বেৰহানে ৰাস-ৱৰ্ক
বেৰহানে ৰাস-ৱৰ্ক (ইংৰাজী: Berhane Ras-Work) (জন্ম-১৯৪০) ইথিঅ'পিয়াৰ এজন মহিলাৰ যৌনাংগ বিকৃতকৰণৰ(FGM) বিৰোধী কৰ্মী। তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিসমূহৰ আন্তঃআফ্ৰিকান সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।[1][1]
জীৱন
[সম্পাদনা কৰক]খ্ৰীষ্টান ইথিঅ'পিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰা বেৰহানে আছফাৱে ইউৰোপীয় পৰিচালিত প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল আৰু পোন্ধৰ বছৰ বয়সত আদিছ আবাবাৰ বৰ্ডিং স্কুলত পঢ়িছিল। জেচুইট বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাত তেওঁ বি এ ডিগ্ৰী লাভ কৰে।[2] আমেৰিকাত প্ৰশিক্ষিত অভিযন্তা টেৰেফে ৰাছ-ৱৰ্কক বিয়া কৰাই ১৯৭০ চনত স্বামীৰ সৈতে জেনেভালৈ যায়।[3] জেনেভাৰ গ্ৰেজুৱেট ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত তেওঁ এম এ ডিগ্ৰী লাভ কৰে।[4] টেলিভিছনৰ এটা অনুষ্ঠানে মহিলাৰ যৌনাংগ বিকৃতিৰ বিষয়ে "তেওঁৰ চিন্তাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল"৷ তেওঁ সচেতনতা বৃদ্ধিৰ হকে কাম কৰিবলৈ চিন্তা কৰিলে ।[3] ১৯৭৭ চনত জেনেভাত বাস কৰা কূটনীতিবিদ আৰু কৰ্মীসকলে মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিৰ ওপৰত এন জি অ’ ৱৰ্কিং গ্ৰুপ প্ৰতিষ্ঠা কৰে। এইটো ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা আই এ চিৰ পূৰ্বসূৰী আছিল। ডাকাৰত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত ৰাস-ৱৰ্কক প্ৰথম আই এ চিৰ সভাপতি নিৰ্বাচিত কৰা হয়।[5]
১৯৯৫ চনত বেৰহানে ৰাস-ৱৰ্কে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা লাভ কৰে।[4] ২০১০ চনত তেওঁক অষ্ট্ৰিয়া গণৰাজ্যৰ সেৱাৰ বাবে গ্ৰেণ্ড ডেকোৰেচন অৱ অনাৰ বঁটাৰে সন্মানিত কৰা হয়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hoskins, Irene (1998). "Speaking out: An interview with Berhane Ras Work, president, the inter-African committee". Ageing International খণ্ড 24 (4): 85–97. doi:10.1007/s12126-998-1027-4.
- ↑ Myriam Meuwly, Les gens: Berhane Ras-Work, la voix des Africaines, Le Temps, 2 June 1998. Accessed 14 December 2020.
- ↑ 3.0 3.1 Claude E. Welch, Jr. (1995). Protecting Human Rights in Africa: Roles and Strategies of Nongovernmental Organizations. University of Pennsylvania Press. পৃষ্ঠা. 94. ISBN 0-8122-1780-2. https://books.google.com/books?id=ge_M9V27_D4C&pg=PA94.
- ↑ 4.0 4.1 George C. Denniston, ed (2013). Sexual Mutilations: A Human Tragedy. Springer Science & Business Media. পৃষ্ঠা. 227. ISBN 978-1-4757-2679-4. https://books.google.com/books?id=TxmsBAAAQBAJ&pg=PA227.
- ↑ Saida Hodzic (2017). The Twilight of Cutting: African Activism and Life After NGOs. Univ of California Press. পৃষ্ঠা. 19–20. ISBN 978-0-520-29199-7. https://books.google.com/books?id=a6swDwAAQBAJ&pg=PA19.
- ↑ Berhane Ras-Work, Convenor of the WG on Violence against Women and Girls receives highest Austrian award, NGOCSW, April 26, 2010. Accessed 14 December 2020.