বেদ কুমাৰী ঘাই

বেদ কুমাৰী ঘাই ( ইংৰাজী: :Ved Kumari Ghai,১৬ ডিচেম্বৰ ১৯৩১ – ৩০ মে ২০২৩ ) জম্মু-কাশ্মীৰৰ জম্মু চহৰৰ এগৰাকী ভাৰতীয় সংস্কৃত পণ্ডিত। তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী আছিল।ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা “পদ্মশ্ৰী” আৰু দেশৰ নাৰী সকলৰ বাবে আগবঢ়োৱা সৰ্ব্বোচ্চ অসামৰিক বঁটা, “স্ত্ৰী শক্তি বঁটা” প্ৰাপক।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৩১ চনৰ ১৬ ডিচেম্বৰত জম্মু প্ৰতাপ গড় মহল্লাত বেদ কুমাৰী ঘাইৰ জন্ম হৈছিল। জম্মুতেই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ১৯৫৩ চনত পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত এম এ পাছ কৰাৰ পিছত, ১৯৫৮ চনত প্ৰাচীন ভাৰতীয় ইতিহাস আৰু সংস্কৃতিত এম এ পাছ কৰে । ইয়াৰ কিছুদিনৰ ব্যৱধানত, ১৯৬০ চনত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত ভাষাত পি এইচ ডি ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]ঘাইয়ে প্ৰথমে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল জম্মুৰ গভৰ্ণমেণ্ট কলেজ ফৰ ৱমেন, পেৰেডত সংস্কৃতৰ অধ্যাপিকা হিচাপে। তেওঁ ১৯৯১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। অৱসৰ লোৱা সময়লৈকে তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰ্যায়ৰ সংস্কৃত বিভাগৰ মুৰব্বী হিচাপেই অধিস্থিত আছিল।১৯৬৬–১৯৬৭ আৰু ১৯৭৮–১৯৮০ চনত ডেনমাৰ্কৰ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ ভাৰতীয় অধ্যয়ন প্ৰতিষ্ঠানত পাণিনিৰ সংস্কৃত ব্যাকৰণ আৰু সাহিত্যৰ অধ্যাপনা কৰিছিল। তেওঁ ডগৰি ভাষাৰ পণ্ডিত আছিল আৰু হিন্দীও জানিছিল। ইয়াৰ উপৰিও তেওঁ বিভিন্ন সামাজিক কামৰ লগতো জড়িত আছিল।[1] তেওঁ বিখ্যাত অমৰনাথ মন্দিৰ ব’ৰ্ডৰ সদস্যা হিচাবেও কাৰ্য্য নিৰ্বাহ কৰিছিল।[2][2]
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]ঘাইয়ে ড° ৰাম প্ৰতাপৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল,যি জন সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল ।[1] ২০২৩ চনৰ ৩০ মে'ত ৯১ বছৰ বয়সত ঘাইৰ মৃত্যু হয়।[3]
স্বীকৃতি
[সম্পাদনা কৰক]- ২০১৪ চনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ পৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰে ।[4]
- সংস্কৃতত বৃত্তিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মানৰ প্ৰমাণপত্ৰ লাভ কৰে।[1]
- ১৯৯৫ চনত জম্মু-কাশ্মীৰ চৰকাৰ পৰা সামাজিক কামৰ বাবে সোণৰ পদক লাভ কৰে।[1]
- ১৯৯৭ চনত সংস্কৃত শিক্ষাৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে।[1]
- ২০০৫ চনত ডোগ্ৰা ৰতন বঁটা, ২০০৯ চনত আজীৱন কৃতিত্ব বঁটা আৰু ২০১০ চনত ভাৰত চৰকাৰে দেশৰ নাৰী সকলৰ বাবে আগবঢ়োৱা সৰ্ব্বোচ্চ অসামৰিক বঁটা, “স্ত্ৰী শক্তিৰ বঁটা” ৰে বেদ কুমাৰী ঘাইক সন্মানিত কৰা হয়।[1][1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Sanskrit is soul of India's heritage". Daily Excelsior. 2014-02-01. http://www.dailyexcelsior.com/sanskrit-is-soul-of-indias-heritage/.
- ↑ "Amarnath shrine board reconstituted with six new members". The Times of India. 7 January 2009. http://articles.timesofindia.indiatimes.com/2009-01-07/india/28038341_1_reconstituted-raghu-modi-sanskrit-scholar.
- ↑ "Sanskrit scholar Ved Kumari Ghai passes away, PM Modi condoles demise". Babushahi. 31 May 2023. https://www.babushahi.com/view-news.php?id=165613.
- ↑ "Padma Awards Announced". Press Information Bureau, Ministry of Home Affairs, Government of India. 25 January 2014. http://www.pib.nic.in/newsite/erelease.aspx?relid=69364। আহৰণ কৰা হৈছে: 2014-01-26.