বৈকুণ্ঠ

বৈকুণ্ঠ (সংস্কৃত: वैकुण्ठ, ৰোমানীকৃত: Vaikuṇṭha)[1] হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাৰ পৰম দেৱতা বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মীৰ নিবাস৷[2][3][4]:17 বৈকুণ্ঠ বিষ্ণুলোক (বিষ্ণুলোক) বুলিও কোৱা হয়, আৰু তামিল ভাষাত তিৰুণাতু (Tirunāṭu) বুলি কোৱা হয়৷[5]
ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ তথা সমাজ সংস্কাৰক ৰামানুজৰ মতে বৈকুণ্ঠ হৈছে পৰম পদ বা নিত্য বিভূতি, "চিৰন্তন স্বৰ্গক্ষেত্ৰ", আৰু ই হৈছে "দৈৱিক অক্ষয় জগত ঈশ্বৰৰ নিবাস"। বৈষ্ণৱ সাহিত্যত বৈকুণ্ঠক চৈধ্য লোকৰ (জগত) ওপৰৰ সৰ্বোচ্চ ৰাজ্য আৰু বিষ্ণুৰ ভক্তসকলে মুক্তি লাভ কৰাৰ পৰম স্থান হিচাপে বৰ্ণনা কৰা হৈছে।[4]:115 বৈকুণ্ঠত যমজ দেৱতা জয় আৰু বিজয়ে দ্বাৰপালক হিচাপে পহৰা দিয়ে।[6] বৈকুণ্ঠত নিয়োজিত বিষ্ণুৰ সৈন্যগণক বিশ্বক্ষেনে নেতৃত্ব দিয়ে।[7] বৈকুণ্ঠৰ ৰাজপ্ৰসাদবোৰ সোণৰ আৰু সুগন্ধি ফল-ফুলে জাতিষ্কাৰ হৈ থকা বাগিচাৰে ভৰপূৰ বুলি বৰ্ণনা কৰা হৈছে।
বৈকুণ্ঠ লোক সত্যলোকৰ পৰা ২৬,২০০,০০০ যোজন (২০৯,৬০০,০০০ মাইল) ওপৰত আৰম্ভ হয়।[8] ইয়াৰ দ্বাৰা ভৌতিক দূৰত্বৰ কথা কোৱা হোৱা নাই। প্ৰচলিত প্ৰায়বোৰ পুৰাণ আৰু বৈষ্ণৱ পৰম্পৰাত বৈকুণ্ঠ মকৰ ৰাশিৰ দিশত অৱস্থিত। ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা সংস্কৰণত কোৱা হৈছে যে বিষ্ণুৰ চকুৱে দক্ষিণ আকাশী মেৰুত অৱস্থান কৰি মহাবিশ্বক প্ৰত্যক্ষ কৰি থাকে।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Prabhupada, His Divine Grace A. C. Bhaktivedanta Swami (1974-12-31) (en ভাষাত). Srimad-Bhagavatam, Fourth Canto: The Creation of the Fourth Order. The Bhaktivedanta Book Trust. পৃষ্ঠা. 1941. ISBN 978-91-7149-637-9. https://books.google.com/books?id=T4VOCgAAQBAJ&dq=vaikuntha+without+anxiety&pg=PT1941.
- ↑ Maehle, Gregor (2012). Ashtanga Yoga The Intermediate Series: Mythology, Anatomy, and Practice. New World Library. পৃষ্ঠা. 207. ISBN 9781577319870. https://books.google.com/books?id=OhYeGdNK0UoC&q=home%20OR%20abode%20%22Vaikuntha%20Vishnu%22%20-lord&pg=PA207. "Vaikuntha (Vishnu's celestial home)"
- ↑ Orlando O. Espín; James B. Nickoloff (2007). An Introductory Dictionary of Theology and Religious Studies. Liturgical Press. পৃষ্ঠা. 539. ISBN 978-0-8146-5856-7. https://books.google.com/books?id=k85JKr1OXcQC&pg=PA539.
- ↑ 4.0 4.1 Gavin Flood, An Introduction to Hinduism (1996).
- ↑ Makarand Joshi. The Tamil Veda Pillan Interpretation Of Tiruvaymoli J Carman And V Narayanan 1989 OCR. পৃষ্ঠা. 125. https://archive.org/details/thetamilvedapillaninterpretationoftiruvaymolijcarmanandvnarayanan1989ocr/page/n135/mode/2up.
- ↑ Ramesh M. Dave, K. K. A. Venkatachari, Śyā. Go Mudgala, Bochasanvasi Shri Aksharpurushottama Sanstha. The bhakta-bhagawan relationship: paramabhakta parmeshwara sambandha : a collection of essays presented in the "Bhakta-Bhagawan Relationship Conference" organised as part of the Aksharbrahman Gunatitanand Swami bicenten[n]ial celebrations, Amdavad, 1985. পৃষ্ঠা. 158.
- ↑ Veṅkaṭanātha (1965) (en ভাষাত). Yatiraja Saptati of Vedanta Desika. Tirumala Tirupati Devasthanams. পৃষ্ঠা. 74. https://books.google.com/books?id=in8PAAAAMAAJ&q=vishvaksena+vaikuntha.
- ↑ Śrīmad Bhāgavatam 5.23.9, archived from the original on 2012-03-06, https://web.archive.org/web/20120306060330/http://vedabase.net/sb/5/23/9/en3, আহৰণ কৰা হৈছে: 2025-02-15, "The Vaikuntha planets begin 26,200,000 yojanas (209,600,000 miles) above Satyaloka."
- ↑ White, David Gordon (2010-07-15). Sinister Yogis. পৃষ্ঠা. 273 with footnote 47. ISBN 978-0-226-89515-4. https://books.google.com/books?id=IsSpbyjw5DMC&pg=PA273.