বৈদ্যনাথ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৈদ্যনাথ জ্যোতিৰ্লিংগ, দেওগড়, ঝাৰখণ্ড
Group of temples with pyramid shaped Shikhara
১৭৮২ খ্ৰীষ্টাব্দত অংকিত বৈদ্যনাথ মন্দিৰৰ তৈলচিত্ৰ, অংকন: উইলিয়াম হগ

বৈদ্যনাথ মন্দিৰ ভাৰতৰ অন্যতম প্ৰধান তীৰ্থস্থান। শিৱৰ বাৰ জ্যোতিৰ্লিংগৰ ভিতৰত বৈদ্যনাথ মন্দিৰৰ শিৱলিংগকো এক হিচাপে গণ্য কৰা হয়। সেয়েহে ভাৰতৰ শৈৱ উপাসক সকলে বৈদ্যনাথ মন্দিৰ দৰ্শনত চৰম সাৰ্থকতা বিচাৰি পায়। পৌৰাণিক আখ্যানৰ ভিত্তিত নিৰূপণ কৰা বৈদ্যনাথ জ্যোতিৰ্লিংগৰ প্ৰকৃত অৱস্থিতি লৈ অৱশ্যে যথেষ্ঠ মতানক্য আছে। বৈদ্যনাথ মন্দিৰ ভাৰত বিহাৰ ৰাজ্যৰ অন্তৰ্গত ঝাৰখণ্ড ৰাজ্যৰ দেওগড় নামে ঠাইত অৱস্থিত।

তিনিখন ভিন্ন ভিন্ন স্থানৰ শিৱলিংগক বৈদ্যনাথ জ্যোতিৰ্লিংগ হিচাপে সেই স্থান অধিবাসীসকলে দাবী প্ৰদৰ্শন কৰে। এই তিনি তীৰ্থস্থান হ’ল-

  1. বৈদ্যনাথ জ্যোতিৰ্লিংগ, দেওগড়, ঝাৰখণ্ড
  2. বৈজ্যনাথ মন্দিৰ, পাৰ্লী, মহাৰাষ্ট্ৰ
  3. বৈজ্যনাথ মন্দিৰ, বৈজ্যনাথ, হিমাচল প্ৰদেশ

বৈদ্যনাথ মন্দিৰৰ পৌৰাণিক আখ্যান[সম্পাদনা কৰক]

পৌৰাণিক আখ্যান মতে লংকাপতি ৰাৱণে মাক কৈকেশীৰ পৰামৰ্শমতে এই কথাত আশ্বস্ত হয় যে, যদিহে মহাদেৱক কৈলাশৰ পৰা আহি লংকাত বসতি স্থাপন কৰিবলৈ সৈমান কৰিব পৰা যায়, তেন্তে লংকা নগৰী চিৰদিনলৈ শত্ৰুৰ পৰা অজেয় হৈ ৰ’ব। সেই গতিকে ৰাৱণে কৈলাশলৈ গৈ মহাদেৱৰ স্ত্তুতি কৰিবলৈ আৰম্ভ কৰে। কিন্ত্ত ৰাৱণৰ কঠোৰ তপস্যাটো মহাদেৱ সন্ত্তষ্ট নোহোৱাত উপায়হীন হৈ শেষত ৰাৱণে নিজকে শিৰচ্ছেদ কৰি মহাদেৱক আহুতি আগবঢ়াবলৈ উদ্যত হয়। ৰাৱণে এটা এটাকৈ নিজৰ নটাকৈ মূৰ তপ যজ্ঞত আহুতি দিয়াৰ পিছক্ষণতে মহাদেৱ আহি উপস্থিত হয় আৰু ৰাৱণক মনোবাঞ্চিত বৰদান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাৱণে তেতিয়া মহাদেৱক লংকালৈ আহি বাস কৰিবলৈ অনুৰোধ কৰে। মহাদেৱে এই কথাত নিজৰ অপাৰগতা বৰ্ণনা কৰি কয় যে তেওঁ ৰাৱনক এক জ্যোতিৰ্লিংগ প্ৰদান কৰিব আৰু সেই জ্যোতিৰ্লিংগ লংকাত স্থাপন হোৱাটোৱে লংকা নগৰীক শত্ৰুৰ পৰা চিৰদিন অজেয় কৰি ৰাখিব। লগতে এই বুলিও সাৱধান বাণী শুনালে যে যদিহে যাত্ৰাকালত ৰাৱণে সেই জ্যোতিৰ্লিংগক মাটিত স্পৰ্শ কৰাই তেন্তে সেই জ্যোতিৰ্লিংগ সেই স্থানতে চিৰদিনলৈ প্ৰতিষ্ঠিত হৈ ৰ’ব। ৰাৱণ এই কথাত পৰম হৰ্ষিত হৈ জ্যোতিৰ্লিংগৰ সৈতে নিজৰ পুষ্পক বিমানত উঠি লংকালৈ প্ৰস্থান কৰে। ইফালে এই বতৰা পাই দেৱতাসকলৰ মাজত হাহাকাৰ লাগে আৰু সকলোৱে মিলি দেৱৰ্ষি নাৰদৰ পৰামৰ্শ মতে ভগৱান গনেশৰ শৰণাপন্ন হয়। যাত্ৰাপথত ৰাৱনে কোনো কাৰণত মাটিত অৱতৰণ কৰিবলৈ বাধ্য হয়। ৰাৱণে ওচৰে পাজৰে বিচাৰি এজন গৰখীয়া ল’ৰাক দেখি তেওঁকে সেই জ্যোতিৰ্লিংগটি খন্তেক সময় ধৰি ৰাখিবলৈ কয়। সেই গৰখীয়া ল’ৰা জন আছিল দেৱতা গণেশ। ৰাৱণৰ অলক্ষিতে তেওঁ ততাতৈয়াকৈ জ্যোতিৰ্লিংগটি ভূমিত স্থাপন কৰে আৰু অন্তৰ্ধান হয়। ৰাৱণে অলেখ চেষ্টা কৰিও জ্যোতিৰ্লিংগ পুনৰোদ্ধাৰ কৰিব নোৱাৰি বিমৰিষ মনেৰে লংকালৈ ৰাওনা হয়। দেৱতা সকলে নিজ উদ্দেশ্যত সফল হৈ সেই স্থানত আহি জ্যোতিৰ্লিংগৰ পূজা-অৰ্চনা কৰে আৰু সেই জ্যোতিৰ্লিংগই আজিলৈ বৈদ্যনাথ জ্যোতিৰ্লিংগ হিচাপে বিৰাজমান হৈ আছে। [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lochtefeld, James G. (2002), The Illustrated Encyclopedia of Hinduism: A-M, Rosen Publishing Group, p. 122, ISBN 0-8239-3179-X

বাহ্যিক সংযোগ[সম্পাদনা কৰক]