সমললৈ যাওক

বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেন জিঅ’ক – ডিচিয়ান জলপ্ৰপাত

বেন জিঅ’ক – ডিচিয়ান জলপ্ৰপাত
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত is located in Eastern China
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
পূব চীনত অৱস্থান
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত is located in Guangxi
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
চীনৰ গুৱাংচি ঝুৱাং স্বায়ত্তশাসিত অঞ্চলত অৱস্থান
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত is located in Vietnam
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
ভিয়েটনামত অৱস্থান
স্থানাংক 22°51′23″N 106°43′19″E / 22.8564°N 106.7220°E / 22.8564; 106.7220স্থানাংক: 22°51′23″N 106°43′19″E / 22.8564°N 106.7220°E / 22.8564; 106.7220
Watercourse কুৱেই চান নদী
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
চীনা নাম
পৰম্পৰাগত চীনা লিপি 板約瀑布
সৰলীকৃত চীনা লিপি 板约瀑布
Alternative Chinese name
Chinese 德天瀑布
Vietnamese name
Quốc ngữ
  • thác Bản Giốc
  • thác Bản Ước
  • cặp thác Bản Giốc - Đức Thiên
Hán-Nôm
  • 𣴜本篤
  • 𣴜板約
  • 扱𣴜本篤 — 德天

বেন জিঅ’ক – ডিচিয়ান জলপ্ৰপাত (ইংৰাজী: Ban Gioc–Detian Falls) বা বেন জিঅ’ক জলপ্ৰপাত হৈছে চীন আৰু ভিয়েটনামৰ মাজৰ আন্তৰ্জাতিক সীমান্তত অৱস্থিত, কুৱেই চান নদী (ভিয়েটনামী: Sông Quây Sơn, ছো নোম: 滝𢮿山; চীনা: 归春河, পিনয়িন: Guīchūn hé)ৰ দুটা জলপ্ৰপাতৰ সামূহিক নাম। অধিক নিৰ্দিষ্টভাৱে কʼবলৈ গʼলে, এই জলপ্ৰপাত দুটা গুৱাংচিৰ ডাক্সিন কাউণ্টি আৰু কাও বাং প্ৰদেশৰ ট্ৰুং খান জিলাৰ কাৰ্ষ্ট পাহাৰৰ মাজত অৱস্থিত। এই জলপ্ৰপাত দুটা ভিয়েটনামৰ ৰাজধানী হানোইৰপৰা ২৭২ কিলোমিটাৰ (১৬৯ মাইল) উত্তৰত অৱস্থিত।

বৈশিষ্ট্য

[সম্পাদনা কৰক]

হাজাৰ হাজাৰ বছৰ ধৰি জলপ্ৰপাতটোৱে নিজৰ শিখৰ অংশটো খহাই লাহে লাহে ওপৰলৈ উঠি গৈছে। বৰ্তমান বেছিভাগ সময়তে ইয়াক দুটা জলপ্ৰপাত যেন লাগে যদিও গ্ৰীষ্মকালীন বৰষুণৰ বাবে নদীখন ফুলি উঠিলে পুনৰ এটা জলপ্ৰপাত গঠন হ’ব পাৰে।

ভিয়েটনামী ভাষাত, এই জলপ্ৰপাত দুটাক এটা জলপ্ৰপাতৰ দুটা অংশ হিচাপে গণ্য কৰা হয়; যাৰ একমাত্ৰ নাম বেন জিঅ’ক (Bản Giốc)। অংশদুটা হʼল থাক চিন (thác chính, মূল জলপ্ৰপাত) আৰু থাক ফু (thác phụ, অধীনস্থ জলপ্ৰপাত)। চীনা গ্ৰন্থত কেতিয়াবা দুয়োটা জলপ্ৰপাতৰ নাম চীনা ফালে ডিচিয়ান জলপ্ৰপাত (চীনা: 德天瀑布) বুলি উল্লেখ কৰা হৈছে।[1]

জলপ্ৰপাতটো ৩০ মিটাৰ (৯৮ ফুট) তললৈ নামি আহে। ইয়াক শিল আৰু গছ-গছনিয়ে তিনিটা জলপ্ৰপাতত পৃথক কৰি ৰাখিছে আৰু শিলৰ ওপৰত খুন্দা মৰা পানীৰ বজ্ৰধ্বনি দূৰৰপৰা শুনা যায়।[2]

ইগুৱাজু জলপ্ৰপাত, ভিক্টোৰিয়া জলপ্ৰপাত আৰু নায়াগ্ৰা জলপ্ৰপাতৰ পিছত ই বৰ্তমান ৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত চতুৰ্থ বৃহত্তম জলপ্ৰপাত।[3] কিছু ওচৰতে গুৱাংচি প্ৰদেশৰ বেইজ চিটি (百色市)ৰ ১০০০ মিটাৰ দীঘল আৰু ২০০ মিটাৰ বহল টংলিং গিৰিখাত (Tōnglíng dàxiágǔ 通灵大峽谷 "Tongling Grand Canyon") আছে, যিটো এটা গুহাৰ মাজেৰেহে যাব পাৰি সংলগ্ন গিৰিখাত। শেহতীয়াকৈহে পুনৰ আৱিষ্কাৰ কৰা ইয়াত বহুতো প্ৰজাতিৰ স্থানীয় উদ্ভিদ আছে, যিবোৰ কেৱল গিৰিখাততহে পোৱা যায়।

বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাতৰ পূৰ্ণাংগ চিত্ৰ

ভূ-বিজ্ঞান

[সম্পাদনা কৰক]

এই জলপ্ৰপাতসমূহ পুৰণি কাৰ্ষ্ট গঠন (শিল)ৰ অঞ্চলত অৱস্থিত য’ত মূল চূণশিলৰ শিলৰ স্তৰবোৰ খহি গৈ আছে। এই অঞ্চলটোৰ তলৰ স্তৰৰ কাষে কাষে মাটিৰ তলৰ ফাটৰপৰা অসংখ্য জলপ্ৰৱাহ উৎপন্ন হয়। জলপ্ৰপাতবোৰৰ শিলৰ এটা স্তৰৰপৰা আন এটা স্তৰলৈ একাধিক টোপাল আছে, যিয়ে বিভিন্ন কঠিনতাৰ পলসৰ একাধিক নিক্ষেপ দেখুৱায়। ইয়াৰপৰাই লাখ লাখ বছৰৰ পাছত এই ভূ-খণ্ড গঠিত হৈছে।

খৰালি কালত চীনৰপৰা দেখা দৃশ্য
বাৰিষাকালত যেতিয়া জলপ্ৰৱাহ সৰ্বোচ্চ হয় তেতিয়া ভিয়েটনামৰপৰা দেখা জলপ্ৰপাতৰ দৃশ্য

জলপ্ৰপাতটোৰ ওপৰেৰে যোৱা এটা পথে ফৰাচী আৰু চীনা ভাষাত লিখিত চীন আৰু ভিয়েটনামৰ মাজৰ সীমা দেখুওৱা শিলৰ চিহ্নিতকাৰী (খুঁটা) এটালৈ লৈ যায়। ঊনবিংশ শতিকাত ফ্ৰান্স আৰু চিং প্ৰশাসনৰ মাজত সীমা নিৰ্ধাৰণ আৰু চিহ্নিতকাৰীসমূহ স্থাপন-সম্পৰ্কীয় আইনী নথি-পত্ৰৰ ক্ষেত্ৰত অমিল থকাৰ বাবে আধুনিক বিবাদসমূহৰ সৃষ্টি হয়।[4]

এই স্থানত সীমা নিৰ্ধাৰণ সম্পৰ্কীয় বিবাদসমূহ ভূমি সীমাৰেখা সম্পৰ্কীয় ভিয়েটনাম-চীন চুক্তি, ১৯৯৯ত নিষ্পত্তি কৰা হয়। সন্ধিখন স্পষ্ট কৰাৰ বাবে ২০০৯ চনৰ শেষৰফালে অতিৰিক্ত আলোচনাও অনুষ্ঠিত হৈছিল।[5] কিন্তু জলপ্ৰপাতৰ চাৰিওফালে সীমা নিৰ্ধাৰণৰ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। এটা দলে কয় যে এই জলপ্ৰপাতসমূহৰ সম্পূৰ্ণ অংশ ভিয়েটনামৰ, আৰু ১৯৭৯ চনৰ সংক্ষিপ্ত চীন-ভিয়েটনামী যুদ্ধৰ সময়ত বা তাৰ পিছত কিছুসময়ৰ বাবে শিলৰ ফলিখন তালৈ স্থানান্তৰ কৰা হৈছিল।[6] দক্ষিণ-পূব দিশত, চীন-ভিয়েটনামী সীমান্তৰ ভূমি বিবাদতো নাম কোৱান গেটও (Ải Nam Quan) অন্তৰ্ভুক্ত, যিটো ভিয়েটনামীসকলেও দাবী কৰিছিল। ঐতিহাসিকভাৱে,[7][8][9] নাম কোৱান গেট ভিয়েটনাম আৰু চীনৰ মাজত ভিয়েটনামৰ সীমান্তৰ চিহ্নিতকাৰী আৰু প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিছিল (সেয়েহে ভিয়েটনামৰ এটা ঐতিহাসিক কথাও আছে,[10] যে ভিয়েটনাম কেপ কা মাউৰপৰা জাই নাম কোৱানলৈকে বিস্তৃত আছিল)।

উদ্যোগ আৰু বাণিজ্যৰ ওপৰত প্ৰভাৱ

[সম্পাদনা কৰক]

এই জলপ্ৰপাতসমূহে ইয়াৰ আশে-পাশে থকা অঞ্চলটোত বাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড বৃদ্ধিত যথেষ্ট প্ৰভাৱ পেলায়। জলপ্ৰপাতৰ ওপৰেৰে যোৱা এটা পথে চীন আৰু ভিয়েটনামৰ মাজৰ সীমা নিৰ্ধাৰণকাৰী ফৰাচী আৰু চীনা ভাষাত লিখিত শিলৰ চিহ্নিতকাৰী এটালৈ লৈ যায়। বিংশ শতিকাৰ বিবাদসমূহ সমাধান কৰিব পৰা নগ’ল কিয়নো ঊনবিংশ শতিকাতেই কৰা নথি-পত্ৰ, মানচিত্ৰ আৰু বৰ্ণনাৰ ভুলবোৰ পৃথক কৰাটো কঠিন হৈ পৰিছিল। সময়ে সময়ে মাৰ্কাৰ আৰু লেণ্ডমাৰ্কসমূহৰ হেৰাই যোৱা বা ভুলকৈ প্ৰতিষ্ঠাপন হোৱা, আৰু প্ৰজন্মৰপৰা প্ৰজন্মলৈ পৰিবহণ, বসতি আৰু ভূমি ব্যৱহাৰৰ বিভিন্ন ধৰণৰ আৰ্হি, আৰু যুদ্ধ আৰু বিবাদৰ সময়ছোৱাত একেৰাহে প্ৰশাসনিক পাৰ্থক্যৰ ফলত ভিয়েটনাম আৰু চীন দুয়োখন দেশেই বুজি পায় যে সীমান্তৰ সঠিক সংজ্ঞা নিৰূপণ কৰিলে দীৰ্ঘম্যাদীভাৱে সমৃদ্ধি বৃদ্ধি পাব।[4]

পৰ্যটনেই সম্ভৱতঃ জলপ্ৰপাতসমূহৰ আশে-পাশে থকা অঞ্চলটোৰ বাণিজ্যিক কেন্দ্ৰবিন্দু হৈ থাকিব।

সংৰক্ষণৰ প্ৰচেষ্টা

[সম্পাদনা কৰক]

এই সম্পদটো সংৰক্ষণৰ বাবে ভৱিষ্যতে স্থানীয় জনগোষ্ঠীসমূহৰ মাজত চিৰস্থায়ী যৌথ তদাৰকী সমিতিৰ ব্যৱহাৰৰদ্বাৰা সহযোগিতাৰ প্ৰয়োজন হ’ব পাৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 韩欣 中国名水 (Han Xin, Famous Waters of China) 2005 Volume 2 "德天瀑布位于广西南宁地区边陲大新县,在中越边境交界处.归春河上游,瀑布气势磅薄、银瀑飞泻.三级跌落,蔚为 ... 夏季,德天瀑布和板约瀑布会连在一起,应该是整个德天风景区一道最为奇特的景观。它们浩浩荡荡地飞奔而下,像是凭空而降的一支巨大的 ..."
  2. "Cao Bang - the land of mountains and water". Archived from the original on 2022-09-01. https://web.archive.org/web/20220901025331/http://english.vietnamnet.vn/travel/2006/03/547831/। আহৰণ কৰা হৈছে: 2007-02-13. 
  3. "Top 10 most beautiful Chinese waterfalls". China Central Television. http://english.cntv.cn/20110908/106175.shtml। আহৰণ কৰা হৈছে: 2011-11-12. 
  4. 4.0 4.1 Vietnamese Embassy: On the settlement of Vietnam-China border issue vietnamembassy-usa.org
  5. "Vietnam and China's land demarcation itinerary". Archived from the original on 2012-05-31. https://web.archive.org/web/20120531034752/http://www.vnnnews.net/vietnam-and-chinas-land-demarcation-itinerary। আহৰণ কৰা হৈছে: 2011-12-12. 
  6. The implementation of Vietnam-China land border treaty: bilateral and regional implications. Archived 2023-06-06 at the Wayback Machine Do Thi Thuy 5/3/2009 PDF Archived 2018-08-10 at the Wayback Machine
  7. Han Nam Quan 3 (English)[usurped]
  8. "In Westminster, an Internet Bid to Restore Viet Land" Los Angeles Times
  9. "Interview On Territory And Territorial Waters - General". http://www.vlink.com/history/?subaction=showfull&id=1236433066&archive=। আহৰণ কৰা হৈছে: 2012-10-17. 
  10. "Asia Finest Discussion Forum > Ai Nam Quan - An example of communist sellout of Motherland". http://www.asiafinest.com/forum/lofiversion/index.php/t67407.html। আহৰণ কৰা হৈছে: 2012-10-17. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]