সমললৈ যাওক

বেবী ৰাণী মৌৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেবী ৰাণী মৌৰ্য
উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
মাৰ্চ ২০২২
উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য।
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১০ মাৰ্চ ২০২২
পূৰ্বসূৰী হেমলতা দিৱকৰ
সমষ্টি আগ্ৰা গ্ৰাম্য
৭ম উত্তৰাখণ্ডৰ ৰাজ্যপাল
কাৰ্যকাল
২৬ আগষ্ট ২০১৮ – ১৫ ছেপ্তেম্বৰ ২০২১[1]
মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱত
তিৰথ সিং ৰাৱত
পূষ্কৰ সিং ধামি
পূৰ্বসূৰী কৃষণ কান্ত পল
উত্তৰসূৰী লেফটেনেণ্ট। জেনেৰেল গুৰ্মিত সিং (অৱসৰপ্ৰাপ্ত)
মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ সদস্য।
কাৰ্যকাল
২০০২-২০০৫
আগ্ৰাৰ মেয়ৰ।
কাৰ্যকাল
১৯৯৫-২০০০
ব্যক্তিগত তথ্য
জন্ম ১৫ আগষ্ট, ১৯৫৬ (৬৯ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী প্ৰদীপ কুমাৰ মৌৰ্য
বাসস্থান আগ্ৰা, উত্তৰ প্ৰদেশ

বেবী ৰাণী মৌৰ্য ( ইংৰাজী: : Baby Rani Maurya ; জন্ম: ১৫ আগষ্ট ১৯৫৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বৰ্তমান ২০২২ চনৰ মাৰ্চ মাহৰপৰা উত্তৰ প্ৰদেশ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনৰ ১৫ আগষ্টত মৌৰ্যৰ জন্ম হৈছিল জাতৱ জাতিত[3] যাক ৰবিদাসিয়া বুলিও কোৱা হয়।[4][5] তেওঁৰ শিক্ষা গত অৰ্হতা হ’ল এডুকেচনত স্নাতক আৰু কলাত স্নাতকোত্তৰ ডিগ্ৰী।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মৌৰ্যই ১৯৯০ৰ দশকৰ আৰম্ভণিত ৰাজনীতিত সক্ৰিয় হয়। তেওঁ প্ৰথমে বিজেপিৰ এজন কৰ্মী হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল।[6][7] ১৯৯৫ চনত আগ্ৰাৰ মেয়ৰ পদৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটেৰে বিজয়ী হৈছিল। তেওঁ আগ্ৰাৰ প্ৰথমগৰাকী মহিলা মেয়ৰ হৈছিল আৰু ২০০০ পৰ্যন্ত এই পদত আছিল।[6][8]

১৯৯৭ চনত, তেওঁ বিজেপিৰ অনুশূচিত জাতি (SC) শাখাত এটা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে, য'ত তেতিয়াৰ সভাপতি আছিল ৰাম নাথ কোবিন্দ (পিছত ভাৰতৰ ৰাষ্ট্ৰপতি)।[6][5] ২০০১ চনত, তেওঁ উত্তৰ প্ৰদেশ সমাজকল্যাণ বোৰ্ডৰ সদস্য হৈছিল। দলিত মহিলাসকলৰ সশক্তিকৰণৰ প্ৰচেষ্টাৰ বাবে, ২০০২ চনত তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিয়ুক্ত হৈছিল আৰু ২০০৫ চনলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।[5][6][9]

বিজেপিয়ে ২০০৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মৌৰ্যক এটমাদপুৰ আসনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল, কিন্তু তেওঁ বাহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ সিং সুমনৰ হাতত কম ভোটৰ ব্যৱধানত পৰাস্ত হয়।[6][10] ২০১৩ ৰপৰা ২০১৫ চনলৈ তেওঁ বিজেপিয়ে দিয়া ৰাজ্যিক দায়িত্বসমূহত ব্যস্ত আছিল। জুলাই ২০১৮ চনত, তেওঁ শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য হিচাপে নিযুক্ত হয়।[6]

২১ আগষ্ট ২০১৮ তাৰিখে, মৌৰ্য ভাৰত চৰকাৰৰদ্বাৰা উত্তৰাখণ্ডৰ সপ্তমগৰাকী ৰাজ্যপাল হিচাপে নিযুক্ত হয়। ২৬ আগষ্টত উত্তৰাখণ্ডৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেওঁ ৰাজ্যপালৰূপে শপত গ্ৰহণ কৰে।[6][11] তেওঁ উত্তৰাখণ্ডৰ দ্বিতীয়গৰাকী মহিলা ৰাজ্যপাল হৈছিল, প্ৰথমগৰাকী আছিল ২০০৯ চনত নিযুক্ত হোৱা মাৰ্গাৰেট আল্ভা।

ছেপ্তেম্বৰ ২০২১ চনত, তেওঁ নিজৰ কাৰ্যকাল শেষ হোৱাৰ দুই বছৰ আগতে ৰাজ্যপাল পদৰপৰা পদত্যাগ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হয়। ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত আগ্ৰা গ্ৰাম্য আসনৰপৰা বিজয়ী হয় আৰু যোগী আদিত্যনাথৰ চৰকাৰত মন্ত্ৰী পদ লাভ কৰে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "New Uttarakhand governor likely to take oath on September 15 | Dehradun News - Times of India". The Times of India. 11 September 2021. https://timesofindia.indiatimes.com/city/dehradun/new-uttarakhand-governor-likely-to-take-oath-on-september-15/articleshow/86100317.cms. 
  2. "Uttarakhand governor Baby Rani Maurya resigns". 8 September 2021. https://www.hindustantimes.com/india-news/uttarakhand-governor-baby-rani-maurya-resigns-101631093242299.html. 
  3. "Why Baby Rani Maurya is the BJP's Mayawati". 7 February 2022. https://www.indiatoday.in/india-today-insight/story/why-baby-rani-maurya-is-the-bjp-s-mayawati-1909975-2022-02-07. 
  4. Delhi Gazetteer. The Unit. 2 March 1976. https://books.google.com/books?id=acoBAAAAMAAJ&dq=ravidasia+jatav&pg=PA204. 
  5. 5.0 5.1 5.2 5.3 "Bioprofile of Smt. Baby Rani Maurya, Hon'ble Governor, Uttarakhand". Rajbhawan Uttarakhand. http://governoruk.gov.in/pages/display/63-our-governor. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 Lavania, Deepak (23 August 2018). "Uttarakhand governor Baby Rani Maurya a dedicated worker, strict administrator". The Times of India. https://timesofindia.indiatimes.com/city/agra/uttarakhand-governor-baby-rani-maurya-a-dedicated-worker-strict-administrator/articleshow/65506991.cms. 
  7. "Baby Rani Maurya To Take Oath As Uttarakhand Governor On 26th August". Uttarakhand News Network. 23 August 2018. https://uttarakhandnewsnetwork.com/2018/08/baby-rani-maurya-to-take-oath-as-uttarakhand-governor-on-26th-august/. 
  8. Kumar, Yogesh (22 August 2018). "Former Agra mayor appointed Uttarakhand governor". The Times of India. https://timesofindia.indiatimes.com/city/dehradun/former-agra-mayor-appointed-ukhand-guv/articleshow/65493511.cms. 
  9. "List of Members of the Commission since its inception". National Commission for Women. http://ncw.nic.in/commission/about-us/constitution/list-members-commission-its-inception. 
  10. "339-Etmadpur- Uttar Pradesh". Election Commission of India. https://eci.nic.in/archive/May2007/pollupd/ac/states/S24/Aconst339.htm. 
  11. "Baby Rani Maurya takes oath as Uttarakhand Governor". Deccan Chronicle. Asian News International. 26 August 2018. Archived from the original on 30 August 2018. https://web.archive.org/web/20180830111558/https://deccanchronicle.com/videos/news/baby-rani-maurya-takes-oath-as-uttarakhand-governor.html. 
  12. Zee News (10 March 2022). "Agra Rural Assembly Election results 2022 (Agra Rural Vidhan Sabha Natija 2022): BJP's Baby Rani Maurya marks landslide victory with 1,37,310 votes" (en ভাষাত). Archived from the original on 18 March 2022. https://web.archive.org/web/20220318170200/https://zeenews.india.com/india/agra-rural-assembly-election-results-2022-agra-rural-vidhan-sabha-natija-2022-bjp-s-baby-rani-maurya-vs-bsps-kiran-prabha-keshari-vs-congress-upendra-singh-2440954.html। আহৰণ কৰা হৈছে: 18 March 2022.