বেলা পোৱাৰ্চ
| বেলা পোৱাৰ্চ | |
|---|---|
| জন্ম | বেলিন্ডা মেৰী মাকাডেংডেং বাতুম্বাকল[1] ০৯ ফেব্ৰুৱাৰী, ১৯৯৭ (২৯ বছৰ) পানগাছিনান, ফিলিপাইন |
| অন্য নাম | ডেনৰী বাটিষ্টা টেলৰ[টোকা 1] |
| নাগৰিকত্ব | |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০২০–বৰ্তমান |
| দাম্পত্যসঙ্গী | টাইলাৰ পোৱাৰ্চ (বি. ২০১৯; div. ২০২৩) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | |
| বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী |
| লেবেল | ৱাৰ্নাৰ |
ডেনৰী বাটিষ্টা টেলৰ[5] (জন্ম: বেলিন্ডা মেৰী মাকাডেংডেং বাতুম্বাকল;[1] ৯ ফেব্ৰুৱাৰী, ১৯৯৭[6]), পেছাদাৰীভাৱে বেলা পোৱাৰ্চ (ইংৰাজী: Bella Poarch; জন্ম: ১৯৯৭) নামেৰে জনাজাত এগৰাকী আমেৰিকান চচিয়েল মিডিয়া ব্যক্তিত্ব আৰু গায়িকা। ২০২০ চনৰ আগষ্ট মাহত টিকটক প্লেটফৰ্মত আটাইতকৈ বেছি লাইক পোৱা এটা ভিডিঅ' সৃষ্টি কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে, য'ত তেওঁ মিলি বি-ৰ "এম টু দ্য বি" গীতটোত ওঁঠ মিলাইছিল। তেওঁ এই প্লেটফৰ্মত চতুৰ্থ সৰ্বাধিক ফ'ল'ৱাৰ থকা ব্যক্তি আৰু ফিলিপাইনৰ সৰ্বাধিক ফ'ল'ৱাৰ থকা ব্যক্তি।[7][8][9][10]
প্ৰাৰম্ভিক জীৱন আৰু সামৰিক কেৰিয়াৰ
[সম্পাদনা কৰক]পোৱাৰ্চে ১৯৯৭ চনৰ ৯ ফেব্ৰুৱাৰীত[11] ফিলিপাইনত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্মৰ নাম আছিল বেলিন্ডা মেৰী মাকাডেংডেং বাতুম্বাকল।[1] তিনি বছৰ বয়সলৈকে তেওঁক আইতাকে বস্তি এলেকাত ডাঙৰ-দীঘল কৰিছিল আৰু তাৰ পিছত তেওঁক তোলনীয়া হিচাপে গ্ৰহণ কৰা হৈছিল।[12] তেওঁৰ তোলনীয়া পিতৃ এজন আমেৰিকান যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীত সেৱা আগবঢ়াইছিল আৰু তোলনীয়া মাতৃ এগৰাকী ফিলিপিনো।
এটা সাক্ষাৎকাৰত পোৱাৰ্চে উল্লেখ কৰিছে যে তেওঁ আৰু তেওঁৰ তোলনীয়া ভাতৃ গোটেই শৈশৱকালত সামৰিক বাহিনীত ভৰ্তি হোৱালৈকে তীব্ৰ শাৰীৰিক আৰু আৱেগিক নিৰ্যাতনৰ বলি হৈছিল। তেওঁ তেওঁৰ তোলনীয়া পিতৃ-মাতৃ আৰু তিনিগৰাকী তোলনীয়া ভাই-ভনীৰ সৈতে এখন ফাৰ্মত বাস কৰিছিল। মাত্ৰ সাত বছৰ বয়সৰ পৰাই ফাৰ্মখনত তেওঁৰ বহুত দায়িত্ব আছিল। পোৱাৰ্চৰ পিতৃ আছিল মৌখিক আৰু শাৰীৰিকভাৱে নিৰ্যাতনকাৰী, আনহাতে তেওঁৰ মাতৃয়ে ইয়াত হস্তক্ষেপ কৰা নাছিল যদিও সকলো জানি-বুজি মৌন আছিল।
১৩ বছৰ বয়সত পোৱাৰ্চ আৰু তেওঁৰ পৰিয়াল ছান ফ্ৰান্সিস্কোলৈ যায়। ইয়াৰ পিছত পিতৃৰ বাইপাছ চাৰ্জাৰীৰ বাবে তেওঁলোক টেক্সাছলৈ স্থানান্তৰিত হয়।[13] পোৱাৰ্চ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ এজন প্ৰাক্তন সৈনিক।[14] তেওঁ ২০১৭ চনত এভিয়েশ্যন অৰ্ডিনেন্সমেন হিচাপে নৌসেনাত নামভৰ্তি কৰিছিল।[15][16] তেওঁ জাপান আৰু হাৱাইত তিনি বছৰ ধৰি সেৱা আগবঢ়াইছিল।[17]
সংগীত জীৱন
[সম্পাদনা কৰক]২০২০ চনৰ জানুৱাৰী মাহত পোৱাৰ্চে তেওঁৰ টিকটক একাউণ্টটো খোলে। ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা তেওঁ গেমিং আৰু কচপ্লে’ সমলৰ ওপৰত ভিত্তি কৰি টিকটকত সক্ৰিয়ভাৱে ভিডিঅ’ প'ষ্ট কৰিবলৈ আৰম্ভ কৰে। ২০২০ চনৰ আগষ্ট মাহত তেওঁ বিশেষ চৰ্চালৈ আহে, যেতিয়া তেওঁৰ লিপ চিংকিং (ওঁঠ মিলোৱা) ভিডিঅ’সমূহ ভাইৰেল হৈ পৰে। বিশেষকৈ মিলি বি-ৰ "এম টু দ্য বি" গীতটোৰ সৈতে কৰা ভিডিঅ’টোৱে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰে। গীতটোৰ তালে তালে ছন্দময়ভাৱে মূৰ জোকাৰি কৰা তেওঁৰ জুম-ইন ভিডিঅ’টো ইমানেই ভাইৰেল হৈছিল যে ই টিকটকৰ সৰ্বকালৰ আটাইতকৈ বেছি লাইক পোৱা ভিডিঅ’ হিচাপে পৰিগণিত হয়। টিকটকৰ এই সফলতাৰ পিছত তেওঁ এটা ইউটিউব চেনেল আৰু এটা টুইটাৰ পেজ মুকলি কৰে।
পোৱাৰ্চ তেওঁৰ আলপাকা নামৰ খেলনা পুতলাটোৰ বাবেও পৰিচিত।[18][19] ২০২০ চনত তেওঁ 'আৰআইপিএনডিপি এক্স পাকা ক'লাব'ৰেচন' নামৰ এক সীমিত কাপোৰৰ সংগ্ৰহ মুকলি কৰে।[20]
২০২০ চনৰ ডিচেম্বৰ মাহত পোৱাৰ্চৰ বৰ্ধিত জনপ্ৰিয়তাই শীৰ্ষবিন্দু স্পৰ্শ কৰে যেতিয়া খবৰ ওলায় যে দুটা বৃহৎ পেছাদাৰী ই-স্পৰ্টচ সংস্থা — ১০০ থিভছ আৰু ফেজ ক্লেনে তেওঁৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। সেই সময়ত লাইভ ষ্ট্ৰীমাৰ আৰু গেমৰ হিচাপে থকা পোৱাৰ্চক তেওঁলোকে নিজৰ বেনাৰত সমল স্ৰষ্টা হিচাপে ল’ব বিচাৰিছিল।[21]
২০২১ চনৰ মে' মাহত পোৱাৰ্চে ৱাৰ্নাৰ ৰেকৰ্ডছৰ সৈতে এটা ৰেকৰ্ডিং চুক্তিত স্বাক্ষৰ কৰে। ১৪ মে'ত পোৱাৰ্চে তেওঁৰ প্ৰথমটো একক গীত "বিল্ড এ বিটচ" মুক্তি দিয়ে।[22] তেওঁ জনাইছিল যে এই গীতটো তেওঁৰ শৈশৱত নিৰ্যাতিত হোৱা অভিজ্ঞতাৰ দ্বাৰা অনুপ্ৰাণিত।[23] তেওঁ প্ৰকাশ কৰিছিল যে, "ডাঙৰ হৈ আহোঁতে মই নিৰ্যাতনৰ সন্মুখীন হৈছিলোঁ... মই বিচাৰিছিলোঁ মোৰ প্ৰথম গীতটোৰ অৰ্থ ভাল হওক আৰু ই বহুত মানুহক নিজৰ প্ৰতি অধিক আত্মবিশ্বাসী হ’বলৈ সহায় কৰক।" গীতটোৰ সৈতে সংলগ্ন সংগীত ভিডিঅ’টোক বিলবোৰ্ডে "আধুনিক পপৰ এক দুঃসাহসী আৰু কৃষ্ণ হাস্যৰসপূৰ্ণ অংশ" বুলি অভিহিত কৰিছিল। এই ভিডিঅ'টো চাব আৰবান হিচাপে পৰিচিত প্ৰযোজক-গীতিকাৰ ডেনিয়েল ভাৰ্জিল মাইচনয়ুভৰ সহযোগত নিৰ্মাণ কৰা হৈছিল। ভিডিঅ’টোত ভালকিৰে, মিয়া খলিফা, ব্ৰেটমেন ৰক আৰু জেদএইচচি-ৰ দৰে বহুকেইগৰাকী বিশিষ্ট ইণ্টাৰনেট ব্যক্তিত্বক দেখা গৈছিল।[24]
১০০ থিভছৰ পডকষ্ট 'দ্য কাৰেজ এণ্ড নাদেশ্বট শ্ব-ৰ এটা খণ্ডত[25] পোৱাৰ্চে কৈছিল যে তেওঁ সৰুৰে পৰাই এগৰাকী গায়িকা হ’ব বিচাৰিছিল।[26]
২০২২ চনৰ ১২ আগষ্টত পোৱাৰ্চে তেওঁৰ প্ৰথমখন ই পি (বৰ্ধিত প্লে’) ডলছ মুক্তি দিয়ে। ইয়াত তেওঁৰ পূৰ্বৰ একক গীতসমূহ— "বিল্ড এ বিটচ", "ইনফাৰ্নো" আৰু "ডলছ"-ৰ লগতে নতুন ট্ৰেক "ভিলেন", "নো মেনছ লেণ্ড" আৰু "লিভিং হেল" অন্তৰ্ভুক্ত কৰা হৈছে। ই পি-খনৰ সৈতে একেলগে "লিভিং হেল"-ৰ এটা সংগীত ভিডিঅ’ মুক্তি পায়। "ডলছ"-ৰ সংগীত ভিডিঅ’টোত অভিনয় কৰাৰ উপৰিও গ্ৰাইমছে "নো মেনছ লেণ্ড" গীতটোত কণ্ঠদান কৰিছে।[27] ৰোলিং ষ্টোনে ই পি-খনৰ ডাৰ্ক পপ সুৰৰ প্ৰশংসা কৰিছিল।[28] ইয়াৰ উপৰিও ২০২২ চনত ডব্লিউডব্লিউই-ৰ 'এক্সট্ৰিম ৰুলছ' ইভেণ্টৰ বাবে "ভিলেন" গীতটো ব্যৱহাৰ কৰা হৈছিল। ২০২৩ চনৰ ১৫ ছেপ্টেম্বৰত তেওঁ লাউভৰ সৈতে "ক্ৰাছ" নামৰ এটা গীত আৰু সংগীত ভিডিঅ’ মুক্তি দিয়ে।[29]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পোৱাৰ্চ লছ এঞ্জেলছত বাস কৰে।[30] তেওঁ এগৰাকী কচপ্লেয়াৰ।[31][32]
ক'ভিড-১৯ মহামাৰীৰ সময়ত এছিয়ীয় মূলৰ লোকসকলৰ বিৰুদ্ধে বৃদ্ধি পোৱা ঘৃণাৰ বিৰুদ্ধে তেওঁ চচিয়েল মিডিয়াৰ জৰিয়তে এছিয়ান-আমেৰিকান সম্প্ৰদায়ৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।[33] তেওঁ 'ভৌগ' আলোচনীৰ সৈতে হোৱা কথা-বতৰাত নিজৰ অভিজ্ঞতা ভাগ কৰি কৈছিল যে ফিলিপাইনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অহাৰ পিছত এগৰাকী এছিয়ীয় কিশোৰী হিচাপে তেওঁ "ভিন্ন ব্যৱহাৰ" আৰু "হঠাতে আক্ৰমণ"ৰ বলি হৈছিল।[34]
২০২০ চনৰ ছেপ্টেম্বৰ মাহত কোৰীয় চচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে পোৱাৰ্চক তেওঁৰ এটা ভিডিঅ'ত 'ৰাইজিং ছান ফ্লেগ'ৰ দৰে এক টাটু থকাৰ বাবে সমালোচনা কৰিছিল। টাটুটোৱে জাপানী সাম্ৰাজ্যবাদৰ এক প্ৰতীকক বুজাইছিল যিটো পূব এছিয়াৰ লোকসকলৰ বাবে অপমানজনক বুলি গণ্য কৰা হয়। ইয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে আৰু ইয়াক ঢাকি দিয়ে, পৰৱৰ্তী সময়ত টাটুটো সম্পূৰ্ণৰূপে আঁতৰাই পেলায়।[35][36]
২০১৯ চনত তেওঁ টাইলাৰ পোৱাৰ্চৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০২২ চনৰ নৱেম্বৰত তেওঁ বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।[37] ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।[38]
২০২১ চনৰ আগষ্ট মাহত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ যৌন নিৰ্যাতনৰ বলি হৈছিল।[39][40]
টোকা
[সম্পাদনা কৰক]- ↑ এয়া পোৱাৰ্চৰ আইনী নাম। যিহেতু তেওঁক তোলনীয়া হিচাপে গ্ৰহণ কৰা হৈছিল, গতিকে এয়া তেওঁৰ জন্মৰ নামতকৈ পৃথক।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 RPReplay Final 1709153599, https://archive.org, আহৰণ কৰা হৈছে: 2024-11-09
- ↑ Baah, Nana (September 7, 2022). "Soldier, Tiktokker, pop star: The stratospheric rise of Bella Poarch". Dazed. https://www.dazeddigital.com। আহৰণ কৰা হৈছে: November 16, 2024.
- 1 2 Collar, Matt. "Bella Poarch AllMusic Bio". AllMusic. https://www.allmusic.com। আহৰণ কৰা হৈছে: November 16, 2024.
- ↑ "Bella Poarch and Sub Urban Join Forces On Thrilling New Single "Inferno"". Crucial Rhythm. August 12, 2021. https://www.crucialrhythm.com। আহৰণ কৰা হৈছে: November 16, 2024.
- ↑ "TikTok star Bella Poarch confirms filing for divorce". CNN Philippines. November 9, 2022. Archived from the original on September 26, 2021. https://web.archive.org/web/20210926142302/https://www.cnnphilippines.com/। আহৰণ কৰা হৈছে: November 12, 2022.
"What is Bella Poarch's real name?" (en ভাষাত). PopBuzz. https://www.popbuzz.com। আহৰণ কৰা হৈছে: 2023-06-01.
Adriano, Norman (2022-11-07). "Did TikTok star Bella Poarch have a husband?" (en ভাষাত). The Lookout. https://thelookout.com.ph। আহৰণ কৰা হৈছে: 2023-06-01.
Umali, Clara (2022-11-07). "Bella Poarch is the new queen of lowkey relationships" (en-US ভাষাত). WE THE PVBLIC. https://wethepvblic.com। আহৰণ কৰা হৈছে: 2023-06-01. - ↑ "Bella Poarch Birthday" (en ভাষাত). National Today. https://nationaltoday.com। আহৰণ কৰা হৈছে: 2023-09-19.
- ↑ Jennings, Rebecca (December 8, 2020). "Why Bella Poarch's 'M to the B' video was the top TikTok of 2020 Bella is the most followed Filipino Tiktok star". Vox. https://www.vox.com। আহৰণ কৰা হৈছে: May 15, 2021.
- ↑ Strapagiel, Lauren. "Here's Why People Can't Stop Watching Those Bella Poarch Tiktoks". BuzzFeed. https://www.buzzfeednews.com.
- ↑ Kastrenakes, Jacob (December 2, 2020). "TikTok says Bella Poarch's 'M to the B' was its biggest viral video of the year" (en ভাষাত). The Verge. https://www.theverge.com। আহৰণ কৰা হৈছে: February 9, 2021.
- ↑ "Kim Kardashian's Latest SKIMS Swimsuit Campaign Stars Paris Jackson, Bella Poarch, and Madison Bailey". E! Online. 2022-07-28. https://www.eonline.com। আহৰণ কৰা হৈছে: 2024-10-20.
- ↑ "When is Bella Poarch's birthday?" (en ভাষাত). National Today. https://nationaltoday.com। আহৰণ কৰা হৈছে: February 10, 2022.
- ↑ Poarch, Bella (June 17, 2021). "Bella Poarch – H3 Podcast # 247" (en ভাষাত). H3 Podcast. https://www.youtube.com। আহৰণ কৰা হৈছে: September 21, 2021. "When I was three, before I was adopted, I was living with my grandma and it was in the slums. We were very poor."
- ↑ (en ভাষাত) Bella Poarch – H3 Podcast # 247, June 17, 2021, https://www.youtube.com, আহৰণ কৰা হৈছে: June 18, 2021
- ↑ Gamboa, Vianca (September 9, 2020). "Who is Bella Poarch? Get to know the viral Tiktok star that sparked Filipinos' call to #CancelKorea – Manila Bulletin". mb.com.ph. https://mb.com.ph। আহৰণ কৰা হৈছে: September 21, 2021.
- ↑ "Was Bella Poarch Really In The Military? Yes! Learn More Here". December 21, 2021. https://www.operationmilitarykids.org। আহৰণ কৰা হৈছে: 2023-08-30.
- ↑ "Why Bella Poarch Joined the Military". YouTube. June 18, 2021. https://m.youtube.com। আহৰণ কৰা হৈছে: 2023-08-30.
- ↑ Spanos, Brittany (April 22, 2022). "Bella Poarch Conquered Her Past, the Navy, and TikTok. Now She's Coming for Pop Music.". Rolling Stone. https://www.rollingstone.com। আহৰণ কৰা হৈছে: August 8, 2022.
- ↑ "First time you can see Paca". https://vm.tiktok.com/ZS4RvGUC/.
- ↑ "TikTok where Paca is directly referred to". https://vm.tiktok.com/ZS4R7scn/.
- ↑ Haasch, Palmer (May 15, 2021). "How mysterious influencer Bella Poarch shot to fame with TikTok's most-liked video in just a few months". Insider.com. https://www.insider.com/bella-poarch-tiktok-tyga-tattoo-navy-age-military-how-old-2020-10। আহৰণ কৰা হৈছে: May 18, 2022.
- ↑ (en ভাষাত) 100 Thieves AND FaZe Clan Interest in Bella Poarch Tik Tok Star, December 14, 2020, https://www.youtube.com/watch?v=4mXN0NyMPPk, আহৰণ কৰা হৈছে: June 7, 2021
- ↑ Muraro, Alberto (May 4, 2021). "Bella Poarch: Build-A-B**** è il primo singolo della tiktoker" (italian ভাষাত). https://www.gingergeneration.it/n/bella-poarch-build-a-b-e-il-primo-singolo-della-tiktoker-429110-n.htm। আহৰণ কৰা হৈছে: October 25, 2021.
- ↑ "Bella Poarch explains how being bullied inspired 'Build a Bitch' song with Valkyrae". May 14, 2021. https://www.dexerto.com/entertainment/bella-poarch-explains-how-being-bullied-inspired-build-a-bitch-song-with-valkyrae-1573345/। আহৰণ কৰা হৈছে: 2023-08-19.
- ↑ "ZHC". YouTube. https://www.youtube.com/channel/UClQubH2NeMmGLTLgNdLBwXg। আহৰণ কৰা হৈছে: August 1, 2021.
- ↑ (en ভাষাত) Bella Poarch on Valkyrae Music Video Collab & Making the Most Viewed TikTok of 2020, May 13, 2021, https://www.youtube.com/watch?v=NsFFvBATngw, আহৰণ কৰা হৈছে: May 18, 2021
- ↑ Haasch, Palmer (May 14, 2021). "How mysterious influencer Bella Poarch shot to fame with TikTok's most-liked video in just a few months" (en-US ভাষাত). Insider. https://www.insider.com/bella-poarch-tiktok-tyga-tattoo-navy-age-military-how-old-2020-10। আহৰণ কৰা হৈছে: July 10, 2021.
- ↑ Campbell, Erica (August 12, 2022). "Bella Poarch drops EP 'Dolls', shares video for sinister new track 'Living Hell'". NME. https://www.nme.com/news/music/bella-poarch-drops-ep-dolls-shares-video-for-sinister-new-track-living-hell-3289104। আহৰণ কৰা হৈছে: August 13, 2022.
- ↑ Johnston, Maura (August 12, 2022). "Bella Poarch Delivers Darkly Hued Pop With a Winning Sneer on 'Dolls'". Rolling Stone. https://www.rollingstone.com/music/music-album-reviews/bella-porch-dolls-1396246/। আহৰণ কৰা হৈছে: August 13, 2022.
- ↑ "Bella Poarch Recruits Lauv For The Bombastic Pop Song 'Crush'" (en-US ভাষাত). UPROXX. 2023-09-15. https://uproxx.com/pop/bella-poarch-lauv-crush/। আহৰণ কৰা হৈছে: 2023-09-24.
- ↑ Spanos, Brittany (April 22, 2022). "Bella Poarch Conquered Her Past, the Navy, and TikTok. Now She's Coming for Pop Music.". Rolling Stone. https://www.rollingstone.com/culture/culture-features/bella-poarch-tik-tok-build-bitch-1334626/। আহৰণ কৰা হৈছে: August 8, 2022.
- ↑ "Bella Poarch slays in bhie-utiful Nezuko cosplay | ONE Esports" (en-US ভাষাত). www.oneesports.gg. 2024-05-12. https://www.oneesports.gg/cosplay/bella-poarch-slays-nezuko-cosplay/। আহৰণ কৰা হৈছে: 2024-11-27.
- ↑ "Bella Poarch chains our hearts up in mesmerizing Makima cosplay | ONE Esports" (en-US ভাষাত). www.oneesports.gg. 2023-01-14. https://www.oneesports.gg/cosplay/bella-poarch-makima-cosplay/। আহৰণ কৰা হৈছে: 2024-11-27.
- ↑ "Bella Poarch on TikTok". TikTok. https://m.tiktok.com/v/6941545848572546309.html?_r=1। আহৰণ কৰা হৈছে: May 18, 2021.
- ↑ Vogue (April 13, 2021). "Bella Poarch, Lastlings, Saweetie and Shawn Wasabi speak out on anti-Asian racism, fetishization and representation" (en-IN ভাষাত). Vogue India. https://www.vogue.in/culture-and-living/content/bella-poarch-saweetie-shawn-wasabi-and-lastlings-speak-out-about-anti-asian-racism-fetishisation-and-representation। আহৰণ কৰা হৈছে: May 18, 2021.
- ↑ Jun-tae, Ko (September 13, 2020). "Racist remarks on Filipinos stir anger on social media". Korea Herald. http://www.koreaherald.com/view.php?ud=20200913000036.
- ↑ Coulter, Samantha (April 11, 2021). "The Real Reason Bella Poarch Had To Get Her Tattoo Covered Up". The List. https://www.thelist.com/379748/the-real-reason-bella-poarch-had-to-get-her-tattoo-covered-up/। আহৰণ কৰা হৈছে: August 13, 2022.
- ↑ "Bella Poarch is Divorcing Her Secret Husband of Four Years". Paper. November 6, 2022. https://www.papermag.com/bella-poarch-secret-husband-divorce-2658605373.html। আহৰণ কৰা হৈছে: November 6, 2022.
- ↑ Irvin, Jack (2023-10-18). "Bella Poarch's Divorce Finalized as She Reveals Ex-Husband 'Didn't Want to Be in the Spotlight'" (en ভাষাত). People. https://people.com/bella-poarch-divorce-finalized-ex-husband-didnt-want-spotlight-8363594। আহৰণ কৰা হৈছে: 2025-01-25.
- ↑ "Bella Poarch Opens Up About Her Sexual Assault on Sub Urban Collab "Inferno"". https://www.onestowatch.com/en/blog/bella-poarch-opens-up-about-her-sexual-assault-on। আহৰণ কৰা হৈছে: 2023-08-17.
- ↑ "Bella Poarch reveals she was a victim of sexual assault in second MV 'Inferno'". August 16, 2021. https://nextshark.com। আহৰণ কৰা হৈছে: 2023-08-17.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বেলা পোৱাৰ্চ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- বেলা পোৱাৰ্চৰ চেনেল ইউটিউবত