সমললৈ যাওক

বেহৰুজ ঘৰিবপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেহৰুজ ঘৰিবপুৰ
জন্ম ১৯৫০
ছানান্দাজ, ইৰান
পেচা নাট্য পৰিচালক

বেহৰুজ ঘৰিবপুৰ (জন্ম: ১৯৫০, ছানান্দাজ) এগৰাকী ইৰানীয় নাট্য পৰিচালক আৰু পৰম্পৰাগত ফাৰ্চী পুতলা নাটকৰ পথপ্ৰদৰ্শক।[1]

তেওঁ তেহৰাণ বিশ্ববিদ্যালয় আৰু ৰোমৰ ড্ৰামেটিক আৰ্টছ একাডেমী (ছিলভিঅ' ডি আমিকো)-ত নাট্যশাস্ত্ৰ অধ্যয়ন কৰিছিল। তেওঁ তেহৰাণ আৰু ইছফাহানত পুতলা নাটক কেন্দ্ৰ প্ৰতিষ্ঠা কৰে আৰু তেহৰাণৰ এটা কছাইনোদনাক ইৰানৰ আটাইতকৈ ডাঙৰ সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে। থিয়েটাৰ, পুতলা নাটক, চিনেমা, তথ্যচিত্ৰ আৰু দূৰদৰ্শন আদিৰ দৰে ক্ষেত্ৰত তেওঁৰ ৰচনা আৰু পৰিচালনাৰ অভিজ্ঞতা আছে।[2]

ঘৰিবপুৰ কাজাৰ ৰাজবংশৰ সময়ত সচৰাচৰ চৰ্চা হোৱা ইৰানৰ পুতলা নাচৰ ওপৰত কৰা তেওঁৰ গভীৰ গৱেষণামূলক কামৰ বাবে জনাজাত। তেওঁ ইউনিমা (আন্তঃৰাষ্ট্ৰীয় পুতলা নাটক সন্থ)-ৰ সভাপতি আছিল।[3][4]

উল্লেখনীয় কৰ্মৰাজি

[সম্পাদনা কৰক]
  • দাভান্দে (ৰানাৰ) চলচ্চিত্ৰৰ চিত্ৰনাট্য
  • ভিক্টৰ হ্যুগোৰ লে মিজেৰেবল
  • ৰোস্তম এণ্ড ছোহৰাব পুতলা অপেৰা
  • আশুৰা মেৰীঅ'নেট অপেৰা (ইছলামিক বিশ্বৰ প্ৰথমখন আধ্যাত্মিক আৰু মেৰীঅ'নেট অপেৰা)
  • ইছলামিক বিশ্বৰ এজন মহান ৰহস্যবাদী কবিৰ দাৰ্শনিক কাহিনীৰ ওপৰত আধাৰিত ৰুমী
  • ইৰানৰ অন্যতম মহান কবিৰ ইতিহাস আৰু দৰ্শনৰ ওপৰত আধাৰিত হাফেজ[5]
  • ইৰানৰ অন্যতম মহান কবিৰ ইতিহাস আৰু দৰ্শনৰ ওপৰত আধাৰিত সাদী
  • শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে ইৰানৰ প্ৰথম স্থায়ী থিয়েটাৰৰ প্ৰতিষ্ঠাপক (১৯৭৯)
  • বাহমান সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিষ্ঠাপক (পূৰ্বৰ কছাইনোদনা)
  • ইৰানীয় শিল্পী মঞ্চৰ প্ৰতিষ্ঠাপক (পূৰ্বৰ সেনা কেন্দ্ৰ)
  • ইৰানীয় অপেৰাৰ পুনৰুজ্জীৱনকাৰী আৰু ইৰানীয় মেৰীঅ'নেট অপেৰাৰ প্ৰতিষ্ঠাপক (২০০৩): ৰোস্তম এণ্ড ছোহৰাব, মেকবেথ, আশুৰা, ৰুমী (মোলাভী)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Getting Chevalier title from Republic of Italy 2015