বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (নেপাল)
| परराष्ट्र मन्त्रालय | |
নেপালৰ প্ৰতীক | |
| সংস্থাৰ ৰূপৰেখা | |
|---|---|
| গঠন | ১৯৫১ |
| ক্ষেত্ৰাধিকাৰ | নেপাল চৰকাৰ |
| দায়বদ্ধ মন্ত্ৰী | সুশিলা কাৰ্কি, নেপালৰ প্ৰধানমন্ত্ৰী |
| সংস্থাৰ কাৰ্যবাহী | অমৃত বাহাদূৰ ৰায়, বৈদেশিক সচিব |
| ৱেবছাইট | www |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় (ইংৰাজী: Ministry of Foreign Affair), বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে অন্য ৰাজ্যৰ সৈতে লেনদেন কৰাৰ সময়ত অন্যান্য মন্ত্ৰ্যালয় আৰু নেপাল চৰকাৰক প্ৰতিনিধিত্ব কৰে।
ইতিহাস
[সম্পাদনা কৰক]১৮১৬ চনত নেপালে প্ৰথমে যুক্তৰাজ্যৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে। পিছলৈ নেপালে ১৯৪৭ চনত ভাৰত আৰু আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে। তদুপৰি ১৯৪৯ চনৰ এপ্ৰিল মাহত ফ্ৰান্সৰ সৈতে। [1]
নেপালৰ বৈদেশিক নীতি
[সম্পাদনা কৰক]নেপালৰ বৈদেশিক নীতিৰ প্ৰধান উদ্দেশ্য হৈছে জাতিটোৰ সাৰ্বভৌমত্ব, ভূ-খণ্ডৰ অখণ্ডতা, আৰু স্বাধীনতা ৰক্ষা কৰি মৰ্যাদা বৃদ্ধি কৰা, আৰু নেপালৰ অৰ্থনৈতিক মংগল আৰু সমৃদ্ধিৰ প্ৰসাৰ। ইয়াৰ লক্ষ্য হৈছে বিশ্ব শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তাত অৰিহণা যোগোৱা।
নেপালৰ বৈদেশিক নীতি তলত উল্লেখ কৰা মৌলিক নীতিসমূহৰদ্বাৰা পৰিচালিত হয়।
- ইজনে সিজনৰ ভূ-খণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান;
- ইজনে সিজনৰ অভ্যন্তৰীণ কামত হস্তক্ষেপ নকৰা;
- পাৰস্পৰিক সমতাৰ প্ৰতি সন্মান;
- অ-আগ্ৰাসন আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধান;
- পাৰস্পৰিক লাভৰ বাবে সহযোগিতা;
- ৰাষ্ট্ৰসংঘৰ চনদত অটল বিশ্বাস;
- বিশ্ব শান্তিৰ গুৰুত্ব।
নেপালৰ সংবিধানৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বৈদেশিক নীতিৰ বিধান
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় স্বাৰ্থ (ধাৰা ৫.১)
[সম্পাদনা কৰক]নেপালৰ স্বাধীনতা, সাৰ্বভৌমত্ব, ভূ-খণ্ডৰ অখণ্ডতা, জাতীয়তা, স্বাধীনতা আৰু মৰ্যাদা, নেপালৰ জনসাধাৰণৰ অধিকাৰ, সীমান্ত সুৰক্ষা, অৰ্থনৈতিক মংগল, সমৃদ্ধি নেপালৰ জাতীয় স্বাৰ্থৰ মৌলিক উপাদান হ’ব।
নিৰ্দেশনামূলক নীতিসমূহ (ধাৰা ৫০.৪)
[সম্পাদনা কৰক]ৰাষ্ট্ৰই নিজৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক বিশ্ব সম্প্ৰদায়ত জাতিটোৰ মৰ্যাদা বৃদ্ধিৰ দিশত নিৰ্দেশিত কৰিব, একে সময়তে সাৰ্বভৌম সমতাৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বজাই ৰাখিব, নেপালৰ স্বাধীনতা, সাৰ্বভৌমত্ব, ভূ-খণ্ডৰ অখণ্ডতা, আৰু স্বাধীনতা, আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব।
ৰাজ্যিক নীতি (ধাৰা ৫১)
[সম্পাদনা কৰক]নেপালৰ সাৰ্বভৌমত্ব, ভূ-খণ্ডৰ অখণ্ডতা, স্বাধীনতা, আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সক্ৰিয় হৈ থকাৰ সময়তে ৰাষ্ট্ৰসংঘৰ চনদ, অসংলগ্নতা, পঞ্চশীলৰ নীতি, আন্তঃৰাষ্ট্ৰীয় আইন, আৰু বিশ্ব শান্তিৰ নীতি-নিয়মৰ ওপৰত ভিত্তি কৰি জাতিটোৰ সামগ্ৰিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এক স্বতন্ত্ৰ বৈদেশিক নীতি পৰিচালনা কৰা।
সমতা আৰু পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত বিগত সন্ধি আৰু চুক্তিসমূহ পৰ্যালোচনা কৰা।
ভূমিকা, দায়িত্ব, আৰু কাৰ্য্য
[সম্পাদনা কৰক]নেপাল চৰকাৰৰ (ব্যৱসায় আবণ্টন) নিয়ম অনুসৰি, ২০৬৯ (২০১২) বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তলত দিয়া ভূমিকা, দায়িত্ব আৰু কাৰ্য্য আছে[2]
- বিদেশী জাতিৰ সৈতে সম্পৰ্ক
- বিদেশত নেপালৰ প্ৰতিনিধিত্ব
- বিদেশত নেপালৰ প্ৰচাৰ
- বিদেশত পাছপ'ৰ্ট আৰু ভিছা প্ৰদান কৰা হ'ব
- আতিথ্য ব্যৱস্থাপনা
- প্ৰট'কল
- নিজ নিজ চৰকাৰৰদ্বাৰা নেপালী বা বিদেশী নাগৰিকৰ কোনো ব্যক্তিৰ ওপৰত দাবী।
- কূটনৈতিক সুৰক্ষা আৰু বিশেষাধিকাৰ
- বিদেশত থকা নেপালী নাগৰিকৰ ৰেকৰ্ড আৰু তেওঁলোকৰ অধিকাৰ, স্বাৰ্থ আৰু সুৰক্ষা।
- অনাবাসী নেপালী
- অৰ্থনৈতিক কূটনীতি
- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজহুৱা আৰু বেচৰকাৰী সংস্থাসমূহৰ উন্নয়ন আৰু প্ৰসাৰ
- কনছুলাৰ প্ৰেকটিছ
- ৰাষ্ট্ৰসংঘ, দক্ষিণ এছিয়ান এছ’চিয়েচন অৱ ৰিজিঅ’নেল ক’অপাৰেচন আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংস্থা
- নেপালত বিদেশী কূটনৈতিক অভিযান
- কূটনৈতিক পৰ্যায়ত আলোচনা আৰু চুক্তি (যিবোৰ বিষয় আন কোনো মন্ত্ৰ্যালয়ৰ অধীনত নপৰে)
- নেপাল বৈদেশিক সেৱাৰ পৰিচালনা।
পঞ্চশীলৰ নীতি
[সম্পাদনা কৰক]সংস্কৃত শব্দৰে গঠিত পঞ্চশীলে সাধাৰণতে পালন কৰিবলগীয়া পাঁচটা নিয়ম বা নীতিৰ গোটক বুজায়। ই নেপালৰ বৈদেশিক পৰিক্ৰমাৰ মূল নীতি। ইয়াৰ মূল লক্ষ্য হৈছে সহযোগী দেশসমূহৰ মাজত শান্তিপূৰ্ণ কূটনৈতিক সম্পৰ্ক গঢ়ি তোলা আৰু অধিক শক্তিশালী আৰু উষ্ণ সম্পৰ্ক গঢ়ি তোলা।
পাঁচটা নিয়মৰ গোট
[সম্পাদনা কৰক]- ভূ-খণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান।
- দেশসমূহৰ অভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ।
- দেশ আক্ৰমণ নকৰা।
- পাৰস্পৰিক সহযোগিতা আৰু লাভালাভ বৃদ্ধি।
- শান্তিপূৰ্ণ সহাৱস্থানৰ নীতি পালন।
সাংগঠনিক গাঁথনি
[সম্পাদনা কৰক]বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত দুটা বিভাগ আছে:
- পাছপ'ৰ্ট বিভাগ, নাৰায়ণহিটি, কাঠমাণ্ডু (website)
- কনছুলাৰ সেৱা বিভাগ, ত্ৰিপুৰেশ্বৰ, কাঠমাণ্ডু (website) Archived 2024-05-16 at the Wayback Machine
মন্ত্ৰ্যালয়ে ২০০৫ চনৰপৰা সীমান্তৱৰ্তী বীৰগঞ্জ চহৰত এটা যোগাযোগ কাৰ্যালয় চলাই আহিছে। [3]
মন্ত্ৰ্যালয়ে কাঠমাণ্ডুৰ ত্ৰিপুৰেশ্বৰত বৈদেশিক পৰিক্ৰমা প্ৰতিষ্ঠান (আই এফ এ) পৰিচালনা কৰে।[4]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Diplomatic Relations". Ministry of Foreign Affairs - Government of Nepal. Archived from the original on 2011-10-01. https://web.archive.org/web/20111001072745/http://www.mofa.gov.np/diplomaticRelation/index.php। আহৰণ কৰা হৈছে: 15 May 2012.
- ↑ "Archived copy". http://www.lawcommission.gov.np/en/documents/2015/08/government-of-nepal-allocation-of-business-rules-2069-2012.pdf। আহৰণ কৰা হৈছে: 2017-08-04.
- ↑ "Liaison Office, Birgunj". Ministry of Foreign Affairs - Government of Nepal. Archived from the original on 10 October 2017. https://web.archive.org/web/20171010212043/http://mofa.gov.np/the-ministry/liaison-officebirgunj/। আহৰণ কৰা হৈছে: 10 October 2017.
- ↑ "Institute of Foreign Affairs". Ministry of Foreign Affairs Nepal MOFA. http://mofa.gov.np/the-ministry/institute-of-foreign-affairs/.[সংযোগবিহীন উৎস]