কৰক]- বেদৰ অৰ্থবোধ
- শুদ্ধ উচ্চাৰণ,
- যজ্ঞ-আদি কাৰ্যত যথাযথ প্ৰয়োগ।
এই ক্ষেত্ৰত শিক্ষা বেদাঙ্গৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কাৰণ বেদৰ সৰ্বপ্ৰথম আৰু সৰুতম একক হৈছে বৰ্ণ। শুদ্ধ বৰ্ণোচ্চাৰণ অবিহনে বেদৰ অৰ্থ বিকৃত হ’ব পাৰে।[1]
শিক্ষা বেদাঙ্গৰ ছয়টা বিষয়ৰ সংক্ষিপ্ত পৰিচয়
[সম্পাদনা কৰক]- বৰ্ণ:স্বৰ আৰু ব্যঞ্জন— এই দুই প্ৰকাৰৰ বৰ্ণ আছে। স্বৰাঘাত অনুসাৰে বৰ্ণৰ ভেদ হয়। বৰ্ণৰ অধ্যয়নত স্থান, কাল, অন্তঃপ্ৰয়াস (আভ্যন্তৰ প্ৰয়াস) আৰু বাহ্য প্ৰয়াস আদি বিষয় অন্তৰ্ভুক্ত।
- স্বৰ:উচ্চাৰণৰ স্বৰাঘাতক স্বৰ বোলা হয়। স্বৰ তিনিধৰণৰ—উদাত্ত,স্বৰিত,অনুদাত্ত।স্বৰভেদে অৰ্থভেদ ঘটে।
- মাত্রা:উচ্চাৰণত লাগা সময়ক মাত্রা কোৱা হয়। ই তিনি প্ৰকাৰ—দীঘ,প্লুত,হ্ৰস্ব।স্বৰত ই প্ৰযোজ্য; ব্যঞ্জনৰ আধা মাত্রা গণ্য হয়।
- বল:উচ্চাৰণ সময়ত যি প্ৰয়াস লাগে তাক বল কোৱা হয়। উচ্চাৰণ স্থানসমূহ— কণ্ঠ, তালু, মূৰ্ধা, দন্ত, ওষ্ঠ, নাসিকা, জিহ্বামূল আদি।প্ৰয়াস দুবিধ—বাহ্য,আভ্যন্তৰ।
- সাম:দোষমুক্ত, স্পষ্ট আৰু সুশৃঙ্খল উচ্চাৰণক সাম বোলা হয়।সু-উচ্চাৰণৰ গুণসমূহ— মাধুৰ্য, স্পষ্টতা, ধৈৰ্য, সঠিক ছন্দ আদি।
- সন্ততি (সন্ধি/সংহিতা):সন্ধিৰ নিয়ম অনুসৰি ধ্বনিৰ সংযোগে উচ্চাৰণ কৰাক সন্ততি বোলা হয়। বেদৰ মূল পাঠ হৈছে সংহিতা পাঠ।“परः संनिकर्षः संहिता”— অর্থাৎ পদসমূহৰ সন্নিকট সংযোগক সংহিতা কোৱা হয়।সংহিতা পাঠৰ জ্ঞান অবিহনে পদচ্ছেদ বা সন্ধি-বিচ্ছেদ সঠিকভাৱে কৰিব নোৱাৰি আৰু অৰ্থবোধো সম্ভৱ নহয়।
এইদৰে শিক্ষা বেদাঙ্গে বেদৰ শুদ্ধ উচ্চাৰণ, স্বৰ-ব্যৱস্থা আৰু সংহিতা-নিয়ম আদি বিষয়ত সুস্পষ্ট জ্ঞান প্ৰদান কৰে। বেদ অধ্যয়নৰ ক্ষেত্ৰত শিক্ষা বেদাঙ্গৰ গুৰুত্ব অপৰিসীম।[3]ছ
কল্প
[সম্পাদনা কৰক]বেদাঙ্গ সাহিত্যত কল্পৰ দ্বিতীয় স্থান আছে। বেদৰূপী পুৰুষৰ হাতক কল্প বুলি কোৱা হৈছে—“हस्तौ कल्पौ” (পাণিনীয় শিক্ষা)।যি শাস্ত্ৰই বেদত বিধান কৰা কৰ্মসমূহক যথাক্ৰমে (বিধি অনুসৰি) সুশৃঙ্খলভাৱে বিন্যস্ত কৰে, তাকেই কল্পশাস্ত্ৰ বোলা হয়। অৰ্থাৎ বেদবিহিত যজ্ঞ আৰু অন্যান্য ধৰ্মীয় কৰ্মৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰা শাস্ত্ৰ হ’ল কল্পশাস্ত্ৰ।বেদৰ প্ৰতিটো শাখাৰ বাবে যজ্ঞবিধানসমূহ সংক্ষিপ্ত আৰু ব্যৱহাৰোপযোগী ৰূপত উপস্থাপন কৰিবলৈ কল্পসূত্ৰসমূহ ৰচনা কৰা হৈছিল।[1][3]
কল্পসূত্ৰৰ বিভাগ
[সম্পাদনা কৰক]- শ্ৰৌতসূত্ৰ:এই সূত্ৰসমূহত ব্ৰাহ্মণ গ্ৰন্থত উল্লিখিত বৃহৎ যজ্ঞসমূহৰ বিধান দিয়া হৈছে। বিশেষকৈ অগ্নিত সম্পাদিত শ্ৰৌতযজ্ঞৰ নিয়ম ইয়াত বৰ্ণনা কৰা হয়।
- গৃহ্যসূত্ৰ:গৃহস্থাশ্ৰমত সম্পাদিত গাৰ্হস্থ্য যজ্ঞ আৰু সংস্কাৰসমূহ (যেনে উপনয়ন, বিবাহ আদি)ৰ বিধান গৃহ্যসূত্ৰত উল্লেখ আছে।
- ধৰ্মসূত্ৰ:ধৰ্মসূত্ৰত সামাজিক আৰু নৈতিক জীৱনৰ নিয়মাবলী, আচাৰ-ব্যৱহাৰ, বৰ্ণাশ্ৰম ধৰ্ম, দণ্ডনীতি আদি বিষয় আলোচনা কৰা হৈছে।
- শুল্বসূত্ৰ:শুল্বসূত্ৰত যজ্ঞবেদী নিৰ্মাণৰ নিয়ম আৰু জ্যামিতিক পৰিমাপৰ বিধান দিয়া হৈছে। ইয়াৰ ভিতৰত প্ৰাচীন ভাৰতীয় গণিত-জ্ঞানৰো উল্লেখযোগ্য নিদৰ্শন পোৱা যায়।
ইয়াৰ উপৰি শ্ৰাদ্ধকল্পসূত্ৰ, পিতৃকল্পসূত্ৰ আৰু প্ৰায়শ্চিত্তসূত্ৰ নামেও কিছুমান উপসূত্ৰ পোৱা যায়।যজ্ঞ-আদি বাহ্য ধৰ্মীয় বিধানসমূহ অতি সংক্ষিপ্ত সূত্ৰৰূপে উপস্থাপন কৰাৰ বাবে কল্পশাস্ত্ৰৰ স্থান বিশেষ গুৰুত্বপূৰ্ণ। সূত্ৰশৈলীৰ কাৰণে ইয়াক সহজে স্মৰণ কৰিব পৰা যায় আৰু ইয়াৰ সহায়ত যজ্ঞ-বিধানসমূহ সঠিকভাৱে সম্পাদন কৰিব পৰা যায়।সেয়ে বেদৰ ব্যৱহাৰিক আৰু আচাৰ-সম্পৰ্কীয় দিশ বুজিবলৈ কল্প বেদাঙ্গ অতি প্ৰয়োজনীয়।[1][2]
ব্যাকৰণ
[সম্পাদনা কৰক]বেদাঙ্গসমূহৰ ভিতৰত ব্যাকৰণৰ তৃতীয় স্থান আছে। ইয়াক বেদৰূপী পুৰুষৰ “মুখ” বুলি কোৱা হয়—“मुखं व्याकरणं स्मृतम्” (পাণিনীয় শিক্ষা)।মহাভাষ্যকাৰ पतंजलि-য়ে বেদৰ ছয়টা অংগৰ ভিতৰত ব্যাকৰণক প্ৰধান বুলি উল্লেখ কৰিছে। ব্যাকৰণৰ দ্বাৰা বেদ আৰু লোক-ব্যৱহাৰত ব্যৱহৃত শব্দসমূহৰ বিশ্লেষণ আৰু উৎপত্তি নিৰ্ণয় কৰা হয়। “ব্যাক্ৰিয়ন্তে, উৎপাদ্যন্তে শব্দাঃ অনেন” — অৰ্থাৎ যি শাস্ত্ৰৰ দ্বাৰা শব্দৰ বিশ্লেষণ হয়, তাকেই ব্যাকৰণ বোলা হয়।[2]
নিৰুক্ত
[সম্পাদনা কৰক]“निरुक्तं श्रोत्रमुच्यते” (পাণিনীয় শিক্ষা)-এই উক্তি অনুসাৰে নিৰুক্তক বেদৰূপী পুৰুষৰ “কৰ্ণ” বুলি কোৱা হয়। নিৰুক্ত বেদাঙ্গত বৈদিক শব্দসমূহৰ ব্যাখ্যা প্ৰদান কৰা হয়।[3]
জ্যোতিষ
[সম্পাদনা কৰক]“ज्योतिषामयनं चक्षुः” (পাণিনীয় শিক্ষা) অৰ্থাৎ জ্যোতিষ বেদাঙ্গক বেদৰূপী পুৰুষৰ “চক্ষু” বুলি কোৱা হৈছে।বৈদিক যজ্ঞসমূহত তিথি, নক্ষত্ৰ, পক্ষ, মাস, ঋতু আৰু বছৰ (সংৱৎসৰ) আদি সময়-নির্ণয় অতি সূক্ষ্মভাৱে নিৰ্ধাৰিত। কোন যজ্ঞ কোন তিথি বা নক্ষত্ৰত সম্পাদন কৰিব লাগে, তাৰ সঠিক গণনাৰ বাবে জ্যোতিষ বেদাঙ্গৰ বিশেষ প্ৰয়োজন।কালৰ যিকোনো অংশ বুজিবলৈ জ্যোতিষ জ্ঞান আৱশ্যক। “यो ज्योतिषं वेद स वेद यज्ञम्” — অৰ্থাৎ যিজনে জ্যোতিষ জানে, তেওঁ যজ্ঞো সঠিকভাৱে জানে।[1]
ছন্দ
[সম্পাদনা কৰক]“छन्दः पादौ तु वेदस्य” (পাণিনীয় শিক্ষা)অৰ্থাৎ ছন্দ বেদৰূপী পুৰুষৰ “পদ” (ভৰি) বুলি কোৱা হয়। ছন্দেই বেদক গতি প্ৰদান কৰে।[3]
বেদাংগসমূহৰ মৌলিকতা আৰু প্ৰবচন-প্ৰথা
[সম্পাদনা কৰক]বেদাংগসমূহৰ আধাৰভূত সামগ্ৰীসমূহৰ প্ৰথম আৰু মুখ্য উৎস হৈছে वेदसंहिता। ইয়াত শ্ৰৌত-মাৰ্গৰ নাম, বৈদিক শব্দৰ নিৰুক্ত (ব্যুৎপত্তি), ভাষাৰ গঠন, ব্যাকৰণৰ মূল ধাৰণা, বিভিন্ন নক্ষত্ৰ আৰু ছন্দৰ নাম আদি উপলব্ধ। অৰ্থাৎ বেদাংগসমূহৰ বীজৰূপ উপাদান সংহিতাসমূহতেই নিহিত।দ্বিতীয় গুৰুত্বপূৰ্ণ উৎস হৈছে ब्राह्मण ग्रंथ। ইয়াত শ্ৰৌত-মাৰ্গ-সংলগ্ন বিধি-বিধান, যজ্ঞীয় অনুষ্ঠানৰ সূক্ষ্ম বিৱৰণ আৰু শব্দৰ বিস্তৃত নিৰুক্ত পোৱা যায়। কোন্ ছন্দ ব্যৱহাৰ কৰিলে কোন্ কামনা পূৰ্ণ হয়, তাৰ উল্লেখো ব্রাহ্মণ সাহিত্যত আছে।বিশেষকৈ गोपथ ब्राह्मण-ৰ পূৰ্বভাগত ধাতু, প্ৰাতিপদিক, নাম, আখ্যাত, লিঙ্গ, বচন, বিভক্তি, প্ৰত্যয়, স্বৰ, উপসৰ্গ, নিপাত, বিকাৰ, বিকাৰী, মাত্রা, অক্ষৰ, পদ, সংযোগ, প্ৰয়ত্ন, শিক্ষা, বৰ্ণ, কৃদন্ত, অব্যয় আদি ব্যাকৰণ-সম্পৰ্কীয় পাৰিভাষিক শব্দ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট যে ব্যাকৰণ-শাস্ত্ৰৰ মৌলিক তত্ত্বসমূহ ব্রাহ্মণ গ্ৰন্থসমূহত সুবিন্যস্ত ৰূপত বিদ্যমান আছিল।ইয়াৰ উপৰিও तैत्तिरीयोपनिषद्-ত বেদাংগ বিষয়ক উল্লেখ আছে আৰু छान्दोग्योपनिषद्-ত ব্যাকৰণ-সম্পৰ্কীয় পাৰিভাষিক শব্দৰ উল্লেখ দেখা যায়।ইতিহাস-পুৰাণ পৰম্পৰাতো বেদাংগসমূহৰ উল্লেখ আছে। महाभारत আৰু बृहन्नारदीय पुराण-ত বেদাংগ বিষয়ক তথ্য পোৱা যায়।[2]
পিছলৈ বেদাংগ-সম্পৰ্কীয় সমগ্ৰ সামগ্ৰী একত্ৰিত আৰু সুসংবদ্ধ কৰাৰ উদ্দেশ্যে সূত্ৰ-শৈলীত বিস্তৃত সাহিত্যৰ সৃষ্টি কৰা হয়, যাক सूत्र साहित्य বুলি কোৱা হয়। এইদৰে বেদাংগসমূহৰ মৌলিকতা সংহিতাত নিহিত আৰু ইয়াৰ প্ৰবচন-প্ৰথা ব্রাহ্মণ, উপনিষদ, পুৰাণ আৰু সূত্ৰ-সাহিত্যৰ মাজেৰে বিকাশ লাভ কৰিছে।[1]
সামৰণি
[সম্পাদনা কৰক]বেদ ভাৰতীয় জ্ঞান-বিজ্ঞান, ধৰ্ম, সংস্কৃতি, সাহিত্য, দর্শন আৰু নৈতিক শিক্ষাৰ মূল উৎস। ই বিশ্বৰ সৰ্বাধিক প্ৰাচীন সাহিত্য হিচাপে গণ্য। ভাৰতীয় সামাজিক গঠনৰ আধাৰশিলা বেদৰ ওপৰতেই প্ৰতিষ্ঠিত।বিশ্বৰ জনসাধাৰণে বেদ-সাহিত্যৰ উপকাৰ লাভ কৰিব পাৰে বুলি বেদৰ অংগসমূহ—অৰ্থাৎ বেদাংগসমূহ—ৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰা হৈছে। কিয়নো বেদাংগসমূহেই বেদক বুজিবলৈ আৰু ইয়াৰ কৰ্মকাণ্ড সঠিকভাৱে সম্পাদন কৰিবলৈ সহায় কৰে।[2]
বেদাংগসমূহ বেদৰ সহায়ক অংগস্বৰূপ। ইহঁতৰ জ্ঞান অবিহনে বেদৰ শুদ্ধ উচ্চাৰণ, সঠিক অৰ্থবোধ আৰু যজ্ঞৰ বিধিপূৰ্বক অনুষ্ঠান সম্ভৱ নহয়। সেয়ে বেদজ্ঞসকলৰ বাবে বেদাংগ অধ্যয়ন অত্যাৱশ্যক।[1]
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 বৈদিক সাহিত্যৰ ইতিহাস – ড° কৰ্ণ সিংহ; সাহিত্য ভাণ্ডাৰ, শিক্ষা সাহিত্য প্ৰকাশন, সুভাষ বজাৰ, মেৰঠ।
- ↑ 2.0 2.1 2.2 2.3 2.4 সংস্কৃত ৱাংময়ৰ বৃহৎ ইতিহাস (বেদাঙ্গ খণ্ড) – পদ্মভূষণ আচার্য শ্রী বলদেৱ উপাধ্যায়; উত্তৰ প্ৰদেশ সংস্কৃত প্রতিষ্ঠান, লক্ষ্ণৌ।
- ↑ 3.0 3.1 3.2 3.3 3.4 সংস্কৃত ৱাংময়ৰ বৃহৎ ইতিহাস (বেদ খণ্ড) – পদ্মভূষণ আচার্য শ্রী বলদেৱ উপাধ্যায়; উত্তৰ প্ৰদেশ সংস্কৃত প্রতিষ্ঠান, লক্ষ্ণৌ।