বেনজিৰ চালাম
| বেনজিৰ চালাম | |
|---|---|
| জন্ম | ১৭ জানুৱাৰী, ১৯৭৯ (৪৭ বছৰ) ৰাজশাহী, বাংলাদেশ |
| অন্য নাম | চুমী |
| পেচা | নৃত্যশিল্পী, নৃত্যগুৰু |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৩ৰ পৰা |
| দাম্পত্যসঙ্গী | দেৱান আব্দুল্লাহ জামান |
| পিতৃ-মাতৃ | মহম্মদ আব্দুচ চালাম কহিনুৰ চালাম |
বেনজিৰ চালাম বাংলাদেশৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু লোক নৃত্যশিল্পী। তেওঁৰ জন্ম ১৯৭৯ চনৰ ১৭ জানুৱাৰীত বাংলাদেশৰ ৰাজশাহী জিলাত।
কেৰিয়াৰ
[সম্পাদনা কৰক]বেনজিৰৰ পিতৃ-মাতৃৰ নাম মোঃ আব্দুছ চালাম আৰু কোহিনুৰ চালাম। ১৯৮৩ চনত বাংলাদেশৰ ৰাজশ্বাহীত আব্দুল হাছিব পান্নাৰ নিক্কোন শিল্পী গোষ্ঠী নামৰ নৃত্য বিদ্যালয়ত নৃত্যৰ জীৱন আৰম্ভ কৰিছিল। বাংলাদেশৰ শিশু একাডেমীয়ে আয়োজন কৰা প্ৰতিযোগিতাৰ জৰিয়তে ১৯৮৬, ১৯৮৮ আৰু ১৯৮৯ চনৰ জাতীয় সন্তান হিচাপে গণ্য কৰা হৈছিল। সেই প্ৰতিযোগিতাবোৰত তেওঁ কথক, ভাৰতনাট্যম, আধুনিক নৃত্য আৰু লোকনৃত্য পৰিৱেশন কৰিছিল। ব্ৰিটিছ কাউন্সিল আৰু এএনজেড গ্ৰীণ্ডলেছ বেংকৰ পৃষ্ঠপোষকতাত ১৯৮৮ চনত ঢাকা জুনিয়ৰ আৰ্ট এণ্ড মিউজিক ফেষ্টিভেলত মণিপুৰী নৃত্য, মডাৰ্ণ ডান্স আৰু কথক নৃত্যত বেনজিৰে স্বৰ্ণ পদক লাভ কৰে। ১৯৯০ চনত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষা সপ্তাহত ধ্ৰুপদী নৃত্য (কথক)ৰ প্ৰথম পুৰস্কাৰ লাভ কৰে। একে বছৰতে বাংলাদেশৰ ইউনেস্কো ক্লাবছৰ সাংস্কৃতিক বঁটাও তেওঁ লাভ কৰে।
১৯৯৬ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰপৰা ওডিছিত স্নাতক (অনাৰ্ছ) ডিগ্ৰীৰ বাবে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছ[1] (আইচিচিআৰ)ৰপৰা বেনজিৰে বৃত্তি লাভ কৰে। তেওঁ নিজৰ শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান দখল কৰি বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পিছত বেনাজিৰে বিশ্ববিদ্যালয়ৰপৰা ওডিচি নৃত্যত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি প্ৰথম স্থান দখল কৰাৰ লগতে স্বৰ্ণ পদক লাভ কৰে। বিশ্ববিদ্যালয়ত থকা সময়ছোৱাত প্ৰখ্যাত নৃত্যশিল্পী মুৰলীধৰ মাঝি আৰু পৌশালী মুখাৰ্জীৰ শিষ্য আছিল।
বৰ্তমান তেওঁ বাংলাদেশৰ ঢাকাত থকা নৃত্য বিদ্যালয় নূপুৰৰ নিজা স্কুলত ওডিচি নৃত্য শিকায়।[2] ঢাকাৰ বাংলাদেশ শিশু একাডেমীৰ নৃত্য শিক্ষয়িত্ৰীও।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Home". iccrindia.org. http://www.iccrindia.org/.
- ↑ Deepita, Novera (30 January 2005). "Benazir: a Promising Odissi Dancer". The Daily Star. Archived from the original on 3 December 2021. https://web.archive.org/web/20211203125652/http://archive.thedailystar.net/2005/01/30/d50130140295.htm.
- ↑ "Alumni/Data Bank of ICCR Scholarship holders from Bangladesh." Accessed 10 September 2008 Archived 3 March 2016 at the Wayback Machine.